অৰ্ণৱ গোস্বামী সাংবাদিক, অখিল গগৈ টায়াৰ জ্বলোৱা আন্দোলনকাৰীঃ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ৫ নবেম্বৰঃ অৰ্ণৱ গোস্বামীৰ সৈতে অখিল গগৈৰ তুলনা নহয়। এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰি মহাৰাষ্ট্ৰ চৰকাৰখন কিমান দুৰ্বল তাৰ প্ৰমাণ কৰিলে।
মোৰ বিপক্ষে মোৰ পৰিয়ালৰ বিষয়েও বহুত বেয়াকৈ লিখে সেইটো আমি কেতিয়াও বেয়া চকুৰে চোৱা নাই।
গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক আমি এটা স্বাধীনতা দিব লাগিব, নহলে দেশখন বাছি নাথাকিব। মহাৰাষ্ট্ৰত চলি থকা ড্ৰাগছৰ খেলাখন পোহৰলৈ অনাৰ বাবেই অৰ্ণব গোস্বামীৰ ওপৰত আক্ৰমণ চলিছে।
অৰ্ণৱ গোস্বামী আৰু অখিল গগৈৰ সন্দৰ্ভতো প্ৰতিক্ৰিয় মন্ত্ৰী ড০ শৰ্মাৰ তেওঁ কয় যে অৰ্ণৱ গোস্বামীয়ে কোৱা নাই যে টায়াৰ লৈ ৰাস্তা জ্বলাই দিয়ক। ড্ৰাগছৰ বিৰুদ্ধে আন্দোলন আৰু বাকী আন্দোলনৰ মাজত বহুত পাৰ্থক্য আছে। ৰাস্তাত টায়াৰ জ্বলোৱা আৰু অৰ্ণব গোস্বামীৰ পাৰ্থক্য আছে। দুয়োটা বিষয়ৰ মাজত তুলনা নহয় বুলি মন্তব্য কৰে মন্ত্ৰী ড০ শৰ্মাই।