বিশাল মূল মণ্ডপৰে সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান অধিৱেশনৰ প্ৰস্তুতি তুংগত
জনপ্ৰিয় কন্ঠশিল্পী আৰু অভিনয়শিল্পীৰ উপস্থিতিত জীপাল হ'ব অধিৱেশনথলী
নিয়মীয়া বাৰ্তা, ১৬ নবেম্বৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ কেন্দ্ৰীয় অধিৱেশনৰ উপলক্ষে দুলীয়াজান ছলাকটকী ৰাজহুৱা খেলপথাৰত আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে বিশাল মূল মণ্ডপ আৰু বিভিন্ন চিত্তাকৰ্ষক আৰ্হি । নিতৌ যুদ্ধকালীন তৎপৰতাৰে মণ্ডপসমূহ ইতিমধ্যে সাজি উলিওৱা হৈছে ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা আহিবলগা ১০ হাজাৰ প্ৰতিনিধিবৰ্গই একেলগে বহিব পৰাকৈ ৩৮০ ফুট দৈৰ্ঘ্য আৰু ৭৫ ফুট প্ৰস্থৰ অধিৱেশনৰ মূল মণ্ডপ আৰু ৩৫০ ফুট দৈৰ্ঘ্য, ৮০ ফুট প্ৰস্থৰ প্ৰতিনিধি সভাৰ মণ্ডপ নিৰ্মাণ কৰা হৈছে ।
সেইদৰে অতিথিসকলক আপ্যায়নৰ বাবে ১৭০ ফুট দৈৰ্ঘ্য আৰু ৫৫ ফুট প্ৰস্থৰ দুটাকৈ ৰান্ধনী গৃহ নিৰ্মাণ কৰা হৈছে । ইয়াৰোপৰি গ্ৰন্থমেলা, থলুৱা খাদ্যমেলা আৰু প্ৰদৰ্শনীমেলাকে ধৰি ১২৪ খন বিপণীয়ে অংশগ্ৰহণ কৰিব অধিৱেশনথলিত । এই অধিৱেশনতে অভ্যৰ্থনা সমিতিৰ উদ্যোগত স্মৃতিগ্ৰন্থ আৰু দুলীয়াজান শীৰ্ষক দুখনকৈ গ্ৰন্থ উন্মোচিত হ’ব বুলি জানিবলৈ দিছে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য শংকৰজ্যোতি বৰুৱাই । সেইদৰে কেইবাগৰাকী জনপ্ৰিয় কন্ঠশিল্পী আৰু অভিনয়শিল্পীৰ উপস্থিতিত অধিৱেশনথলী জীপাল হৈ উঠা দেখা যাব ।
এই সন্দৰ্ভত চাওক দুলীয়াজান ছলাকটকী ৰাজহুৱা খেলপথাৰৰ পৰা কৃষ্ণা গগৈৰ এক প্ৰতিবেদনঃ