ডিঙিত আলু–পিঁয়াজৰ মালা লৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছু–কৃষক মুক্তিৰ উত্তাল বিক্ষোভ
ব্যর্থ যোগান বিভাগঃ ৰাজ্যত হোৰাহোৰে বৃদ্ধি খাদ্য–সামগ্রীৰ দাম
নিয়মীয়া বাৰ্তা ৪ নৱেম্বৰঃ সমগ্র ৰাজ্যৰ বজাৰত জ্বলিছে মূল্যবৃদ্ধিৰ জুই৷ খাদ্যসামগ্রীৰ মূল্য আকাশলংঘী হোৱাৰ পিছতো নির্বিকাৰ চৰকাৰ, অস্তিত্বহীন যোগান বিভাগ৷ অত্যাৱশ্যকীয় সামগ্রীৰ দাম নিয়ন্ত্রণত চূড়ান্ত ব্যর্থ হোৱা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে মঙলবাৰে সদৌ অসম ছাত্র সন্থা আৰু কৃষক মুক্তি সংগ্রাম সমিতিয়ে উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত মঙলবাৰে সদৌ গুৱাহাটী ছাত্র সন্থাই মহানগৰীৰ জজ খেলপথাৰৰ সমীপত প্রতিবাদী কার্যসূচী গ্রহণ কৰে৷ এই অভিনৱ প্রতিবাদী কার্যসূচীত তিনিগৰাকী ছাত্রই মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু যোগান মন্ত্রী ফণীভূষণ চৌধুৰীৰ মুখা পিন্ধি মই অসহায়, মই মূল্যবৃদ্ধিৰ কথা ভবাই নাই, মই মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰোঁ শ্লোগান লিখা প্লেকার্ড বুকুত আঁৰি চৰকাৰৰ অকর্মণ্যতাক ধিক্কাৰ দিয়ে৷ গুৱাহাটী ছাত্র সন্থাৰ সভাপতি আনোৱাৰ হুছেইন আৰু সাধাৰণ সম্পাদক টুটুমণি চৌধুৰীৰ নেতৃত্বত গ্রহণ কৰা প্রতিবাদী কার্যসূচীত শতাধিক প্রতিবাদকাৰীয়ে আলু, পিঁয়াজ, লাউ, বেঙেনা, পটলৰ মালা পৰিধান কৰি কাঁহী–বাতি বজাই অসম চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, যোগান বিভাগৰ কাম নাই আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে৷ এই কার্যসূচীৰ জৰিয়তে সংগঠনটোৱে দাবী উত্থাপন কৰে যে মূল্যবৃদ্ধি ৰোধ কৰাত চৰকাৰৰ ব্যর্থতা কেতিয়াও গ্রহণযোগ্য নহয়৷ ৰাজ্য চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰি জনসাধাৰণক সকাহ দিবই লাগিব৷
ইফালে, কৃষক মুক্তি সংগ্রাম সমিতিয়েও মহানগৰীৰ চচলৰ লগতে জিলা সদৰসমূহত আলু, পিঁয়াজৰ মালা আঁৰি ধর্মঘট কার্যসূচী ৰূপায়ণ কৰে৷ সংগঠনটোৰ অভিযোগ– শেহতীয়াকৈ ৰাজ্যত পেট্র’লজাত সামগ্রীৰ লগতে নিত্য ব্যৱহার্য খাদ্যসামগ্রীৰ অস্বাভাৱিক মূল্যবৃদ্ধি হৈছে৷ কিন্তু কেন্দ্র–ৰাজ্য চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰিবৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাই৷ তাৰ সলনি লকডাউনৰ মাজতো পেট্র’ল–ডিজেলত কৰ আৰোপ কৰি টোলগেটত উচ্চ হাৰত কৰ সংগ্রহ কৰি জনসাধাৰণক মাধমাৰহে শোধাইছে৷ এই কার্যসূচী সন্দর্ভত সংগঠনটোৰ সভাপতি ৰাজু বৰা, যুটীয়া সাধাৰণ সম্পাদক ধৈর্য কোঁৱৰ আৰু মুকুট ডেকাই কয় যে লকডাউন আৰু বানপানীৰ ফলত ক্ষতিগ্রস্ত হোৱা অসমৰ জনসাধাৰণক সকাহ দিবলৈ চৰকাৰে কোনো ব্যৱস্থা গ্রহণ নকৰিলে৷ একে সময়তে কৃষকসকলৰ উৎপাদন ব্যয়ো বৃদ্ধি পাইছে৷ তদুপৰি ক’লা বেপাৰী, অবৈধ মজুতকাৰীক নিয়ন্ত্রণ কৰাত যোগান বিভাগ সম্পূর্ণ ৰূপে ব্যর্থ হৈছে৷ এনে পৰিস্থিতিত আজি ৰাজ্যজোৰা প্রতিবাদী কার্যসূচীৰ জৰিয়তে কৃষক মুক্তি সংগ্রাম সমিতিয়ে নিত্য ব্যৱহার্য সামগ্রীসমূহক লৈ চলি অহা ছিণ্ডিকেট কঠোৰ হাতেৰে বন্ধ কৰি খাদ্যসামগ্রীৰ মূল্য শীঘ্রে নিয়ন্ত্রণ কৰাৰ দাবী উত্থাপন কৰে৷
ইফালে, মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যৰ সংগঠনসমূহ জাঙুৰ খাই উঠাৰ পিছত মুখ খুলিছে যোগান মন্ত্রী ফণীভূষণ চৌধুৰীয়ে৷ মন্ত্রীগৰাকীয়ে অসহায় হৈ সংবাদ মাধ্যমৰ আগত কয় যে অসমত উৎপাদন হোৱা পিঁয়াজেৰে এক মাহো নোজোৰে৷ আলু, পিঁয়াজ আদি বিহাৰ, আগ্রা, নাছিকৰ পৰা অনা হয়৷ গতিকে এইসমূহ সামগ্রীৰ দাম বহিঃৰাজ্যতে নির্ধাৰণ কৰা হয়৷ অসমৰ যোগান বিভাগে দৰ নির্ধাৰণ কৰিব নোৱাৰে৷ তদুপৰি অত্যাৱশ্যকীয় সা–সামগ্রীৰ তালিকাৰ পৰা আলু, পিঁয়াজ, চাউল, দাইল আদি উঠাই দিয়া হৈছে৷ যোগান মন্ত্রীয়ে ইয়াৰ দাম নির্ধাৰণ কৰিব নোৱাৰে৷ মন্ত্রীগৰাকীয়ে লগতে কয় যে যোগান বিভাগে নাছিকৰ পৰা পিঁয়াজ কিনি আনি সুলভ মূল্যৰ দোকানত কম দৰত বিক্রী কৰিছে৷ যোৱা ২২ অক্টোবৰৰ পৰা এইদৰে বিক্রীৰ ব্যৱস্থা কৰা হৈছে৷ বিভাগটোৱে অক্টোবৰ মাহৰ বাবে ৩ হাজাৰ মেট্রিকটন আৰু নৱেম্বৰ মাহৰ বাবে ৩ হাজাৰ মেট্রিকটন পিঁয়াজ অর্ডাৰ দিছে৷ ইতিমধ্যে ২ হাজাৰ মেট্রিকটন পিঁয়াজ আহি পাইছে৷ ৫–৬ নৱেম্বৰৰ পিছত বাকীখিনি পিঁয়াজ আহি পাব৷ সমগ্র ৰাজ্যৰ সুলভ মূল্যৰ দোকানসমূহত প্রতিকেজি ৩৫ টকা দৰত এই পিঁয়াজ বিক্রী কৰা হ’ব৷ ৰাজ্যৰ যোগান মন্ত্রীগৰাকীৰ মতে ৰাজ্যৰ ক’তোৱে পিঁয়াজৰ দাম কেজিত ৮০ টকা হোৱা নাই৷ পদপথত বহা দুই–এজন খুচুৰা ব্যৱসায়ীয়েহে হেনো কেজিত ৮০ টকা দৰত পিঁয়াজ বিক্রী কৰিছে৷ এই দোকানীসমূহক উচ্ছেদ কৰিবলৈ জি এম ডি এক কোৱা হৈছে৷ এইদৰে ক’লা বেপাৰীক নিয়ন্ত্রণ কৰিব নোৱাৰা যোগান মন্ত্রী ফণীভূষণ চৌধুৰীয়ে পদপথৰ ব্যৱসায়ীলৈ দোষ ঠেলিব বিচৰা কার্যই প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷