বোকাজান আৰক্ষীৰ সফলতাঃ তিনি দুৰ্ধৰ্ষ চোৰ আটক, উদ্ধাৰ ৩খন মটৰচাইকেল
নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰঃ আন্তঃৰাজ্যিক গাড়ীচোৰ চক্ৰই পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ মাজেৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা চুবুৰীয়া ৰাজ্যলৈ চুৰি গাড়ী সৰবৰাহ প্ৰক্ৰিয়া অব্যাহত ৰখাৰ সমান্তৰালকৈ পাহাৰীয়া জিলাখনতো এক শক্তিশালী গাড়ীচোৰ চক্ৰ সক্ৰিয় হৈ পৰাৰ তথ্য পোহৰলৈ আহিছে।
বিগত কেইটামান মাহত জিলাখনৰ বিভিন্ন প্ৰান্তত ব্যাপক হাৰত দুচকীয়া বাহন চুৰিৰে একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰি অহা এক বৃহৎ গাড়ীচোৰ চক্ৰৰ তিনি দুৰ্ধৰ্ষ সদস্যক বোকাজান আৰক্ষীয়ে অভিযান চলাই আটক কৰাৰ লগতে তিনিখনকৈ চুৰি মটৰচাইকেল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
আৰক্ষী সূত্ৰে লাভ কৰা তথ্য অনুসৰি, যোৱা ২৮ অক্টোবৰৰ বিয়লি বোকাজানৰ সৰিয়হজান এলেকাৰ পৰা গাড়ীচোৰৰ দলে এখন মটৰচাইকেল চুৰ কৰি নিয়াৰ তথ্য লাভ কৰি বোকাজান থানাৰ মহিলা উপ-পৰিদৰ্শক থাদৈ সিনহাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে তৎপৰতাৰে গাড়ীচোৰৰ দলটোৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। আৰক্ষীৰ দলটোৱে খেদি নি চোৰৰ দলটোৰ এগৰাকী সদস্যক খটখটি থানাৰ সমীপত আটক কৰিবলৈ সক্ষম হয়।
ধৃত দুৰ্ধৰ্ষ গাড়ীচোৰটো হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত চৌধুৰী বজাৰৰ মহম্মদ ইছলাম উদ্দিন ওৰফে আফজল বুলি চিনাক্ত কৰা হৈছে। ধৃত চোৰটোৰ সৈতে আৰক্ষীয়ে এখন নীলা ৰঙৰ আপাচী মটৰচাইকেল জব্দ কৰিবলৈ সক্ষম হয়। জব্দ হোৱা মটৰচাইকেলখন যোৱা দশমীৰ বিয়লি বকলীয়াঘাটৰ পৰা চুৰ কৰি নিয়া বুলি আৰক্ষীয়ে ইতিমধ্যে নিশ্চিত কৰিছে।
উল্লেখ্য যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা ইছলাম উদ্দিন নামৰ মটৰচাইকেল চোৰটোৰ স্বীকাৰোক্তিৰ ভিত্তিত পুনৰ বোকাজান আৰু খটখটি আৰক্ষীয়ে এক যুটীয়া অভিযান চলাই খটখটি থানাৰ অন্তৰ্গত দুদু কলনিৰ পৰা আন দুটা দুৰ্ধৰ্ষ মটৰচাইকেল চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
ধৃত গাড়ীচোৰ দুটা ক্ৰমে হোজাই জিলাৰ ডবকা থানাৰ অন্তৰ্গত ডবকা ৰাজবাৰীৰ মহম্মদ ছাইদুল ইছলাম আৰু চৰাইদেউ জিলাৰ সোণাৰী থানাৰ অন্তৰ্গত পুৱাৰাণ টৌকা চাহ বাগিচাৰ মহম্মদ আমিৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে। পৰৱৰ্তী পৰ্যায়ত ধৃত এই দুয়োটা চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই পুনৰ আন এখন আপাচী আৰু এখন আৰ-১৫ মটৰচাইকেল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।