চিৰাঙত ৪টা হাতী দাঁতসহ ৩ চোৰাং চিকাৰী আটক
নিয়মীয়া বাৰ্তা ,১৩ নৱেম্বৰঃ চিৰাঙত বন বিভাগ,এছ এছ বি আৰু বন্যপ্ৰাণী অপৰাধ দমন বিভাগ(ডব্লিউ চি বি) গুৱাহাটীৰ যৌথ অভিযানত ৪ টা হাতী দাঁত সহ তিনিজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। যোৱা নিশা প্ৰায় ১১:৩০বজাত ভূটান সীমান্তৱৰ্তী আমগুৰিৰ নাঙলভাঙাত চলোৱা যৌথ অভিযানত উদ্ধাৰ কৰা হাতী দাঁত চাৰিটাৰ মূঠ ওজন ১৭.৮৫ কিলোগ্ৰাম বুলি চিৰাং জিলা বন প্ৰাধিকাৰী ব্ৰহ্মানন্দ পাতিৰিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। আটক কৰা লোক তিনিজনক জিলাখনৰ আমগুৰি থানাৰ অন্তৰ্গত মালিভিটাৰ বাসিন্দা ক্ৰমে নৱেশ্বৰ বসুমতাৰী(৩৫),সমেশ্বৰ বসুমতাৰী ওৰফে ৰবি (২৮) আৰু মৰ্জু বসুমতাৰী (৩৪) বুলি চিনাক্ত কৰা হৈছে।
লোক কেইজনে ব্যৱহাৰ কৰা তিনিখন মটৰ চাইকেলো জব্দ কৰিছে বুলি একেটা সূত্ৰই প্ৰকাশ কৰিছে । চোৰাং চিকাৰীৰ দলটোৰ আন তিনিজন সদস্য পলায়ন কৰিবলৈ সক্ষম হয়। বিশেষ সূত্ৰে লাভ কৰা তথ্যৰ আধাৰত বৃহস্পতিবাৰে নিশা এই অভিযান চলোৱা হৈছিল। চোৰাং চিকাৰী তথা বন্য প্ৰাণীৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত দলটোৰ হাতত থকা দহটা হাতী দাঁতৰ ৬ টা দাঁত লগত লৈ পলায়ন কৰিবলৈ সক্ষম হোৱা ৩ সদস্যৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। এক বিশেষ সূত্ৰে জানিব পৰা মতে কালি নিশাৰ ভাগত চলোৱা অভিযানৰ সময়ত অভিযানকাৰী আৰু চোৰাং চিকাৰী তথা বন্য প্ৰাণীৰ চোৰাং ব্যৱসায়ীৰ মাজত প্ৰচণ্ড মাৰপিট হয়। চোৰাং চিকাৰী তথা বন্য প্ৰাণীৰ চোৰাং ব্যৱসায়ীৰ দলটোৰ আক্ৰমণৰ পৰা বনকৰ্মী আৰু বিষয়া সকলৰ কথমপি প্ৰাণ ৰক্ষা পৰে। এজন চোৰাং চিকাৰী পলায়ন কৰিবলৈ চেষ্টা কৰা মুহূৰ্ততে শিলৰ ওপৰত মুখঠেকেচা খাই বাগৰি পৰিযোৱাৰ ফলত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় বুলি চিৰাং জিলা বন প্ৰাধিকাৰী পাতিৰিয়ে সংবাদ মাধ্যমক জনাইছে।