বিজনীৰ বিষপানীত হাতী-মানুহৰ সংঘাত, নিহত এজন
নিয়মীয়া বাৰ্তা, ৪ নৱেম্বৰঃ চিৰাং জিলাৰ বিজনীৰ ভাৰত-ভূটান সীমান্তবৰ্তী অঞ্চলত ক্ৰমান্বয়ে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। সংৰক্ষিত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই বন্যহস্তীৰ সৈতে হোৱা সংঘাতত ইতিমধ্যে বহু লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হ’বলগীয়া হৈছে।
মঙলবাৰে নিশাও ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বন্যহস্তীৰ সৈতে হোৱা সংঘাতত বিষপানীৰ ফুলকুমাৰী গাঁৱত থিতাতে নিহত হয় কৃষক শ্ৰীদাম মণ্ডল। বন্যহস্তীটোৱে কৃষকগৰাকীৰ বাসগৃহ ভাঙি চূৰমাৰ কৰে।
এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উক্তেজনাৰ সৃষ্টি হয়। খবৰ পাই পাণবাৰী থানাৰ আৰক্ষীৰ লগতে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয় যদিও মৃতদেহ আৰক্ষীক চমজাই নিদি ঘটনাস্থলীত DFO অহা আৰু হাতী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ ব্যবস্থা গ্ৰহণৰ দাবীত মৃতদেহৰ কাষত সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ বিষ্ণুপুৰ আঞ্চলিক সমিতিয়ে প্ৰতিবাদী ধৰ্ণা ৰূপায়ণ কৰে। ঘটনাস্থলীত মন্ত্ৰী চন্দন ব্ৰহ্মৰ লগতে বিজনীৰ বিধায়ক কমল সিং নাৰ্জাৰী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।