নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রশ্নই নুঠে ৬০ বছৰেই আছে অৱসৰৰ বয়সঃ ড০ শর্মা

সংবাদ মাধ্যমত কর্মচাৰীৰ অৱসৰৰ বয়স হ্রাসৰ প্রসংগ

নিয়মীয়া বাৰ্তা ৩ নৱেম্বৰঃ কেন্দ্রৰ বিত্তীয় সংকোচনৰ কৌশলী পদক্ষেপৰ অংশস্বৰূপে ৰাজ্য চৰকাৰেও অদক্ষ–কর্মণ্য বিষয়া–কর্মচাৰীসক ৫০ বা ৫৫ বছৰ বয়সত অৱসৰ দিয়াৰ যো–জা চলাইছে বুলি একাংশ সংবাদ মাধ্যমত প্রকাশিত বাতৰি নস্যাৎ কৰিছে বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এই বিষয়ত ৰাজ্য চৰকাৰে কোনোধৰণৰ আলোচনাই কৰা নাই বুলি স্পষ্ট কৰি দি বিত্তমন্ত্রী ড০ শর্মাই সোমবাৰে কয় যে এইটো প্রশ্ণৰ কোনে যুক্তি–আলোচনাৰ থলেই নাই৷ আমাৰ অৱসৰৰ বয়স ৬০ বছৰ, ৬০ বছৰেই আছে৷ এইটো কথা আমাৰ মূৰতেই সোমোৱা নাই৷

উল্লেখ্য যে কালি একাংশ সংবাদ মাধ্যমত অদক্ষ–কর্মণ্য বিষয়া আৰু কর্মচাৰীসকলৰ লগতে অপ্রয়োজনীয় পদত কার্যনির্বাহ কৰি থকাসকলকো ৰাজ্য চৰকাৰে আগতীয়াকৈ অৱসৰ দিয়াৰ যো–জা চলোৱাৰ লগতে এই সম্পর্কীয় ফাইলত ইতিমধ্যে বিত্ত বিভাগে অনুমোদন জনোৱা বুলি বাতৰি প্রকাশ পাইছে৷ প্রকাশিত বাতৰিত উল্লেখ কৰা হৈছিল যে চৰকাৰী কাম–কাজত যিসকল বিষয়া আৰু কর্মচাৰী অদক্ষ–কর্মণ্য আৰু তেওঁলোকৰ যদি ইতিমধ্যে ৫০ বা ৫৫ বছৰ বয়স হৈছে, তেওঁলোকক চাকৰিৰ পৰা অৱসৰ দিয়া হ’ব৷ স্বাভাৱিকতে এই বাতৰিয়ে ৰাজ্য চৰকাৰৰ কর্মচাৰী সমাজৰ মাজত বিভ্রান্তি সৃষ্টি কৰিছিল৷

You might also like