লখিমপুৰৰ পৰা পাষাণ পুত্রই নলবাৰীত পেলাই থৈ গ’ল বৃদ্ধ পিতৃক
নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ আশী ঊর্ধ্বৰ বৃদ্ধ এগৰাকীক লখিমপুৰৰ পৰা আনি পুত্রই নলবাৰীত পেলাই থৈ যোৱা ঘটনাক সচেতন নাগৰিকে ধিক্কাৰ দিছে৷ নলবাৰী ৰে’ল ষ্টেচনৰ সমীপৰ ফুটপাথত আশ্রয় লৈ আছিল প্রায় এসপ্তাহ ধৰি৷ অৱশেষত অশীতিপৰ বৃদ্ধগৰাকীক উদ্ধাৰ কৰিলে সাংবাদিক মজিবুৰ ৰহমানে৷
লখিমপুৰৰ বগীনদী থানাৰ অধীনৰ পদুমনি থান নিৱাসী পুনীৰাম খনিকৰ নামৰ আশী ঊর্ধ্বৰ বৃদ্ধগৰাকীয়ে কৃষি কার্য কৰি দুই পুত্র, এগৰাকী কন্যা আৰু পত্নী লিখেশ্বৰী খনিকৰক ভৰণ–পোষণ দি আহিছিল৷ এঘাৰ বিঘা ভূমিত কৃষি কার্য কৰি পৰিয়ালটোক পোহপাল দি অহাৰ পিছত বৃদ্ধগৰাকীয়ে এতিয়া একো কৰিব নোৱাৰা হৈ পৰিল৷ বার্ধক্যই কোঙা কৰা বৃদ্ধ পুনীৰাম খনিকৰৰ পত্নী লিখেশ্বৰী খনিকৰে যোৱা তিনি বছৰ পূর্বে মৃত্যুক আঁকোৱালি লয়৷ পত্নীৰ মৃত্যুৰ পিছৰে পৰা বৃদ্ধ পুনীৰাম এলাগী হৈ পৰিল পুত্র, বোৱাৰী আৰু কন্যাৰ৷ চৌদিশে ধোঁৱাকোৱা দেখিলে বৃদ্ধগৰাকীয়ে৷ এনেদৰে প্রায়েই পুত্র–বোৱাৰীৰ অকথ্য নির্যাতনৰ সন্মুখীন হৈ অহা বৃদ্ধ পুনীৰামক কুলাংগাৰ পুত্রই ৰে’লেৰে লৈ আহি পেলাই থৈ গ’ল নলবাৰী ৰে’ল ষ্টেচনৰ দাঁতিত৷
ইফালে বৃদ্ধগৰাকীৰ এনে দুর্দশাৰ কথা জানি নলবাৰী ৰে’ল ষ্টেচনৰ দাঁতিৰ এক কদর্য পৰিৱেশৰ পৰা আজি বিয়লি বৃদ্ধগৰাকীক উদ্ধাৰ কৰে সাংবাদিক মজিবুৰ ৰহমানে৷ সাংবাদিক ৰহমানে বৃদ্ধগৰাকীক উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষা কৰোৱাই আশ্রয়ৰ ব্যৱস্থা কৰে শান্তি নিৱাস বৃদ্ধাশ্রম ও অনাথ আশ্রমত৷ স্থানীয় ৰাইজে বৃদ্ধক আলাই–আথানি কৰা কুলাংগাৰ পুত্র, বোৱাৰী আৰু কন্যাৰ এনে নিকৃষ্ট কাণ্ডক ধিক্কাৰ দিয়াৰ লগতে বৃদ্ধগৰাকীৰ উদ্ধাৰ কৰি আশ্রয়–ভৰণ পোষণৰ দায়িত্ব লোৱা সাংবাদিক ৰহমানক ধন্যবাদ জ্ঞাপন কৰে৷