আফগানিস্তানত গাড়ীবোমা বিস্ফোৰণত নিহত চাৰিজন
নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ সংঘর্ষজর্জৰ আফগানিস্তানত কান্দাহাৰত কালি নিশা এক গাড়ী বোমা বিস্ফোৰণত কমপক্ষেও চাৰিগৰাকী লোক নিহত হোৱাৰ উপৰি প্রায় ৪০গৰাকী গুৰুতৰভাৱে আহত হৈছে৷ কান্দাহাৰৰ মাইৱাণ্ড জিলাত সন্ত্রাসবাদী ছাহৰাহ বেটেলিয়নক লক্ষ্য কৰি এই বিস্ফোৰণ সংঘটিত কৰিছিল৷ বিস্ফোৰণৰ ফলত ঘটনাস্থলীতে চাৰিগৰাকী লোক নিহত হয়৷ আহত লোকসকলৰ ভিতৰত কেইবাজনো সেনা জোৱান আছে বুলি নিৰাপত্তা বাহিনীৰ সূত্রৰ উদ্ধৃতি দি সংবাদ সংস্থা ‘স্পুটনিক’–এ প্রতিবেদন প্রকাশ কৰিছে৷
উল্লেখনীয় যে কান্দাহাৰ হৈছে আফগানিস্তানৰ দ্বিতীয় বৃহত্তম চহৰ৷ স্পুটনিকৰ প্রতিবেদন অনুসৰি এই বিস্ফোৰণত কেইবাজনো লোক নিহত হৈছে৷ অৱশ্যে নিশ্চিত তথ্য প্রকাশ কৰিবলৈ সক্ষম হোৱা নাই নিৰাপত্তা বাহিনী বা সংবাদ মাধ্যম৷ আফগানিস্তানত তালিবানৰ সৈতে চৰকাৰৰ শান্তি আলোচনাৰ প্রস্তুতি চলি থকাৰ সময়তে ইছলামিষ্ট সন্ত্রাসবাদীয়ে বিভিন্ন স্থানত আক্রমণ তীব্রতৰ কৰিছে৷ এই আক্রমণৰ ঘটনাবোৰত তালিবান জড়িত থকাৰ অভিযোগো আনিছে বিভিন্ন মহলে৷