নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্মানীয় জ্যঁ লুক গডাৰ বঁটাঃ অসমৰ তথ্য চিত্র ‘দ্য ডেন্সার্ছ অৱ ডুবি’ মনোনীত

নিয়মীয়া বাৰ্তা, ১৪ নবেম্বৰঃ ঐতিহাসিক দেৱদাসী নৃত্যৰ পটভূমিত পৰিচালক ৰাণা দত্তই নির্মাণ কৰা তথ্যচিত্র ‘দ্য ডেন্সার্ছ অৱ ডুবি’ সন্মানীয় ‘জ্যঁ লুক গডাৰ’ বঁটাৰ বাবে মনোনীত হৈছে৷ পৰিচালক দত্তই বৰপেটা জিলাৰ ডুবি গাঁৱৰ শিৱ মন্দিৰৰ পৰম্পৰাগত দেৱদাসী নৃত্যক তথ্যচিত্রখনত এক বিশেষ ৰূপত তুলি ধৰিছে৷

উল্লেখ্য যে ১৪০খন দেশৰ ৩,৫০০খন তথ্যচিত্রৰ মাজৰ পৰা ‘দ্য ডেন্সাৰ অৱ ডুবি’–এ ২০১৯–২০ বর্ষৰ ‘কাল্ট ক্রিটিক ফিল্মছ বঁটা’ লাভ কৰিছিল৷ তদুপৰি অন্যান্য কেইবাখনো চলচিত্র মহোৎসৱতো উচ্চ প্রশংসিত হোৱা ‘দ্য ডেন্সর্ছ অৱ ডুবি’ নির্মাণ কৰা হৈছে ‘ট’মাহৱক ফিল্মছ’ৰ বেনাৰত৷ বৰপেটা জিলাৰ ডুবি গাঁৱৰ শিৱ মন্দিৰত পৰম্পৰাগতভাৱে চলি অহা দেৱদাসী নৃত্যৰ আধাৰত নির্মিত এই তথ্যচিত্রখনত নৃত্যশিল্পীসকলৰ সংগ্রামী জীৱনৰ বিভিন্ন দিশ দাঙি ধৰিছে নির্মাতা ৰাণা দত্তই৷

বর্তমান কর্মসূত্রে হায়দৰাবাদত থকা ৰাণা দত্তই নির্মাণ কৰা এই তথ্যচিত্রখন উক্ত সন্মানীয় বঁটাৰ বাবে মনোনীত হোৱাটো অসমীয়া চলচ্চিত্র উদ্যোগৰ বাবে আশাৰ বতৰা ৰূপে বিবেচিত হৈছে৷

You might also like