নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰয়োজন হলে বিজেপিক সৰ্মথন জনাব বি এছ পি য়ে

নিয়মীয়া বাৰ্তা ৩০ অক্টোবৰঃ উত্তৰ প্রদেশত পাঁচগৰাকী বি এছ পি বিধায়কে সমাজবাদী পার্টীত (এছপি) যোগদান কৰাৰ পাছতে ক্ষুব্ধ হৈ পৰিছে বি এছ পি নেত্রী মায়াৱতী৷ ৰাজ্যখনৰ প্রাক্তন মুখ্যমন্ত্রী তথা বি এছ পিৰ শীর্ষ নেত্রী মায়াৱতীয়ে উল্লেখ কৰিছে যে আগন্তুক বিধান পৰিষদৰ নির্বাচনত সমাজবাদী পার্টীক পৰাভূত কৰিবলৈ বি এছ পিয়ে যিকোনো দলকেই সমর্থন জনাব৷ আনকি বিজেপিকো সমর্থন জনাব দলটোৱে৷ লক্ষণীয়ভাৱে নেত্রীগৰাকীয়ে বি এছ পিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক সতীশ চন্দ্র মিশ্রক সমাজবাদী পার্টীয়ে অপমান কৰি উত্তৰ প্রদেশৰ ব্রাহ্মণ সমাজক অসন্মান কৰা বুলিও উল্লেখ কৰিছে৷ একে সময়তে নেত্রীগৰাকীয়ে ১৯৯৫ চনত সমাজবাদী পার্টীৰ বিৰুদ্ধে এক গোচৰ বন্ধ কৰাটো ডাঙৰ ভুল আছিল বুলি  মন্তব্য কৰিছে৷ বিধান পৰিষদৰ নির্বাচনত সমাজবাদী পার্টীৰ প্রার্থীৰ পৰাজয় নিশ্চিত কৰিবলৈ সকলো পদক্ষেপ গ্রহণ কৰিব বুলি ক্ষুব্ধ নেত্রীগৰাকীয়ে উল্লেখ কৰাৰ লগে লগে ৰাজ্যখনৰ ৰাজনীতিলৈ আহি পৰিছে নতুন সমীকৰণ৷

You might also like