সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যু; মুখ্যমন্ত্রীৰ নির্দেশত তিনিচুকীয়ালৈ চিআইডিৰ দল
নিয়মীয়া বাৰ্তা, ১৪ নবেম্বৰঃ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ ভাৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে চি আই ডিৰ হাতত ন্যস্ত কৰাৰ পাছতেই চি আই ডিৰ তদন্তকাৰী দল তিনিচুকীয়ালৈ ৰাওনা হৈছে৷
চি আই ডিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিবেকানন্দ দাসৰ নেতৃত্বত যোৱা দলটোত আছে উপ–আৰক্ষী অধীক্ষক প্রদীপ কুমাৰ দাস আৰু পৰিদর্শক জিতেশ বর্মন৷ আনহাতে, তদন্তৰ সহায়ক হোৱাকৈ চি আই ডিৰ দলটোৰ সৈতে ফৰেনছিক ছায়েন্স লেবৰেটৰীৰ বিশেষজ্ঞও তিনিচুকীয়ালৈ ৰাওনা হৈছে৷ জ্যেষ্ঠ বিজ্ঞানী তথা ফিজিক্স ডিভিজনৰ ভাৰপ্রাপ্ত বিষয়া ড০ পার্থপ্রতিম দেৱশর্মা, কনিষ্ঠ বিজ্ঞানী তথা চেৰ’লজী ডিভিজনৰ বিষয়া অৰূপ মান্তা আৰু ফটোগ্রাফী ডিভিজনৰ লেবৰেটৰী টেকনিচিয়ান হৰেন দাস তিনিচুকীয়ালৈ ৰাওনা হৈছে৷
উল্লেখ্য যে কালি মুখ্যমন্ত্রী সোণোৱালে জ্যেষ্ঠ সাংবাদিক ভূঞাৰ মৃত্যুৰ ঘটনা পুংখানুপুংখ তদন্ত কৰাৰ বাবে চি আই ডিৰ তদন্তৰ কথা ঘোষণা কৰিছিল৷