অসম, অসমীয়া, ভাৰতীয়ক বাদ দি কংগ্রেছে ৰাজনীতি কৰিব বিচাৰিছে: বিত্তমন্ত্রী
নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: সাংসদ বদৰুদ্দিন আজমলৰ সভাত আৰবী ভাষাৰ বেনাৰ, বিধায়ক শ্বেৰমান আলী আহমেদে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত মিঞা মিউজিয়াম স্থাপন কৰি নীলা লুঙী সংৰক্ষণৰ প্রস্তাৱ, শিলচৰ বিমানকোঠত আজমলক আদৰিবলৈ যোৱা সমর্থকৰ মুখত পাকিস্তান জিন্দাবাদ ধ্বনি, বিজেপি পুনৰ ক্ষমতালৈ আহিলে মুছলমান নাৰী ধর্ষিতা হ’ব বুলি আজমলে কৰা মন্তব্যই ৰাজ্যৰ ৰাজনীতিত তীব্র আলোড়নৰ সৃষ্টি কৰাৰ সময়তে জ্যেষ্ঠ কংগ্রেছ নেতা তথা দক্ষিণ শালমাৰাৰ বিধায়ক, প্রাক্তন মন্ত্রী ৱাজেদ আলী চৌধুৰীয়ে কালি কৰা সাম্প্রদায়িক মন্তব্যত পুনৰ উত্তাল হৈ পৰিছে ৰাজনীতি৷
উল্লেখ্য যে বিধায়ক চৌধুৰীয়ে কালি নিজ সমষ্টিত এখন সভাত ভাষণ প্রসংগত অসমত আকৌ বিজেপি চৰকাৰ হ’লে মুছলমানে হয় হিন্দু ধর্ম ল’ব লাগিব, নহ’লে দেশ এৰিব লাগিব বুলি মন্তব্য কৰাৰ লগতে মছজিদত আজান বন্ধ কৰিব, নামাজ পঢ়িব নোৱাৰিব বুলি উগ্র সাম্প্রদায়িক মন্তব্য কৰে৷ তদুপৰি নতুন দিল্লীৰ লালকিল্লা, দেশৰ গৌৰৱ তাজমহল মুছলমানৰ সম্পত্তি বুলি অভিহিত কৰাৰ লগতে উজনি অসমক লৈও তাচ্ছিল্যসূচক মন্তব্য কৰে৷ তেওঁৰ সেই বক্তব্যৰ পাছতেই ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ এই সম্পর্কত তীব্র প্রতিক্রিয়া প্রকাশ কৰি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে ৱাজেদ আলী চৌধুৰীয়ে কংগ্রেছক উজনি অসমৰ ভোট নালাগে, নামনিৰ পৰাই চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰি দলটোৰ ভিতৰচ’ৰাৰ নতুন ৰাজনীতিৰ প্রতিফলন ঘটাইছে৷ ৱাজেদ আলী চৌধুৰীৰ এই মন্তব্য অতি নিকৃষ্ট৷ এওঁলোকে আজি উজনি অসমৰ ভোট নালাগে বুলি কৈছে, কাইলৈ ক’ব অসমীয়াৰ ভোট নালাগে, পৰহিলৈ ক’ব হিন্দুৰ ভোট নালাগে, পিছৰ দিনা ক’ব খ্রীষ্টান মানুহৰ ভোট নালাগে৷ অসম, অসমীয়া আৰু ভাৰতীয়ক বাদ দি তেওঁলোকে ৰাজনীতি কৰিব বিচাৰিছে৷ শ্বেৰমান, আজমল, ৱাজেদৰ কথাই স্পষ্ট কৰি দিছে– তেওঁলোকে কি বিচাৰিছে৷ ইপিনে, ৰাজ্যিক বিজেপিৰ মুখপাত্র মনোজ বৰুৱাই এক বিবৃতিত ৱাজেদ আলী চৌধুৰীয়ে চূড়ান্ত সাম্প্রদায়িক মন্তব্যৰে ধর্মীয় উন্মাদনাৰ সৃষ্টি কৰি ৰাজনৈতিক উদ্দেশ্য সিদ্ধিৰ বাবে কৰা নিকৃষ্ট ষড়যন্ত্রক তীব্র ভাষাৰে গৰিহণা দিয়ে৷ বিবৃতিটোত মুখপাত্র বৰুৱাই কয় যে যোৱা কিছুদিনত কংগ্রেছ দলৰ বিভিন্ন স্তৰৰ নেতৃত্বই প্রকাশ কৰা বক্তব্যৰ জৰিয়তে দলটোৰ অসমবিৰোধী আৰু খিলঞ্জীয়াবিৰোধী স্থিতি স্পষ্ট ৰূপত অসমৰ জনসাধাৰণৰ ওচৰত প্রকট হৈ পৰিছে৷ কিছুদিন আগেয়ে কংগ্রেছ দলৰ এগৰাকী বিধায়ক শ্বেৰমান আলীয়ে অসমীয়াৰ অতি আদৰৰ অনুষ্ঠান শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত মিঞা সংগ্রহালয় স্থাপনৰ দাবী উত্থাপন কৰি অসমীয়াৰ মর্মত আঘাত কৰাৰ পাছত শেহতীয়াকৈ ৱাজেদ আলী চৌধুৰীয়ে ২০২১ চনত বিজেপি ক্ষমতাত অধিষ্ঠিত হ’লে সকলো মুছলমান লোকে হিন্দু ধর্ম গ্রহণ কৰিব লাগিব, আজান দিয়া বন্ধ কৰিব লাগিব আদিকে ধৰি চৰম ধর্মান্ধ বক্তব্যৰে ধর্মান্ধতাই যে কংগ্রেছৰ গোপন এজেণ্ডা ইয়াকে জনসাধাৰণৰ ওচৰত উন্মোচিত কৰিলে৷ ৱাজেদ আলী চৌধুৰী, শ্বেৰমান আলীৰ দৰে কংগ্রেছীৰ হাতত অসমৰ সমাজ জীৱন কিদৰে সুৰক্ষিত হ’ব পাৰে বুলি প্রশ্ণ উত্থাপন কৰে৷
প্রকৃতার্থত ভোট বেংকৰ স্বার্থত তুষ্টিকৰণৰ ৰাজনীতিত সিদ্ধহস্ত কংগ্রেছ দলৰ মজিয়াত অসমৰ সাতামপুৰুষীয়া সম্প্রীতিৰ কোনো স্থান নাই বুলি উল্লেখ কৰি ৰাজ্যিক বিজেপিয়ে স্পষ্ট কৰি কয় যে অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি মিত্রজোঁটৰ চৰকাৰৰ আমোলত অসমৰ সকলো ধর্মাৱলম্বী লোকে শান্তিৰে বসবাস কৰি আহিছে৷ ইয়াৰ বিপৰীতে কংগ্রেছৰ বিগত ১৫ বছৰীয়া কার্যকালত কেৱল মুছলমান লোকেই নহয়, বিভিন্ন ধর্ম–সম্প্রদায়ৰ লোকে তুমুল শংকা তথা নিৰাপত্তাহীনতাত ভুগিব লগা হৈছিল৷ সাম্প্রদায়িক, গোষ্ঠীসংঘর্ষই অসমৰ বিভিন্ন প্রান্তত ত্রাসৰ সৃষ্টি কৰিছিল৷ বিজেপি নেতৃত্বাধীন মিত্রজোঁট চৰকাৰৰ আমোলত সৃষ্ট শান্তিৰ বাতাৱৰণত অসমৰ ৰাইজৰ মানসপটৰ পৰা মচ খাই যাব ধৰা সেই ভয়াৱহ দিনৰ প্রতিচ্ছবিকেই পুনৰ ঘূৰাই অনাৰ বাবে কংগ্রেছ দল ষড়যন্ত্রত লিপ্ত হোৱা বুলি বিজেপিয়ে অভিযোগ কৰে৷ এনেধৰণৰ অসমবিৰোধী তথা সাংবিধানিক বিধি–ব্যৱস্থাৰ প্রতি ভাবুকি সৃষ্টি কৰিব পৰা কার্যৰ পৰা বিৰত থাকিবলৈও ৰাজ্যিক বিজেপিয়ে ৱাজেদ আলীৰ চৌধুৰী সমন্বিতে কংগ্রেছ দলক কঠোৰভাৱে সকীয়াই দিয়ে৷ ইফালে, বিধায়ক ৱাজেদ আলী চৌধুৰীৰ সাম্প্রদায়িক মন্তব্যক লৈ কংগ্রেছৰ ভিতৰচ’ৰাতো আলোড়নৰ সৃষ্টি হৈছে৷ বিৰোধী দলপতি দেৱব্রত শইকীয়াই এই সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি কয় যে ৱাজেদ আলী চৌধুৰীৰ মন্তব্য সমর্থনযোগ্য নহয়৷ কংগ্রেছ দলৰ দায়িত্ব হৈছে দেশৰ সংবিধান ৰক্ষা কৰা৷ দেশৰ সংবিধান অনুসৰি প্রতিজন লোকে যাতে সম্পূর্ণ সা–সুবিধা, সুৰক্ষা লাভ কৰে, তাৰ প্রতি সকলোৱে গুৰুত্ব দিব লাগে৷ বর্তমানৰ বিজেপি চৰকাৰৰ দিনত যিদৰে সাম্প্রদায়িক উত্তেজনাৰ সৃষ্টি কৰা হৈছে, সেয়া যেনেদৰে গ্রহণযোগ্য নহয়, একেদৰে ৱাজেদ আলী চৌধুৰীৰ মন্তব্যও গ্রহণযোগ্য নহয়৷
উজনি অসম সম্পর্কত ৱাজেদ আলী চৌধুৰীয়ে কৰা মন্তব্যও গ্রহণযোগ্য নহয়৷ কংগ্রেছত উজনি অসমৰ অৱদান নাই বুলি ক’লেই হ’ব নেকি? সেই কথা ইতিহাসে ক’ব৷ লালকিল্লা, তাজমহল মুছলমানৰ সম্পত্তি বুলি কৰা বিতর্কিত মন্তব্য সন্দর্ভতো প্রতিক্রিয়া ব্যক্ত কৰি শইকীয়াই কয় যে চুকাফা অসমীয়া জাতিৰ অভিভাৱক৷ সেইজন চুকাফাক অকল অসমীয়া বুলি ক’লে যিদৰে অসমীয়া জাতিসত্তাক আঘাত কৰা হ’ব, সেইদৰে আনবোৰ ক্ষেত্রতো বৃহত্তৰ ভাৰতবর্ষৰ ধর্মনিৰপেক্ষতা অক্ষুণ্ণ ৰাখিহে বিবেচনা কৰা উচিত৷ সেইদৰে প্রদেশ কংগ্রেছৰ অন্যতম সাধাৰণ সম্পাদক, প্রাক্তন মন্ত্রী মহিবুল হকে কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্রদেশ কংগ্রেছৰ পর্যবেক্ষক জিতেন্দ্র সিং আৰু প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাক এক পত্রযোগে সাম্প্রদায়িক মন্তব্য কৰি দলবিৰোধী কার্যত লিপ্ত হোৱা ৱাজেদ আলী চৌধুৰীক দলৰ পৰা নিলম্বন কৰাৰ দাবী জনায়৷