ক’ভিড–১৯: শনিবাৰে মৃত্যু ৩গৰাকীৰ, আক্রান্ত ২,১০,১৭৫
নিয়মীয়া বাৰ্তা, ১৫ নবেম্বৰঃ অসমত ক’ভিড পৰিস্থিতিৰ যথেষ্ট উন্নতি ঘটিছে যদিও মৃত্যুৰ ধাৰা এতিয়ালৈ অব্যাহত আছে৷ শনিবাৰেও ৰাজ্যখনত তিনিগৰাকীকৈ ক’ভিড ৰোগী মৃত্যুমুখত পৰে৷ ইয়াৰ লগে লগে ৰাজ্যখনত ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৯৬১গৰাকীলৈ বৃদ্ধি পালে৷
স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে জনোৱা অনুসৰি শনিবাৰে ডিব্রুগড়ৰ মাঙৰী নাগ (৬০), আৰতি পাল (৬০) আৰু কামৰূপ মহানগৰৰ দীপজ্যোতি শর্মা (৪৯)ৰ মৃত্যু হয়৷ মন্ত্রী ড০ শর্মাই তিনিওগৰাকী লোকৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷
ইপিনে, শনিবাৰে ৰাজ্যখনত নতুনকৈ ১০৭গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে৷ ইয়াৰে ২৭গৰাকী কামৰূপ মহানগৰীৰ৷ দিনটোত মুঠ ১৩,৬১৬গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ দিনটোত আক্রান্তৰ হাৰ ০.৭৯ শতাংশ৷ আনহাতে, সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত শনিবাৰে ৫২৯গৰাকী লোকক ৰিলিজ দিয়া হয়৷
মন কৰিবলগীয়া এয়ে যে এতিয়ালৈ ৰাজ্যখনত মুঠ ২,১০,১৭৫গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে৷ ইয়াৰে ২,০৫,২৪৭গৰাকী লোক সুস্থ হৈ নিজ নিজ ঘৰলৈ উভতি গৈছে৷ বর্তমান বিভিন্ন হাস্পতালত ৩,৯৬৪গৰাকী লোক চিকিৎসাধীন হৈ আছে৷ মৃত্যুৰ হাৰ ০.৪৬ শতাংশ৷ বর্তমান অসমত সুস্থতাৰ হাৰ ৯৭.৬৫ শতাংশ৷ সক্রিয় ৰোগীৰ হাৰ ১.৮৮ শতাংশ৷