মুম্বাই ইণ্ডিয়ানছৰ শিৰত আই পি এলৰ মুকুট, মেন অৱ দ্য মেচ বোল্ট
নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰঃ সমাপ্তি ঘটিল ভাৰতীয় ক্ৰীড়া জগতৰ অনবদ্য খেল আই পি এলৰ। বিজয়ৰ ধ্বজা উৰিল নীতা আম্বানিৰ ক্ৰিকেট টীম মুম্বাই ইণ্ডিয়ানছৰ। ডুবাইত আজি অনুষ্ঠিত ১৩সংখ্যক আই পি এলৰ ফাইনেলত দিল্লী কেপিটেলছক ৫ উইকেটৰ বিনিময়ত হৰুৱাই মুম্বাই ইণ্ডিয়ানছে। প্ৰথমে বেটিং ধৰিবলৈ অহা দিল্লী কেপিটেলছে ৬ উইকেটৰ বিনিময়ত ১৫৬ ৰান কৰে যদিও মুম্বাই ইণ্ডিয়ানছে ৫ উইকেটৰ বিনিময়ত ১৮.৪ অভাৰতে এই লক্ষ্য অতিক্ৰম কৰে।
মুম্বাই ইণ্ডিয়ানছৰ ৰোহিত শৰ্মাই ৫১টা বলৰ বিনিময়ত ৬৮ ৰান কৰাৰ বিপৰীতে দিল্লী কেপিটেলৰ শ্ৰেয়াস আয়াৰে ৫০ বলত ৬৫ ৰান কৰে। ১৫৬ ৰানৰ লক্ষ্য লৈ আগবঢ়া মুম্বাই ইণ্ডিয়ানছৰ প্ৰথম উইকেট আউট হয় দলৰ ৪৫ ৰানত। ইয়াৰ পিছত সূৰ্যকুমাৰ যাদৱ আউট হয় ৯০ ৰানত, ১৩৭ ৰানত আউট হয় ৰোহিত শৰ্মা, ১৪৭ত কিৰণ পোলাৰ্ড, জিকিবলৈ ১ ৰান থকা অৱস্থাত আউট হয় হাৰ্দিক পাণ্ডিয়া।
ক্ৰিজলৈ অহা কুনাল পাণ্ডিয়াই ১ ৰান কৰি দলক জয়ৰ সোৱাদ দিয়ে। মেচখনত মেন অৱ দ্য় মেচ হয় ট্ৰেণ্ট বোল্টক দিয়া হয়, তেওঁ ৩০ ৰানৰ বিনিময়ত ৩ উইকেট দখল কৰে। এই ছীজনৰ আই পি এলৰ মেন অৱ দ্য ছিৰিজ লাভ কৰে জোফ্ৰা আৰ্চাৰে। উল্লেখ্য ২০১৩, ২০১৫, ২০১৭, ২০১৯ৰ পিছত ২০২০তো আই পি এলৰ খিতাপ লাভ কৰে মুম্বাই ইণ্ডিয়ানছে।