টাইৱানৰ সামৰিক বাহিনীৰ বিবাহ অনুষ্ঠানত সমকামীক সুযোগ
নিয়মীয়া বাৰ্তা ৩১ অক্টোবৰঃ টাইৱানৰ সামৰিক বাহিনীৰ সমূহীয়া বিবাহত প্রথমবাৰলৈ দুহাল সমকামী দম্পতীক অংশগ্রহণৰ সুযোগ দিয়া হৈছে৷ স্মর্তব্য যে এছিয়াৰ একমাত্র অঞ্চল হৈছে টাইৱান, য’ত সমকামী বিবাহক বৈধতা প্রদান কৰা হৈছে৷ প্রতিবছৰে টাইৱানৰ সামৰিক বাহিনীত আয়োজন কৰা হয় সমূহীয়া বিবাহ অনুষ্ঠান৷ কিন্তু প্রথমবাৰৰ বাবে সমকামী দম্পতীক এই বিবাহ অনুষ্ঠানত অংশগ্রহণৰ সুযোগ দিয়া হৈছে৷ টাইৱানে সমকামী বিবাহত বৈধতা প্রদান কৰি সামৰিক বাহিনীৰ সামূহিক বিবাহ অনুষ্ঠানত তেওঁলোকক অংশগ্রহণ কৰিবলৈ দিয়া বিষয়টোত উৎসাহিত হৈ এক সমকামী দম্পতীয়ে কৈছে যে দেশখনৰ সামৰিক শক্তিক সমলিংগ বিবাহে অধিক শক্তি প্রদান কৰিব৷ স্মর্তব্য যে যোৱা বছৰ টাইৱানে সমলিংগ বিবাহক বৈধতা প্রদান কৰাৰ পিছত এতিয়ালৈকে ৪ সহস্রাধিক দম্পতী বিবাহপাশত আবদ্ধ হৈছে৷ সংবাদ সংস্থা ‘এপি’ৰ সৈতে হোৱা বার্তালাপত সেনা লেফটেনেণ্ট চেন য়িং–ঝুৱানে উল্লেখ কৰিছে যে টাইৱানৰ সামৰিক বাহিনী হৈছে বিশ্বৰ ভিতৰতে উদাৰ দৃষ্টিভংগীৰ৷