সীমান্তৰ দ্বিপাক্ষিক সমস্যাত তৃতীয় পক্ষৰ স্থান নাই
আমেৰিকা যুক্তৰাষ্ট্রৰ প্রতিৰক্ষা সচিব মাইক প’ম্পি’ৰ সকীয়নিৰ পিছত চীনৰ প্রতিক্রিয়া
নিয়মীয়া বাৰ্তা ২৯ অক্টোবৰঃ ভাৰতৰ সার্বভৌমত্বৰ প্রতি ভাবুকিৰ সৃষ্টি কৰা চীনক আমেৰিকা যুক্তৰাষ্ট্রৰ প্রতিৰক্ষা সচিব মাইক প’ম্পি’ই সকীয়নি দিয়াৰ পিছতে চীনে তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে৷ লাডাখৰ গালৱান উপত্যকাত চীনা সৈন্যৰ হাতত ২০ ভাৰতীয় জোৱান শ্বহীদ হোৱাৰ পিছতে অঞ্চলটোত উত্তেজনা অব্যাহত থকাৰ মাজতে আমেৰিকা আৰু ভাৰতৰ +২ বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত অংশ লোৱা মার্কিন প্রতিৰক্ষা সচিব প’ম্পি’ই ভাৰতৰ পক্ষত থিয় দি কালি চীনক দখলদাৰী ভূমিকা নল’বলৈ সকীয়নি দিয়ে৷ ইয়াৰ পিছতেই আজি চীনৰ ৰাষ্ট্রদূত কার্যালয়ে মার্কিন প্রতিৰক্ষা সচিব প’ম্পি’ৰ মন্তব্যৰ বিৰোধিতা কৰি তীব্র প্রতিক্রিয়া প্রকাশ কৰে৷ চীনৰ ৰাষ্ট্রদূত কার্যালয়ে বিবৃতিযোগে প্রকাশ কৰে যে সীমান্তৰ সমস্যা চীন আৰু ভাৰতৰ মাজৰ দ্বিপাক্ষিক বিষয়৷ দুয়োপক্ষই আলোচনাৰ জৰিয়তে সীমান্তৰ উত্তেজনা শাম কটোৱাৰ লগতে সমস্যা সমাধান কৰিবলৈ সামৰিক আৰু কূটনৈতিক প্রক্রিয়া অব্যাহত ৰাখিছে৷ চীন আৰু ভাৰতৰ মাজত সৃষ্টি হোৱা বিভেদ আঁতৰ কৰাৰ বাবে জ্ঞান আৰু সক্ষমতা আছে৷ গতিকে এই বিষয়টোত হস্তক্ষেপ কৰাৰ বাবে তৃতীয় পক্ষৰ কোনো স্থান নাই৷ তদুপৰি চীনে আমেৰিকা যুক্তৰাষ্ট্রক আহ্বান জনাই কয় যে দেশখনে পৰিস্থিতিৰ প্রকৃত তথ্য আৰু সত্যক সন্মান জনাওক৷ কিয়নো দুই দেশৰ দ্বিপাক্ষিক সম্পর্কৰ মাজত আইনী অধিকাৰ আৰু তৃতীয় পক্ষৰ স্বার্থৰ কোনো গুৰুত্ব নাথাকে৷ বিবৃতিত এই কথাও স্পষ্ট কৰি দিয়ে যে আমেৰিকা যুক্তৰাষ্ট্রই তথাকথিত চীনৰ ভাবুকি মন্তব্য প্রত্যাহাৰ কৰাৰ লগতে শীতল যুদ্ধৰ মানসিকতা ত্যাগ কৰক৷ তদুপৰি আমেৰিকাই ভূ–ৰাজনৈতিক প্রতিদ্বন্দ্বিতাৰ সৃষ্টি কৰাৰ অভিযোগ তুলি চীনে দেশখনক নিজৰ দমন বর্তাই ৰখাৰ পৰিকল্পনা ত্যাগ কৰিবলৈও আহ্বান জনায়৷ উল্লেখ্য যে লাডাখৰ এল এ চিত চীন আৰু ভাৰতৰ মাজত সংঘাত চলি থকাৰ মাজতে যোৱা সোমবাৰৰ পৰা মঙলবাৰলৈ দুদিনীয়াকৈ আমেৰিকা আৰু ভাৰতৰ বৈদেশিক আৰু প্রতিৰক্ষা বিভাগৰ +২ বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত ভাৰতৰ প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং আৰু বৈদেশিক পৰিক্রমা মন্ত্রী এছ জয়শংকৰে উচ্চ পর্যায়ৰ বিষয়াৰ অংশগ্রহণেৰে আমেৰিকা যুক্তৰাষ্ট্রৰ প্রতিৰক্ষা সচিব মাইক প’ম্পি’ আৰু বৈদেশিক সচিব মার্ক টি এছপাৰৰ সৈতে বৈঠকত মিলিত হয়৷