নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত ৰকিবুল–প্রদ্যুৎ ফৈদৰ প্রচণ্ড মাৰপিট

পর্যবেক্ষকৰ সন্মুখতে অসমৰ কংগ্রেছীৰ লেকামহীন আচৰণ

নিয়মীয়া বাৰ্তা ৪ নৱেম্বৰঃ বাদ–বিসম্বাদত জর্জৰিত ৰাজ্যৰ কংগ্রেছ দলৰ উচ্ছৃংখলতা–লেকামহী আচৰণ আৰু লবীকেন্দ্রিক ৰাজনীতি স্বচক্ষে প্রত্যক্ষ কৰিলে নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম প্রদেশ কংগ্রেছ কমিটীৰ পর্যবেক্ষক জিতেন্দ্র সিঙে৷ কালি নিশা নগাঁৱত স্বয়ং পর্যবেক্ষক সিঙৰ সন্মুখতে চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন আৰু নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈৰ ফৈদৰ মাজত প্রচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়৷ কালি নিশা প্রায় ৯ বজাত জিতেন্দ্র সিং নগাঁও চহৰত উপস্থিত হয়৷ চহৰখনত দুৱাৰমুখ ডিমৰুগুৰি পোৱাৰ লগে লগে জিলাখনত কংগ্রেছ কর্মীসকলে সিঙক উষ্ম আদৰণি জনায়৷ এই আদৰণিৰ সময়তে ৰকিবুল হুছেইন আৰু প্রদ্যুৎ বৰদলৈৰ ফৈদৰ একাংশই ঠেলা–হেঁচা কৰাৰ লগতে অতি দৃষ্টিকটুভাৱে হতাহতিতো লিপ্ত হয়৷ আনকি দুয়োটা ফৈদৰ সমর্থকসকলে নিজ নিজ নেতাৰ সপক্ষে জিন্দাবাদ ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে দলটোৰ ভিতৰচ’ৰাত চলি অহা লবীকেন্দ্রিক ৰাজনীতিৰ ছবিখন উন্মোচিত কৰে৷ কালি নিশাৰ সেই ঘটনাৰ পিছত আজি পুনৰ নগাঁৱত কংগ্রেছৰ লবীকেন্দ্রিক ৰাজনীতিৰ ছবিখন প্রত্যক্ষ কৰে পর্যবেক্ষক জিতেন্দ্র সিঙে৷ আজি পুৱাৰ ভাগত নগাঁও আৱর্ত ভৱনত আয়োজন কৰা এখন নাগৰিক সভাক লৈও ৰকিবুল হুছেইন আৰু প্রদ্যুৎ বৰদলৈ শিবিৰৰ মাজত সংঘাতৰ সৃষ্টি হয়৷ নাগৰিক সভাখন আৰম্ভ হোৱাৰ পূর্বে সাংসদ প্রদ্যুৎ বৰদলৈৰ একাংশ সমর্থকে ৰকিবুল হুছেইনক আৱর্ত ভৱনত প্রৱেশত বাধা প্রদান কৰে৷ ইয়াকে লৈ আৱর্ত ভৱনৰ সন্মুখত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰা দেখি উক্ত স্থানৰ পৰা এটা সময়ত ৰকিবুল হুছেইন আঁতৰি যাবলগীয়া হয়৷ ইয়াৰ পিছত নগাঁও জিলা কংগ্রেছৰ কার্যালয়ত নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ জিলা কংগ্রেছৰ সভাপতি আৰু ব্লক কংগ্রেছৰ সভাপতিসকলৰ সৈতে পর্যবেক্ষক সিং এখন বৈঠকত মিলিত হয়৷ বৈঠকত সিঙে জিলা কংগ্রেছৰ সভাপতি আৰু ব্লক কংগ্রেছৰ সভাপতিসকলৰ পৰা দলৰ সাংগঠনিক স্থিতি সম্পর্কত মতামত গ্রহণ কৰে৷ সেই বৈঠকতে হোজাই জিলাৰ ধলপুখুৰী ব্লক কংগ্রেছৰ সভাপতি মিজবাউল হকে অতি স্পষ্টভাৱে কয় যে নগাঁও জিলা কংগ্রেছ বর্তমান ৰকিবুল হুছেইন আৰু প্রদ্যুৎ বৰদলৈৰ নেতৃত্বত দুভাগত বিভক্ত হৈ পৰিছে৷ এনেকৈ থাকিলে কংগ্রেছৰ ভেটি শক্তিশালী নহ’ব বুলি উল্লেখ কৰি তেওঁ এইক্ষেত্রত প্রদেশ কংগ্রেছৰ পর্যবেক্ষক সিঙৰ হস্তক্ষেপ বিচাৰে৷ লগতে তেওঁ দলীয় স্বার্থত হুছেইন আৰু বৰদলৈক একেলগে দলীয় কাম–কাজ আগবঢ়াই নিবলৈ আহ্বান জনায়৷ এক কথাত ক’বলৈ গ’লে কালি নিশাৰে পৰা আজি দুপৰীয়া পর্যন্ত নগাঁৱত থাকি কংগ্রেছৰ পর্যবেক্ষক জিতেন্দ্র সিঙে ভালদৰে উপলব্ধি কৰিব পাৰিছে অসমত কংগ্রেছ দল এতিয়া লবীকেন্দ্রিক ৰাজনীতিত কেনেদৰে বিধ্বস্ত হৈ পৰিছে আৰু সেই লবীৰ বাবেই কংগ্রেছীসকল কিমান উচ্ছৃংখল আৰু লেকামহীন হৈ পৰিছে৷

এই প্রসংগতে উল্লেখনীয় এয়ে যে প্রদেশ কংগ্রেছৰ পর্যবেক্ষকৰ দায়িত্ব লাভ কৰাৰ পিছত অসম ভ্রমণলৈ অহাৰ পূর্বেই সিঙে ৰাজ্যৰ কংগ্রেছ দলত চলি থকা চৰম অৰাজকতা আৰু বিশৃংখলতাৰ বহু তথ্য লাভ কৰিছিল৷ ইয়াৰ পৰিপ্রেক্ষিতত যোৱা ২৫ অক্টোবৰত প্রদেশ কংগ্রেছৰ ক’ৰ কমিটীৰ সদস্যসকলক এক নির্দেশযোগে প্রদেশ কংগ্রেছ, জিলা কংগ্রেছ, ব্লক কংগ্রেছৰ অজ্ঞাতে দলৰ কোনো নেতাকে কোনো সম্ভাব্য নির্বাচনী প্রার্থীক লৈ নির্বাচনী প্রচাৰ নচলাবলৈ নির্দেশ দিবলগীয়া হৈছিল৷ অভিযোগ অনুসৰি প্রদেশ কংগ্রেছৰ অন্যতম উপ–সভাপতি ৰকিবুল হুছেইনে দলৰ অজ্ঞাতে নিজ পছন্দৰ সম্ভাব্য প্রার্থীৰ হৈ নির্বাচনী প্রচাৰ চলাই আহিছে৷ সেই অভিযোগ লাভ কৰাৰ পিছতে সিঙে তেনেদৰে কঠোৰ সকীয়নি দিবলগীয়া হয়৷ যোৱা ১ নৱেম্বৰত সাতদিনীয়া অসম ভ্রমণৰ কার্যসূচী লৈ ডিব্রুগড়ত উপস্থিত হৈয়েই তেওঁ প্রত্যক্ষ কৰে দলটোৰ ভিতৰচ’ৰাত চলি অহা বাদ–বিসম্বাদৰ প্রথমখন ছবি৷ তেওঁৰ উপস্থিতিতে সেইদিনা ডিব্রুগড়ত জ্যেষ্ঠ কংগ্রেছ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে ৰাজহুৱাভাৱে প্রদেশ কংগ্রেছৰ নেতৃত্ব সলনিৰ দাবী কৰাৰ লগতে কংগ্রেছত পূর্বতেও বিসম্বাদ আছিল আৰু এতিয়াও বিসম্বাদ আছে বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে৷ একে সময়তে মিঞা মিউজিয়াম আৰু বাঙালী মিউজিয়ামক লৈ দলটোৰ দুই বিধায়ক ক্রমে শ্বেৰমান আলী আহমেদ আৰু কমলাক্ষ দে’ পুৰকায়স্থই কৰা বিতর্কিত মন্তব্যও তেওঁৰ দৃষ্টিগোচৰ হয়৷ দলীয় এক সূত্রৰ পৰা জানিব পৰা মতে, ৰাজ্যৰ কংগ্রেছ দলৰ ভিতৰচ’ৰাত চলি থকা এনেধৰণৰ উচ্ছৃংখলতা, লেকামহীন কাম–কাজক লৈ পর্যবেক্ষক সিং অসন্তুষ্ট৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই দলৰ বাবে যথেষ্ট কষ্ট কৰাৰ পিছতো দলটোক শৃংখলাবদ্ধভাৱে পৰিচালনা কৰাত ব্যর্থ হোৱাৰ বাবেই দলৰ ভিতৰচ’ৰাত অৰাজকতা, উচ্ছৃংখলতা বৃদ্ধি পোৱা বুলি তেওঁ একপ্রকাৰ পতিয়ন গৈছে৷ তাৰ অংশ হিচাপেই অসমত দল পৰিচালনাৰ সম্পূর্ণ কর্তৃত্ব একপ্রকাৰ তেওঁ নিজ হাতলৈ টানি আনি কালি যোৰহাটত মুকলিকৈ প্রকাশ কৰিবলৈ বাধ্য হৈছে– বিধায়ক শ্বেৰমান আলী আহমেদ আৰু কমলাক্ষ দে’ পুৰকায়স্থৰ বিৰুদ্ধে দলীয় ব্যৱস্থা গ্রহণ কৰিব৷ আনকি দলৰ আটাইকে শৃংখলা মানি চলিবলৈ সকীয়াই দি তেওঁ কয় যে– অনুশাসন ভংগকাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ মাত্র কেইটামান মিনিট বা ছেকেণ্ডৰহে প্রয়োজন৷ ইপিনে, আজি নগাঁও জিলা কংগ্রেছৰ কার্যালয়ত অনুষ্ঠিত ইয়ং ব্রিগেডৰ সভাত পর্যবেক্ষক সিঙে কয় যে যুৱপ্রজন্মৰ সন্মুখত বহু ডাঙৰ প্রত্যাহ্বান আহি পৰিছে৷ এই প্রত্যাহ্বান যুৱসকলৰ ভৱিষ্যতৰ প্রত্যাহ্বান৷ বিজেপিক ব্রিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত তুলনা কৰি তেওঁ কয় যে দেশৰ স্বাধীনতা আন্দোলনৰ জৰিয়তে যেনেকৈ ইষ্ট ইণ্ডিয়া কোম্পানী খেদি পঠিওৱা হৈছিল, সেইদৰে বিজেপিকো খেদিব লাগিব৷ এইক্ষেত্রত যুৱপ্রজন্মই গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব লাগিব৷ বিজেপি দল অনাগত দিনত শাসনত থাকিলে অসমৰ ধর্ম, ভাষা–সংস্কৃতিৰ ওপৰত বহু ডাঙৰ আক্রমণৰ সন্মুখীন হ’ব লাগিব৷ সেয়ে অসমৰ শোন্তি–সম্প্রীতি আৰু উন্নতিৰ কাৰণে সকলো শ্রেণীৰ লোকে একেলগে যুঁজি বিজেপিক উৎখাত কৰিবলৈ তেওঁ আহ্বান জনায়৷

নগাঁৱৰ পৰা আজি বিয়লিৰ ভাগত পর্যবেক্ষক সিং গুৱাহাটীত উপস্থিত হয়৷ নিশাৰ ভাগত মহানগৰীৰ হোটেল গেটৱে’ গ্রেণ্ডৱেৰত প্রদেশ কংগ্রেছৰ ক’ৰ কমিটীৰ এখন বৈঠকতো তেওঁ মিলিত হয়৷ দলৰ সাংগঠনিক স্থিতিৰ লগতে আসন্ন বিধানসভা নির্বাচনৰ বাবে এআইইউডিএফ, বাঁওপন্থী দল, আঞ্চলিক গণ মর্চা আদিৰে হ’বলগীয়া মিত্রতা সম্পর্কতো পর্যালোচনা কৰে৷ কাইলৈ তেওঁ প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত প্রদেশ মহিলা কংগ্রেছ, প্রদেশ যুৱ কংগ্রেছ, সেৱা দল আৰু ইয়ং ব্রিগেড, ৰাজ্যিক এনএছইউআইৰ সৈতে সুকীয়াকৈ বৈঠকত মিলিত হ’ব৷ বিয়লিৰ ভাগত দিছপুৰৰ মানৱেন্দ্র শর্মা কমপ্লেক্সত দলৰ ছ’চিয়েল মিডিয়া বিভাগ, মুখপাত্র, মিডিয়া পেনেলিষ্টসকলৰ সৈতেও আন এখন বৈঠকত মিলিত হ’ব৷ ৫ নৱেম্বৰত তেওঁ পাঠশালাত উপস্থিত হৈ বৰপেটা, নলবাৰী, গোৱালপাৰা, ধুবুৰী, বঙাইগাঁও আৰু দক্ষিণ শালমাৰা জিলাৰ জিলা কংগ্রেছ, ব্লক কংগ্রেছ, সংশ্লিষ্ট জিলাৰ দলীয় বিধায়ক, প্রাক্তন বিধায়ক, প্রাক্তন সাংসদ আদিৰ সৈতে আন এখন বৈঠকত মিলিত হৈ সংশ্লিষ্ট জিলাসমূহত দলৰ সাংগঠনিক স্থিতিৰ বুজ ল’ব৷ ৬ নৱেম্বৰত পুৱাৰ ভাগত প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত কামৰূপ গ্রাম্য জিলা আৰু গুৱাহাটী মহানগৰ জিলা কংগ্রেছ কমিটীৰ নেতৃত্বৰ সৈতে এখন বৈঠকত মিলিত হ’ব৷ দুপৰীয়াৰ ভাগত তেওঁ এখন সংবাদ মেল সম্বোধন কৰিব৷ বিয়লিৰ ভাগত ৰাজীৱ ভৱনত বিটিএডিৰ কংগ্রেছ নেতৃত্বৰ সৈতে এখন বৈঠকত অংশগ্রহণ কৰিব৷ ৭ নৱেম্বৰৰ পুৱা তেওঁ কামাখ্যা দর্শন কৰি পোনে পোনে মঙলদৈলৈ গৈ প্রদেশ কংগ্রেছৰ উদ্যোগত আয়োজন কৰা এখন ট্রেক্টৰ সমাৱেশত অংশ ল’ব৷ বিয়লিলৈ গুৱাহাটীলৈ উভতি আহি ৰাজীৱ ভৱনত প্রদেশ কংগ্রেছৰ বিষয়ববীয়াসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰিব৷ সেইদিনাই নিশাৰ ভাগত তেওঁ নতুন দিল্লীলৈ উভতি যাব৷ মন কৰিবলগীয়া এয়ে যে কাইলৈৰ পৰা প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত তেওঁ একাধিক কার্যসূচীত অংশগ্রহণ কৰাৰ হেতু আজি দিনৰ ভাগত ৰাজীৱ ভৱন চৌহদৰ লগতে প্রতিটো কোঠা সম্পূর্ণৰূপে ছেনিটাইজ কৰা হৈছে৷

You might also like