ভাৰতৰ আক্রমণৰ আশংকাত অভিনন্দনক মুক্তি
নিয়মীয়া বাৰ্তা ৩০ অক্টোবৰঃ ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ অভিনন্দন বর্তমানক ২০১৯ চনৰ ফেব্রুৱাৰীত পাকিস্তানে মাত্র ৬০ ঘণ্টাৰ পাছতে মুক্তি দিছিল৷ অভিনন্দনক মুক্তি দিছিল পাকিস্তানে ভাৰতৰ আক্রমণৰ ভয়ত৷ দেশখনৰ বিৰোধী নেতা আয়াজ ছাদিকে ‘দুনীয়া’ নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই কথা উল্লেখ কৰিছে৷ পাক বিদেশ মন্ত্রী কুৰেশ্বিয়ে এক গুৰুত্বপূর্ণ বৈঠকত অভিনন্দনক মুক্তি দিবলৈ অনুৰোধ জনাইছিল৷ যদি অভিনন্দনক মুক্তি দিয়া নহয়, তেন্তে নিশা ৯ বজাৰ ভিতৰতে ভাৰতে পাকিস্তানৰ ওপৰত আক্রমণ চলাব বুলিও উল্লেখ কৰিছিল কুৰেশ্বিয়ে৷ শেহতীয়াকৈ এই কথা সদৰী কৰিছে পি এম এল–এনৰ নেতা আয়াজ ছাদিকে৷ নেতাগৰাকীয়ে উল্লেখ কৰা অনুসৰি বিদেশ মন্ত্রী কুৰেশ্বিয়ে সেনা জেনেৰেল কামাৰ জাভেদ বাজৱা তথা সংসদীয় নেতাসকলৰ সৈতে হোৱা বৈঠকত এই অনুৰোধ জনাইছিল৷ শেহতীয়াকৈ এই ঘটনাক কেন্দ্র কৰি উত্তপ্ত হৈছে পাকিস্তান৷