নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত সুদীর্ঘ ২৮ বছৰে মুকলি নহ’ল গ্রাম্য চিকিৎসালয়

নিয়মীয়া বাৰ্তা, ১৪ নবেম্বৰঃ এবছৰ–দুবছৰ নহয়, সুদীর্ঘ ২৮ বছৰৰ পূর্বে নির্মাণ সম্পূর্ণ হোৱা এখন বিশেষ চিকিৎসালয়৷ তদানীন্তন নির্মাণ ব্যয়েই আছিল প্রায় এক কোটি টকা৷ আশ্চর্যকৰ কথা যে আজিকোপতি মুকলিয়েই নহ’ল ৩০খন বিছনাযুক্ত গ্রাম্য চিকিৎসালয়খন৷ স্বাস্থ্য বিভাগৰ এনে কাণ্ডজ্ঞানহীনতাৰ ছবিখন উন্মোচিত হৈছে কামৰূপৰ নগৰবেৰাত৷

বিগত শতিকাৰ ১৯৯২ বর্ষতেই নগৰবেৰাত স্থাপন হৈছিল ৩০খন বিছনাযুক্ত গ্রাম্য চিকিৎসালয় এখন৷ পিছে সুদীর্ঘ ২৮ বছৰৰ পিছতো এক কোটি টকা ব্যয়ৰে নির্মাণ কৰা চিকিৎসালয়খন আজিকোপতি মুকলি কৰা নহ’ল৷ চিকিৎসালয় গৃহ পৰিণত হ’ল গৰুৰ গোহালিত৷ নগৰবেৰা ব্লক প্রাথমিক স্বাস্থ্য কেন্দ্র চৌহদতে স্থাপন কৰা হৈছিল স্বাস্থ্য বিভাগৰ কোটিটকীয়া চিকিৎসালয়ৰ বৃহদাকাৰ অসম আর্হিৰ চিকিৎসালয় গৃহটো৷ স্মর্তব্য যে কামৰূপ, বৰপেটা আৰু গোৱালপাৰা– এই তিনি জিলা ক্রমে বকো, চেঙা–বাঘবৰ, দুধনৈ আৰু পূব গোৱালপাৰা৷ মুঠ পাঁচটাকৈ বিধানসভা সমষ্টিৰ কেইবা লক্ষাধিক লোকৰ চিকিৎসা আৰু স্বাস্থ্য সেৱাৰ ক্ষেত্রত নগৰবেৰা ব্লক প্রাথমিক চিকিৎসালয়খনেই নির্ভৰযোগ্য ভৰসা যদিও চিকিৎসালয়খনত নাই পর্যাপ্ত সা–সুবিধা৷

ফলত সংশ্লিষ্ট অঞ্চলৰ লাখ লাখ লোকে চিকিৎসাৰ নামত প্রতিদিনে গুৱাহাটী–গোৱালপাৰাল্ বাটকুৰি কাঢ়িছে৷ আনহাতে, বছৰৰ পাছত বছৰ অব্যৱহূত চিকিৎসালয় গৃহ ভাঙি–চিঙি চূৰমাৰ হ’ব ধৰিছে, জংগলাবৃত এক ভূত বঙলাৰ পৰিৱেশ, কুকুৰাই উম দিয়া কণী পর্যন্ত সততে পোৱা যায় চিকিৎসালয়খনৰ ভিতৰৰ ঢ়াপত৷ স্বাস্থ্য বিভাগলৈ ৰাইজৰ দাবী– শীঘ্রে ৩০খনৰ ঠাইত ১০০খন বিছনাযুক্ত চিকিৎসালয়লৈ উন্নীত কৰি মুকলি কৰিব লাগে চিকিৎসালয়খন৷ সকলোৰে মনলৈ অহা কেতবোৰ স্বাভাৱিক প্রশ্ণ– তৎপৰ হ’বনে স্বাস্থ্য বিভাগ? ৰাইজৰ দীর্ঘদিনীয়া এনে বিপর্যয়ৰ খবৰ পাই আগলৈ মেৰামতিৰ যোগেদি হ’লেও মুকলি কৰাৰ দিহা হ’বগৈনে পৰিত্যক্ত এই বিশেষ গ্রাম্য চিকিৎসালয়খন?

You might also like