নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেন্সনাৰক সহায় কৰিব লাগিব পোষ্টমেনে, নতুন নিয়ম প্ৰণয়ন

নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰঃ অৱসৰপ্ৰাপ্ত আৰু পেন্সন পোৱা কৰ্মচাৰীসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে এক নতুন নিয়ম প্ৰণয়ন কৰিছে। এই নিয়ম অনুযায়ী ডাক কৰ্মচাৰীসকলে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ পেন্সনাৰসকলক অনলাইন জীৱন প্ৰমাণপত্ৰ দাখিল কৰাৰ বাবে সেৱা প্ৰদান কৰিব। পেন্সনাৰসকলৰ ঘৰে ঘৰে গৈ ডাক কৰ্মচাৰীসকলে অনলাইন প্ৰমাণ পত্ৰ দাখিলৰ সুবিধা দিব লাগিব।

অৱশ্যে, এই সেৱাৰ বিনিময়ত শুল্কও ধাৰ্য কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কালি প্ৰণয়ন কৰা এই নিয়ম সন্দৰ্ভত কোৱা হৈছে- ‘বৰ্তমান ক’ৰোনা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি পেন্সনাৰসকলে যাতে ঘৰতে থাকি জীনৱ প্ৰমাণপত্ৰ দাখিল কৰিব পাৰে তাত গুৰুত্ব দিয়া হৈছে।’

ডাক বিভাগে যুটীয়ভাৱে ইণ্ডিয়া ডাক পৰিশোধ বেঙ্ক আৰু ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ লগত এই সেৱা আৰম্ভ কৰিছে। ক’ৰোনা কালত কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ সকলো কৰ্মচাৰীয়ে এই সেৱা লাভ কৰিব। উল্লেখ্য, অনলাইনজীৱন প্ৰমাণপত্ৰ দাখিল কৰাৰ সুবিধা প্ৰধান মন্ত্ৰী মোদীয়ে ২০১৪ চনৰ নৱেম্বৰত আৰম্ভ কৰিছিল।

You might also like