ভাৰতে ক্রয় কৰিব নোৱাৰে ফাইজাৰৰ ভেকচিন
নিয়মীয়া বাৰ্তা ১২ নৱেম্বৰঃ ফাইজাৰ ইংক আৰু বায়’ এনটেক এছ ইৰ ক’ভিড–১৯ ভেকচিন উৎপাদনৰ প্রস্তুতি চলি থকাৰ সময়তে ভাৰতৰ দৰে দেশে এই ভেকচিন ক্রয় কৰিব পৰাটো অসম্ভৱ হিচাপে চিহ্ণিত হৈছে৷ উল্লেখনীয় যে এই ভেকচিনবোৰ ৰাখিব লাগিব মাইনাছ ৭০ ডিগ্রী ছেলচিয়াছ উষ্ণতাৰ কেন্দ্রত৷ ৫ দিনৰ ভিতৰতে এই ভেকচিন প্রদান কৰিব লাগিব৷ যদি সেয়া সম্ভৱ নহয়, তেন্তে ভেকচিনৰ ম্যাদ উকলিব৷ ভাৰতৰ দৰে দেশে সাধাৰণ লোকৰ বাবে এই ভেকচিন ক্রয় কৰাটো সেইবাবে সম্ভৱ নহ’ব৷ অর্থাৎ ফাইজাৰ কোম্পানীৰ ভেকচিন অতি ধনী দেশৰ বাবেহে উপলব্ধ হ’ব৷