গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ ২য়টো খুঁটাৰ কাম আৰম্ভঃ উপস্থিত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ৫ নৱেম্বৰঃ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মাণ কৰিবলগীয়া দলঙৰ দ্বিতীয়টো খুঁটাৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছে আজিৰে পৰা। বহুদিনীয়া এটা সমস্যা অন্ত পৰাৰ দিশে ৰাজ্যখনে গতি কৰিলে এই নিৰ্মাণ কাৰ্যৰ দ্বাৰা। ২৬০০ কোটি টকা বাজেট নিৰ্ধাৰণ কৰা দলংখনৰ দৈৰ্ঘ্য হ’ব ৮.৩ কিলোমিটাৰ।
আজি নিৰ্মাণস্থলীত উপস্থিত থাকে লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ড০ শৰ্মাই কয় যে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’বলগীয়া সপ্তমসংখ্যক দলংখনে উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত প্ৰভূত অৱদান আগবঢ়াব। লগতে দলংখনে হ্ৰাস কৰিব উত্তৰ গুৱাহাটী আৰু গুৱাহাটী ভ্ৰমণৰ সময়।
মন্ত্ৰী ড০ শৰ্মাই ২০২৩ আগষ্টৰ ভিতৰত দলংখন সম্পূৰ্ণ হৈ উঠিব বুলি উল্লেখ কৰে। ইংৰাজী y আকৃতিত নিৰ্মিত হ’বলগীয়া দলংখন ৩১নং ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযুক্ত হ’ব। ৰাজ্য চৰকাৰৰ দলং নিৰ্মাণ কাৰ্যৰে গুৱাহাটীৰ নিচেই ওচৰত থাকিও যাতায়াতৰ ক্ষেত্ৰত বহু সমস্যা আৰু সময় খৰচ কৰিবলগীয়া হোৱা উত্তৰ গুৱাহাটীবাসীৰ এটা মৌলিক প্ৰয়োজন পূৰণ হোৱা বুলি ক’ব পাৰি।