নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ আলফা নেতা প্রদীপ ৰায়ৰ প্রত্যাৱর্তন কেতিয়া

নিয়মীয়া বাৰ্তা, ১৪ নবেম্বৰঃ আলফা স্বাধীনৰ উপ–সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভাৰ আত্মসমর্পণৰ পিছত ধুবুৰীৰ একাংশ মহলত উচ্চাৰিত হ’বলৈ লৈছে আন এগৰাকী আলফা নেতাৰ নাম৷ বর্তমানে বাংলাদেশৰ ঢ়াকাৰ কেন্দ্রীয় কাৰাগাৰত দেশখনৰ বিশেষ আদালতৰ নির্দেশমর্মে যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা আলফাৰ এইগৰাকী নেতাও দৃষ্টি ৰাজখোৱাৰ দৰেই আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ঘনিষ্ঠ বুলিয়েই চর্চিত৷

উল্লেখ্য যে ২০১৫ চনৰ ১১ নৱেম্বৰত আলফাৰ শীর্ষ নেতা অনুপ চেতিয়াক বাংলাদেশ চৰকাৰে ভাৰত চৰকাৰক গতাই দিয়াৰ পিছত চেতিয়াৰ দৰেই বাংলাদেশৰ ঢ়াকাৰ কেন্দ্রীয় কাৰাগাৰত কাৰাৰুদ্ধ প্রদীপ ৰায় নামৰ এইগৰাকী আলফা নেতায়ো শীঘ্রে মুক্তি পাব বুলি উৎফুল্ল হৈছিল ধুবুৰী জিলাৰ গৌৰীপুৰস্থিত পৰিয়ালবর্গই৷ পিছে অনুপ চেতিয়াই মুক্তি লাভ কৰাৰ আজি প্রায় ৫ বছৰ উকলিবৰ হ’ল যদিও পৰিয়ালটোক আশাহত কৰি বর্তমানেও বাংলাদেশৰ ঢ়াকাৰ কেন্দ্রীয় কাৰাগাৰতেই কাৰাৰুদ্ধ হৈ আছে আলফাৰ মেজৰ পর্যায়ৰ নেতা প্রদীপ ৰায় ওৰফে ৰঞ্জন চৌধুৰী৷

উল্লেখ্য যে ধুবুৰী জিলাৰ সদৰ ধুবুৰীৰ পৰা প্রায় ৮ কিলোমিটাৰ দূৰৈৰ গৌৰীপুৰৰ মধুশোলমাৰী দ্বিতীয় খণ্ড গাঁৱৰ এটা সাধাৰণ ৰাজবংশী পৰিয়ালত জন্ম হৈছিল প্রদীপ ৰায়ৰ৷ চাৰি ভাতৃ আৰু এগৰাকী জীয়ৰীৰে সেই পৰিয়ালটোৰ প্রদীপ ৰায় হ’লবৰপুত্র৷ সৰু থাকোঁতেই মাতৃ সুভদ্রা ৰায়ৰ মৃত্যু হোৱাৰ বিপৰীতে বৰপুত্র প্রদীপক লগ পোৱাৰ আশাৰে অতি আগ্রহেৰে বাট চাই থকা পিতৃ মধুসূধন ৰায়ৰ ২০০৬ চনতেই মৃত্যু হৈছে৷ ইফালে, যোৱা বছৰত এক শোকাৱহ পথ দুর্ঘটনাত মৃত্যু হৈছে প্রদীপ ৰায়ৰ সৰু ভাতৃ নাৰায়ণ ৰঞ্জন ৰায়ৰো৷ এসময়ত গৌৰীপুৰৰ সৰবৰহী যুৱক তথা আছু নেতাৰূপে পৰিচিত প্রদীপে পিছত আলফাত যোগ দিছিল আৰু সংগঠনটোৰ ধুবুৰী জিলাৰ সম্পাদকৰ দায়িত্বও লাভ কৰিছিল৷ ১৯৯৫ চনত ভূটানস্থিত আলফা শিবিৰৰ পৰা অনুপ চেতিয়াৰ সৈতে কিবা গোপন আলোচনাত মিলিত হৈ উভতি অহাৰ সময়ত ভাৰতীয় সেনাৰ হাতত কৰায়ত্ত হৈ কাৰাবাসো খাটিছিল তেওঁ৷

অৱশ্যে পিছত জামিন লাভ কৰি পুনৰ আলফালৈ উভতি গৈছিল প্রদীপ ৰায়৷ একাংশ মহলৰ মাজত থকা চর্চা অনুসৰি ১৯৯৭ চনত বাংলাদেশৰ ঢ়াকাত এক গোপন বৈঠকৰ পিছত আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ নির্দেশমর্মে দেশখনৰ শ্বেৰপুৰৰ কোনো এক গোপন স্থানত সংগঠনলৈ অহা নতুন সদস্যসকলক অস্ত্র প্রশিক্ষণৰ দায়িত্ব লৈছিল তেওঁ৷ ২০১০ চনৰ ১৭ জুলাইত প্রদীপ মাৰাক নামৰ এগৰাকী সতীর্থসহ বাংলাদেশৰ শ্বেৰপুৰ জিলাৰ বাকুৰা গাঁৱত দেশখনৰ আৰক্ষীৰ কমাণ্ডো বাহিনী আৰ এ বি নাইনৰ জালত পৰিছিল দুয়ো৷ তেওঁলোকৰ পৰা চাৰি ৰাউণ্ড গুলীসহ দুটা পিষ্টল আৰু চাৰিটা হস্তনির্মিত বোমাকে ধৰি বোমা নির্মাণৰ সামগ্রী উদ্ধাৰ হোৱা বুলি দাবী কৰিছিল দেশখনৰ আৰক্ষীয়ে৷ ধৰা পৰাৰ পিছত ঢ়াকাস্থিত কেন্দ্রীয় কাৰাগাৰত প্রায় ৭ বছৰ ধৰি কাৰাৰুদ্ধ হৈ আছিল দুয়ো আৰু পিছলৈ গৈ ২০১৭ চনৰ ৮ এপ্রিলৰ দিনা বাংলাদেশৰ কিশোৰগঞ্জৰ বিশেষ আদালতে ধৃত প্রদীপ ৰায়সহ তেওঁৰ সহযোগী প্রদীপ মাৰাকক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল৷ বর্তমানেও আলফাৰ এই নেতাগৰাকী ঢ়াকাৰ কেন্দ্রীয় কাৰাগাৰতেই কাৰাৰুদ্ধ হৈ থকা বুলি প্রকাশ৷

ইফালে, শেহতীয়াকৈ আলফাৰ উপ–সেনাধ্যক্ষগৰাকী আত্মসমর্পণৰ পিছত বাংলাদেশৰ কাৰাৰুদ্ধ প্রদীপ ৰায়কো মুক্ত কৰি অসমলৈ অনাৰ বাবে চৰকাৰে ব্যৱস্থা ল’ব নেকি বুলিও প্রশ্ণ উত্থাপন হৈছে ধুবুৰীৰ স্থানীয় একাংশ মহলত৷

You might also like