ভূপেন্দ্র সংগীতেৰে মুখৰিত লুইতৰ দুয়ো পাৰ
নৱম মৃত্যুবার্ষিকীত সুধাকণ্ঠক ৰাজ্যজুৰি গীতে–মাতে স্মৰণ
নিয়মীয়া বাৰ্তা ৬ নৱেম্বৰঃ কায়িকভাৱে নাথাকিলেও প্রতিজন অসমীয়াৰ হূদয়ত জীয়াই আছে প্রাণৰ আপোন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা৷ বৃহস্পতিবাৰে নৱম মৃত্যুবার্ষিকীত শদিয়াৰ পৰা ধুবুৰীলৈ প্রতিজন অসমীয়াই শ্রদ্ধাৰে স্মৰণ কৰিলে যুগজয়ী শিল্পীগৰাকীক৷ ভূপেন্দ্র সংগীতেৰে মুখৰিত হৈ পৰিল লুইতৰ দুয়োপাৰ৷ গীতে–মাতে ৰাজ্যবাসীয়ে শ্রদ্ধাৰে স্মৰণ কৰিলে চেনেহৰ ভূপেনদাক৷ ৰাজ্যৰ প্রান্তে প্রান্তে আয়োজন কৰা হ’ল শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ৷ জালুকবাৰীৰ সমাধিক্ষেত্রত ভাৰতৰত্ন ড০ ভূপেন হাজৰিকালৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিলে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ এই উপলক্ষে সমাধিক্ষেত্রত আয়োজন কৰা অনুষ্ঠানত ভাষণ প্রদান কৰি সোণোৱালে কয় যে সুধাকণ্ঠৰ সৃষ্টিৰাজি সমাজত সমন্বয় আৰু ভাতৃত্ববোধৰ বান্ধোন সুদৃঢ় কৰিছে৷ এইগৰাকী মহান শিল্পীৰ কর্মৰাজিয়ে অসমীয়া জাতিক বিশ্বৰ বুকুত সুদৃঢ়ভাৱে চিনাকি কৰাই দিয়াৰ ক্ষেত্রত এক সবল মঞ্চ প্রদান কৰিছে৷ ড০ ভূপেন হাজৰিকাক লৈ অসমীয়া জাতিয়ে গৌৰৱ অনুভৱ কৰে৷ তেওঁ এইবুলিও কয়– ‘ভৌগোলিক সীমাৰ পৰিধি নেওচি বিশ্বৰ সাংস্কৃতিক মানচিত্রত বৃহত্তৰ অসমীয়া জাতিক দৃঢ়তাৰে তেওঁ চিনাকি কৰাই গৈছে৷ এই মহান শিল্পীগৰাকী হৈছে জাতিটোৰ পথ প্রদর্শক৷ তেওঁৰ আদর্শৰে আগুৱাই অসমীয়া জাতিয়ে বিশ্ব বিজয় কৰিব লাগিব৷’ নৱপ্রজন্মক সুধাকণ্ঠৰ জীৱন, কর্মৰাজি আৰু সৃষ্টিৰাজিৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰিবলৈ মুখ্যমন্ত্রীগৰাকীয়ে আহ্বান জনায়৷ ইফালে অনুষ্ঠানত ভাষণ প্রদান কৰি সাংস্কৃতিক মন্ত্রী নৱ কুমাৰ দলেই কয় যে সুধাকণ্ঠৰ গীত–মাতে অসমীয়া জাতিক সদায় প্রেৰণা যোগাই আহিছে৷ অসমবাসীৰ হূদয়ত এই মহান শিল্পীগৰাকী যুগ–যুগান্তৰলৈ জীয়াই থাকিব৷ অনুষ্ঠানত মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামীয়ে ভাষণ প্রদান কৰি কয়– ‘ড০ ভূপেন হাজৰিকাই ৰাজ্যৰ বিভিন্ন জাতি–জনগোষ্ঠীক লগত লৈ অসমীয়া জাতিক তমসাৰ পৰা পোহৰলৈ আগুৱাই নিছিল৷ এইগৰাকী মহান শিল্পীয়ে মানৱতাৰ গান গাইছিল৷ তেওঁৰ সৃষ্টিৰাজিত সংস্কাৰ, মূল্যবোধ, মানৱতা আৰু জীৱনৰ গান আছে৷’ আজি সাংস্কৃতিক পৰিক্রমা বিভাগে আয়োজন কৰা এই অনুষ্ঠানত সঞ্চালক বিষ্ণুকমল বৰা, সাংসদ কুইন ওজা, মুখ্যমন্ত্রীৰ আইনী উপদেষ্টা শান্তনু ভৰালী, সাংস্কৃতিক পৰিক্রমা বিভাগৰ আয়ুক্ত সচিব প্রীতম কুমাৰ শইকীয়াকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷
ইয়াৰ উপৰি প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, অসমৰ পর্যবেক্ষক তথা নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙকে ধৰি বহুসংখ্যক কংগ্রেছ নেতৃত্বই সমাধিস্থলত সুধাকণ্ঠলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ অসমৰ পর্যবেক্ষক সিঙে শ্রদ্ধাঞ্জলি প্রদান কৰাৰ পাছতে সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্যৰ লগতে দেশবাসী সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই দেখুৱাই যোৱা পথেৰে আগবাঢ়ি যাব লাগিব৷ তদুপৰি সমাধিস্থলত অজস্র গুণমুগ্ধই সুধাকণ্ঠলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷
আনহাতে, সদৌ অসম ছাত্র সন্থাৰ (আছু) উদ্যোগত দীঘলীপুখুৰীৰ পাৰত থকা ড০ ভূপেন হাজৰিকাৰ প্রতিমূর্তিস্থলীত অনুষ্ঠিত হয় শ্রদ্ধাঞ্জলি অনুষ্ঠান৷ আছুৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যৰ লগতে আছু নেতৃত্বই প্রতিমূর্তিত পুষ্পাঞ্জলি অর্পণ কৰি সশ্রদ্ধ স্মৰণ কৰে গণশিল্পীগৰাকীক৷ সন্ধিয়া দীঘলীপুখুৰীৰ পাৰত এহেজাৰ বন্তি প্রজ্বলন কৰে আছুৱে৷ বন্তি প্রজ্বলনৰ এই অনুষ্ঠানত ছাত্র সন্থাৰ নেতৃবৃন্দৰ উপৰি শিল্পী মনীষা হাজৰিকা, মঞ্জুলা হাজৰিকা আৰু কেইবাগৰাকীও বিশিষ্ট নাগৰিক উপস্থিত থাকে৷ ইফালে, সদৌ অসম ছাত্র সন্থাৰ নেতৃবৃন্দই পুৱা সমাধিস্থলীত সুধাকণ্ঠলৈ শ্রদ্ধা জ্ঞাপন কৰে৷ তদুপৰি ৰাজ্যৰ ভিন্ন প্রান্তত ভূপেন্দ্র সংগীত পৰিৱেশন কৰি বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানে সুধাকণ্ঠলৈ শ্রদ্ধা জ্ঞাপন কৰে
৷ গুৱাহাটীৰ ৰাজধানী মছজিদত আমছুৰ উদ্যোগত সন্ধিয়া শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়৷ আমছুৰ নেতৃবৃন্দই সুধাকণ্ঠৰ প্রতিচ্ছবিত মাল্যার্পণ কৰি তেওঁক সশ্রদ্ধা স্মৰণ কৰে৷ খানাপাৰাত সীতাজখলাৰ উদ্যোগত এক শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়৷ সত্যেন মহন্তই আঁত ধৰা এই অনুষ্ঠানত বিশিষ্ট সাংবাদিক প্রণয় বৰদলৈ, বিশিষ্ট অভিনেত্রী আইমী বৰুৱা, গুৱাহাটী প্রেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ, দুগ্ধ উন্নয়ন বিভাগৰ সঞ্চালক, সীতাজখলাৰ সভাপতি ৰঞ্জীৱ শর্মা উপস্থিত থাকি সুধাকণ্ঠৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷