ঘুণাসুঁতিত বিধায়ক উৎপলক ঘেৰাও–গ’ বেক ধ্বনি
বানাক্রান্তক ‘চৰিয়াম–চোঁচৰাই নিম’ বুলি গালি দিয়াৰ ক্ষোভ
নিয়মীয়া বাৰ্তা ৩ নৱেম্বৰঃ লখিমপুৰ সমষ্টিৰ বিধায়ক উৎপল দত্ত সোমবাৰে ঘুণাসুঁতিত প্রবল গণ প্রতিৰোধৰ সন্মুখীন হ’বলগীয়া হয়৷ পানীয়ে–মাটিয়ে প্রতিৰোধৰ সন্মুখীন হয় বিধায়কজন৷ ঘুণাসুঁতিৰ বাঘমাৰীত সোমবাৰে আয়োজন কৰা এখন দলীয় কর্মীসভাত অংশগ্রহণ কৰিবলৈ গৈ বিধায়কজনৰ এনে লটি–ঘটি হয়৷ সোৱণশিৰি পাৰ হৈ ঘুণাসুঁতিলৈ দলীয় একাংশ কর্মীক লৈ পুৱাবেলা নাৱেৰে গৈছিল বিধায়ক দত্ত৷ কিন্তু ঘুণাসুঁতিৰ পাৰত উঠিবলৈকে নাপালে দত্তই৷ টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ শতাধিক কর্মী আৰু ৰাইজে তেওঁক নাৱৰ পৰা নমাত বাধা আৰোপ কৰে৷ নাৱৰ পৰাই তেওঁক ঘূৰি যোৱাৰ দাবী জনায় প্রতিবাদকাৰীসকলে৷ বহু সময় ধৰি নাৱতেই আবদ্ধ হৈ পৰে সংগীসহ বিধায়কজন৷ অৱশেষত তেওঁ পাৰলৈ উঠিবলৈ যত্ন কৰে যদিও তেওঁক ঘেৰাও কৰি প্রবল প্রতিবাদ সাব্যস্ত কৰে প্রতিবাদী সংগঠনৰ কর্মীসকলে৷ উৎপল দত্ত মুর্দাবাদ, উৎপল দত্তক ঘুণাসুঁতিত প্রৱেশ কৰিবলৈ দিয়া নহয়, উৎপল দত্তৰ গুণ্ডাগিৰি নচলিব আদি শ্লোগানৰ উপৰি উৎপল দত্তই ক্ষমা খোজক ধ্বনি দি প্রতিবাদকাৰীসকলে উৎপল দত্তক অৱৰোধ কৰি ৰাখে৷ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি৷
উল্লেখ্য যে কিছুদিন পূর্বে দলীয় কার্যসূচী লৈ ঘুণাসুঁতিলৈ যোৱা উৎপল দত্তই এজন বানাক্রান্তক চৰিয়াই দিম, বান্ধি চোঁচৰাই লৈ যাম বুলি হুমকি দিছিল৷ ফলত প্রতিবাদমুখৰ হৈ পৰে মিচিং সংগঠনসমূহ৷ প্রতিবাদ সাব্যস্ত কৰাৰ লগতে সংগঠনসমূহে উৎপল দত্তই ক্ষমা খোজাৰো দাবী জনাইছিল৷ পিছে বিধায়কজনে এই প্রতিবাদ আৰু দাবীৰ প্রতি গুৰুত্ব নিদিলে৷ যাৰ বাবে বিধায়কজন সোমবাৰে পুনৰ উক্ত এলেকালৈ যোৱাৰ সময়ত এনে অনাহূত পৰিস্থিতিৰ সন্মুখীন হয়৷ প্রতিবাদকাৰীসকলে তেওঁক অৱৰোধ কৰি লৈ সন্মুখতে মুর্দাবাদ ধ্বনি দিয়াৰ উপৰি পূর্বৰ ঘটনাৰ বাবে ক্ষমা খোজাৰ দাবী জনায়৷ এনে গণৰোষৰ কবলত পৰি বিব্রত হৈ পৰে বিধায়কজন৷ তেওঁ প্রতিবাদকাৰীসকলক্ বুজনি দিবলৈ বাৰম্বাৰ যত্ন কৰে যদিও ব্যর্থ হয়৷ পুৱাবেলাৰ পৰা বিয়লি পর্যন্ত এনে হৈ–চৈ, চিঞৰ–বাখৰৰ উত্তাল পৰিস্থিতিত অৱৰুদ্ধ হৈ পৰা বিধায়কজনে অৱশেষত কর্মীসভালৈ যোৱাৰ আশা পৰিত্যাগ কৰি বিফল মনোৰথে ঘূৰি আহিবলগীয়া হয়৷ ৰাজহুৱা ককর্থনাৰ মাজত অস্বস্তিত পৰি দলীয় সভাত অংশগ্রহণ কৰিব নোৱাৰাকৈ বিধায়কজন ঘূৰি আহিবলগীয়া হোৱা ঘটনাই তেওঁৰ ৰাজনৈতিক জীৱনলৈ অশনি সংকেত কঢ়িয়াই আনিছে৷ অগপৰ দুর্গ ৰূপে পৰিচিত ঘুণাসুঁতিত এতিয়া অগপবিৰোধী ধ্বনি, বিধায়কৰ প্রৱেশত উজুতি খোৱা কার্যত বিৰোধী দলৰ সুযোগ সৃষ্টি হোৱাটো স্পষ্ট কৰি তুলিছে৷