ডিব্রুগড়ত সন্ধিয়া প্রচণ্ড ধুমুহাৰ বাবে আকাশত ৪৫ মিনিট উৰি থাকিল মুখ্যমন্ত্রীৰ বিমান
নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ ডিব্রুগড়ৰ মোহনবাৰী বিমানবন্দৰত এক ভয়াৱহ দুর্ঘটনাৰ পৰা কথমপি প্রাণৰক্ষা পৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷ মুখ্যমন্ত্রীগৰাকী কালি হেলিকপ্টাৰযোগে গুৱাহাটীৰ পৰা ডিব্রুগড়লৈ ৰাওনা হৈছিল৷ কিন্তু বৰষুণৰ বাবে ড’নিয়াৰ ফিস্ক উইং হেলিকপ্টাৰখন সুকলমে বিমানবন্দৰত অৱতৰণ কৰাত ব্যর্থ হয়৷ যাৰ বাবে সন্ধিয়া ৫.৪৫ বজাত অৱতৰণ কৰিবলগীয়া হেলিকপ্টাৰখন প্রায় ৪৫ মিনিট আকাশমার্গত ঘূৰি ফুৰে৷ প্রতিকূল বতৰৰ ফলত এক আতংকময় পৰিস্থিতিৰ সন্মুখীন হয় মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল৷
উল্লেখ্য যে ডিব্রুগড়ৰ নৱনির্মিত বাইপাছ উদ্বোধন কৰিবলৈ কালি দুগৰাকী সহযোগীৰ সৈতে ডিব্রুগড়লৈ ৰাওনা হৈছিল মুখ্যমন্ত্রীগৰাকী৷ কিন্তু হঠাৎ অহা ধুমুহাৰ বাবে তেওঁ ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হয়৷ ধুমুহা শাম কটাৰ পিছত অৱশ্যে হেলিকপ্টাৰখন সুকলমে অৱতৰণ কৰে৷