টেংকাৰৰ পৰা তেল চুৰি কৰিবলৈ লওঁতে চিৰাং আৰক্ষীৰ অভিযান
নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ চিৰাং জিলাৰ ঢালিগাঁৱত যোৱা নিশা আৰক্ষীয়ে তেল চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান চলাই এখন ইন্ধন ভৰ্তি ট্ৰাক টেংকাৰ জব্দ কৰে। ঢালিগাঁও থানাৰ অন্তৰ্গত বৈখুনগাঁৱৰ শ্লুইচ গেটৰ সমিপত কালি নিশা প্ৰায় ৯:৩০ বজাত তেল চুৰি চক্ৰৰ সৈতে জড়িত কেইজনমান তেল চোৰে এখন ট্ৰাক টেংকাৰৰ পৰা তেল চুৰিৰ চেষ্টা কৰি থকাৰ খবৰ পোৱা মাত্ৰেই চিৰাং আৰক্ষীয়ে উক্ত স্থানত অভিযান চলায়।
আৰক্ষীৰ উপস্থিতিৰ উমান পাই তেল চুৰিত জড়িত লোক সকলে এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে পৰিত্যক্ত অৱস্থাত এন এল ০১ কিউ/৪১৫৬ নম্বৰত পঞ্জীভুক্ত ইন্ধন ভৰ্তি ট্ৰাক টেংকাৰখন জব্দ কৰি ঢালিগাঁও থানালৈ লৈ যায়। চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে যোৱা নিশাৰ অভিযানত টেংকাৰ খন জব্দ কৰা বুলি আজি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।
ঢালিগাঁও থানাত ২৯৭/২০২০ নম্বৰ গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ড বিধি আইনৰ ধাৰা ৩৭৯/৪১১/২৮৫ ত তথা RW section 23 of Patrolium Act,1934 & section 7 of EC Act.ৰ অধীনত ঘটনাৰ লগত জড়িত সকলক আটক কৰিবলৈ আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে। উল্লেখ্য যে শোধনাগাৰৰ পৰা ইন্ধন সৰবৰাহ কৰা ট্ৰাক টেংকাৰসমূহে ইন্ধন ভৰ্তি কৰাৰ পাছত গন্তব্য স্থানত উপস্থিত হৈ ইন্ধন খালি নকৰা পৰ্যন্ত বাটত অন্য কোনো স্থানত টেংকাৰসমূহ ৰখাব নোৱাৰে, যাৰ বাবে চালকসকলক শোধনাগাৰৰ সমীপত খোৱা-লোৱা কৰাৰ লগতে টেংকাৰসমূহ ৰখাৰ বাবে নিৰ্দিষ্ট স্থানৰ ব্যৱস্থা কৰি দিছে।
ইমানৰ পিছতো একাংশ ইন্ধনভৰ্তি ট্ৰাক টেংকাৰ দুই এজন গৰাকী তথা চালকৰ বাসগৃহৰ চৌহদত ৰখাই ডিজেল,পেট্ৰ’ল আৰু কেৰাচিন আদি টেংকাৰৰ পৰা চুৰ কৰি ৰমৰমীয়া অবৈধ ব্যৱসায় চলাই আছে। যোৱা নিশা আৰক্ষীয়ে অভিযান চলোৱা স্থানত দীৰ্ঘ সময় ধৰি এই চুৰি কাৰ্য সংঘটিত হৈ আহিছে বুলি বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে।
৩১ ‘গ’ নম্বৰ ৰাষ্ট্ৰীয় পথৰ দাঁতিত থকা এটা গাঁৱলীয়া পথত টেংকাৰসমূহ সুমুৱাই নি তেল চুৰি চক্ৰই এই দুষ্কাৰ্য চলাই আছে। ভিতৰুৱা ঠাই বাবে সহজে কাৰো দৃষ্টিগোচৰ নোহোৱাৰ পূৰ্ণ সুযোগ তেল চুৰি চক্ৰই গ্ৰহণ কৰি আছে বুলিও অভিযোগ উত্থাপন হৈছে।