উত্তপ্ত লাইলাপুৰৰ ৰাজপথত হাজাৰ হাজাৰ লোকৰ প্রতিবাদ
মিজো আৰক্ষীয়ে নিহতৰ মৃতদেহ ঘূৰাই দিয়াৰ পিছতে উত্তেজনা
নিয়মীয়া বাৰ্তা ৪ নৱেম্বৰঃ কাছাৰ জিলাৰ অসম–মিজোৰাম সীমান্তত অব্যাহত আছে উত্তেজনা৷ দেওবাৰে ফ্রেন্স নগৰৰ পৰা অপহৰণ কৰা আৰু পৰৱর্তী সময়ত হত্যা কৰা সংখ্যালঘু যুৱক ইণ্টিয়াজ আলী ওৰফে ইনতাজুল লস্কৰৰ (৪০) মৃতদেহ মিজো আৰক্ষীয়ে আজি অসমক চমজাই দিছে৷ আজি পুৱাৰ ভাগত ইণ্টিয়াজৰ শৱদেহ অসম চৰকাৰৰ হৈ দণ্ডাধীশ বিকাশ ছেত্রী আৰু ভাতৃ আলী হুছেইনে চমজি লয়৷ ইফালে, ইণ্টিয়াজ আলীৰ মৃতদেহ ওভতাই দিয়াৰ পিছতেই অধিক উত্তপ্ত হৈ পৰিছে সীমান্তৰ পৰিস্থিতি৷ সমগ্র লাইলাপুৰ এলেকাত আজি চৰম উত্তেজনাই বিৰাজ কৰে৷ ৰাজপথলৈ হাজাৰ হাজাৰ লোক ওলাই আহি এই ঘটনাৰ প্রতিবাদ কৰাৰ লগতে পথ অৱৰোধেৰে পৰিস্থিতি জটিল কৰি তোলে৷ আজি সীমান্তত উপস্থিত হোৱা বনমন্ত্রী পৰিমল শুক্লবৈদ্যই স্থানীয় লোকৰ সৈতে বার্তালাপত মিলিত হয় যদিও প্রতিবাদ অব্যাহত থাকে৷ উল্লেখ্য যে দেওবাৰে খৰি আৰু বাঁহ কাটিবলৈ ইণ্টিয়াজ আলীৰ লগতে আন তিনিজন যুৱক পাগলাছড়াৰ জংঘললৈ গৈছিল৷ সেই সময়ত একাংশ মিজো লোকে ইণ্টিয়াজ আলীক অপহৰণ কৰে আৰু পৰৱর্তী সময়ত হত্যা কৰে৷ উক্ত ঘটনাক লৈয়ে উত্তেজিত হৈ থকা সীমান্তৰ পৰিস্থিতি সন্দর্ভত ইতিমধ্যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কেন্দ্রীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰি গৃহমন্ত্রী অমিত শ্বাহলৈ এক পত্র প্রেৰণ কৰিছে৷ উত্তেজনাময় পৰিস্থিতিৰ মাজতে আজি মুখ্যমন্ত্রীৰ নির্দেশত লাইলাপুৰ সীমান্তত উপস্থিত হয় মুখ্য সচিব জিষ্ণু বৰুৱা আৰু আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত৷ দুয়োগৰাকী শীর্ষ বিষয়াই ঘটনা সংঘটিত স্থান তথা মিজোৰামৰ দখলীকৃত এলেকা খুলিছড়া পৰিদর্শন কৰে৷ ইয়াৰ পিছতে সীমান্তৰ পৰিস্থিতি সন্দর্ভত কাছাৰ জিলা প্রশাসন আৰু আৰক্ষী প্রশাসনৰ সৈতে এক বৈঠকত অংশগ্রহণ কৰে৷ মন কৰিবলগীয়া যে ইনতাজুল লস্কৰৰ মৃত্যু সন্দর্ভত মিজোৰামৰ আৰক্ষী মহাপৰিদর্শক (সদৰ) জন নেইহলিয়াই প্রকাশ কৰা মতে, ইণ্টিয়াজ এজন ড্রাগ্ছ সৰবৰাহকাৰী৷ দেওবাৰে তেওঁ মউটুইজাও বনাঞ্চল এলেকাত প্রৱেশ কৰি দুজন লোকক ড্রাগ্ছ বিক্রী কৰিবলৈ ওলোৱাৰ সময়তে ইয়ং মিজো এছ’চিয়েচনৰ সদস্যই তেওঁক কৰায়ত্ত কৰে৷ অৱশ্যে লগে লগে ইণ্টিয়াজে পলাবলৈ খুজি এটা দ খাৱৈত জাঁপ দিয়াত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়৷ পিছত তেওঁক নার্ক’টিক্ছ বিভাগক গতাই দিয়া হৈছিল যদিও অসুস্থ হৈ পৰাত ভেইৰেংটেৰ কমিউনিটী হেল্থ চেণ্টাৰত ভর্তি কৰোৱা হয়৷ কিন্তু সোমবাৰে তেওঁৰ মৃত্যু হয়৷ মিজোৰাম আৰক্ষীৰ এই ভাষ্যৰ বিপৰীতে ইণ্টিয়াজৰ ভাতৃয়ে তেওঁক মিজো লোকে বিভিন্ন ধৰণে অত্যাচাৰ কৰি হত্যা কৰাৰ অভিযোগ তুলিছে৷ আজি উত্তেজনাময় পৰিস্থিতিৰ মাজতে পৰিমল শুক্লবৈদ্যই নিহত যুৱকজনৰ আত্মীয়ৰ সৈতে মত বিনিময় কৰে৷ তদুপৰি অসম–মিজোৰাম সীমা সমস্যাক লৈ এনআইএয়ে তদন্ত কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে৷ আজি ঘটনাৰ খবৰ ল’বলৈ লাইলাপুৰত উপস্থিত হয় বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, প্রাক্তন বিধায়ক আতাউৰ ৰহমান মাঝাৰ ভূঞা, কংগ্রেছ নেতা শ্বৰীফউজ জামান লস্কৰসহ কেইবাজনো ৰাজনৈতিক নেতা৷ নিহত ইণ্টিয়াজৰ ঘৰত উপস্থিত হৈ তেওঁলোকে পৰিয়ালবর্গক সাক্ষাৎ কৰে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ইণ্টিয়াজ আলীৰ মৃত্যুত শোক প্রকাশ কৰাৰ লগতে নিহত যুৱকজনৰ পৰিয়ালক ৫ লাখ টকাৰ সাহায্য প্রদানৰ বাবে কাছাৰ জিলাৰ উপায়ুক্ত কীর্তি জলীক নির্দেশ দিছে৷ মন কৰিবলগীয়া যে কৰিমগঞ্জ জিলাৰ অসম–মিজোৰাম সীমান্তৰ পৰিস্থিতিক লৈ দুদিন পূর্বে ৰাজ্য দুখনৰ শীর্ষ বিষয়াৰ উপস্থিতিত এক বৈঠক অনুষ্ঠিত হৈছিল৷ এই বৈঠকত উভয় ৰাজ্যই ইতিবাচক দিশত সিদ্ধান্ত গ্রহণ কৰিছিল যদিও শেহতীয়াকৈ একাংশ মিজো লোকে অসমৰ ভূমিত প্রৱেশ কৰি ঘৰ জ্বলাই দিয়াৰ লগতে ভূমি দখলৰো চেষ্টা চলাই আহিছে৷ আনকি শেহতীয়াকৈ মিজো দুষৃকতিকাৰীয়ে অসমৰ ১৫খন দোকান আৰু আন কেইবাটাও ঘৰ জ্বলাই পৰিস্থিতি উত্তপ্ত কৰি তোলাই নহয়, প্রায় তিনি কিলোমিটাৰ অসমৰ ভিতৰলৈ সোমাই আহি মিজোৰামৰ আৰক্ষী তথা আইআৰপি জোৱানে অস্ত্র–শস্ত্র লৈ টহল দি আছে৷ ঘটনা সন্দর্ভত দুয়োখন ৰাজ্যৰ মুখ্য সচিবৰ মাজত বৈঠক সম্পন্ন হৈছে যদিও এই বৈঠকৰ সিদ্ধান্তক মুকলিকৈ উলংঘন কৰিছে মিজোৰামে৷ আজি সহস্রাধিক লোকে লাইলাপুৰত ৩০৬নং ৰাষ্ট্রীয় ঘাইপথত মিজোৰামৰ বিৰুদ্ধে অর্থনৈতিক অৱৰোধ কার্যসূচী ৰূপায়ণ কৰে৷ ইয়াৰ ফলত মিজোৰামলৈ যোৱা শ শ মালভর্তি ট্রাক সীমান্ত এলেকাত আবদ্ধ হৈ পৰিছে৷