নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম গুৱাহাটী সমষ্টি অগপৰ দুর্গ হৈয়ে থাকিবঃ কলিতা

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ : অসম গণ পৰিষদৰ দখলত থকা পশ্চিম গুৱাহাটী সমষ্টিকে ধৰি তমান অগপৰ দখলত থকা কেইবাটাও সমষ্টি অহা নির্বাচনত বিজেপিক এৰি দিয়াৰ লগতে দুজনমান অগপ বিধায়কে গেৰুৱা বসন পিন্ধিব বুলি একাংশ সংবাদ মাধ্যমত প্রকাশিত বাতৰিৰ তীব্র প্রতিক্রিয়া ক্ত কৰিছে অগপৰ কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক তথা পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই৷

আজি ‘নিয়মীয়া বার্তা’ৰে হোৱা বার্তালাপত বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই কয় যে পশ্চিম গুৱাহাটী সমষ্টি হ’ল অগপৰ দুর্গ আৰু ভৱিষ্যতেও অগপৰ দুর্গ হৈয়ে থাক্বি৷ এই সমষ্টিটো বিজেপিক এৰি দিয়াৰ প্রশ্নই নুঠে৷ তদুপৰি বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা আৰু সত্যব্রত কলিতাই গেৰুৱা সন পিন্ধিবলৈ সাজু বুলি চলা অপপ্রচাৰক একে আষাৰে অস্বীকাৰ কৰি বিধায়ক কলিতাই কয় যে অগপৰ প্রতিষ্ঠা কালৰ পৰাই এগৰাকী নিষ্ঠাৱান কর্মী হিচাপে সেৱা আগবঢ়াই আহিছোঁ আৰু ভৱিষ্যতেও সেৱা আগবঢ়াই যাম৷ এটা ন্যস্তস্বার্থজডিত মহলে বিভেদ সৃষ্টিৰ বাবে এইদৰে অপপ্রচাৰ চলাই আছে৷ কিয়নো, মিত্রতাৰ আসন ভাগ–বাটোৱাৰা সন্দর্ভত অগপ নেতৃত্ব আৰু বিজেপি নেতৃত্বৰ মাজত বর্তমানলৈ কোনো আলোচনাই হোৱা নাই৷ গতিকে কোন সমষ্টি অগপই ল’ব বা কোন সমষ্টি এৰি দ্বি সেই বিষয়ে ওলোৱা খ্বৰ সম্পূর্ণ ভিত্তিহীন৷ অগপ–বিজেপিৰ মাজত মিত্রতা সন্দর্ভত আনুষ্ঠানিক আলোচনা হোৱাৰ পিছতহে আসন সন্দর্ভত আলোচনা হ’ব বুলি কেন্দ্রীয় সাধাৰণ সম্পাদক ৰমেন্দ্র নাৰায়ণ কলিতাই জানিবলৈ দিয়ে৷

You might also like