নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৪ কিঃমিঃ চাইকেল ৰেলীৰে গহপুৰ উত্তাল কৰিলে মন্ত্রী ড০ শর্মাই

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই এইবাৰ নাওবৈচা সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব৷ মিঞাৰ কোলাত বহিবলৈ নাওবৈচালৈ যাব গহপুৰৰ প্রাক্তন বিধায়ক ৰিপুণ বৰা৷ এতিয়া মিঞা মিউজিয়াম, মিঞা কবিতা, মিঞা স্কুলৰ পৃষ্ঠপোষক ৰিপুণ বৰাৰ নেতৃত্বত মিঞা সংস্কৃতি গঢ়ি উঠাটো আমাৰ বাবে দুর্ভাগ্যজনক৷ –এই মন্তব্য ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা আৰু লোকনির্মাণ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷

কালি প্রদেশ কংগ্রেছৰ সভাপতিজনৰ গৃহ সমষ্টি গহপুৰত একপ্রকাৰ নির্বাচনী ৰণডংকা বজালে নেডাৰ আহ্বায়ক তথা জ্যেষ্ঠ মন্ত্রীজনে৷  গহপুৰত বহুকেইটা গুৰুত্বপূর্ণ কার্যসূচী লৈ উপস্থিত হয় মন্ত্রী ড০ শর্মা৷ গহপুৰত ভৰি থৈয়েই মন্ত্রী ড০ শর্মাই ঐতিহ্যমণ্ডিত শ্রীশ্রীমা কল্যাণী মন্দিৰত সেৱা জনাই আশীর্বাদ গ্রহণ কৰে৷ ইয়াৰ পাছতেই ঐতিহাসিক গহপুৰৰ দৈমালুৰ জহৌলাও খেলপথাৰত অনুষ্ঠিত এখন বিশাল ৰাজহুৱা সভাত অংশ লয়৷ বড়ো জনবসতিপূর্ণ এই অঞ্চলটোত উপস্থিত হৈ মন্ত্রী ড০ শর্মাই বড়ো জাতিৰ পিতামহ বডোফা উপেন ব্রহ্মৰ এটা বিশাল প্রতিমূর্তি এই অঞ্চলত স্থাপন কৰি বড়ো জাতিৰ পিতাজনে উজ্জীৱিত কৰা জাতীয় সত্তা জীয়াই ৰাখিব বুলি ঘোষণা কৰে৷

৫ কোটি টকাৰে নির্মাণ কৰিবলগীয়া অসমৰ জাতীয় জীৱনৰ অন্যতম পুৰুষস্বৰূপ বডোফা উপেন ব্রহ্মৰ প্রতিমূর্তিৰ কাষত থকা অর্ধনির্মিত খেলপথাৰখনৰ পূর্ণাংগ ৰূপ দিবলৈ ৫ কোটি টকা আবণ্টন জনোৱাৰ কথা ঘোষণা কৰে বিত্তমন্ত্রীজনে৷ ইয়াৰ উপৰি অৰুণাচলৰ নির্মীয়মাণ হোলেঙী এয়াৰপ’টৰ লগত ১৪নং ৰাষ্ট্রীয় ঘাইপথ সংযোগী ফ’ৰলেন পথ নির্মাণৰ বাবে অসম মালা আঁচনিৰ অধীনত ২৪৩ কোটি টকা আবণ্টন দিয়াৰ তথ্যও সদৰী কৰে মন্ত্রীজনে৷ নিজ ভাষণত তেওঁ কয়– এখন আধুনিক শক্তিশালী অসম নির্মাণ কৰিবলৈ হ’লে আমি সকলো জাতি–জনগোষ্ঠী এক হ’ব লাগিব৷ আমি অসমৰ জাতীয় স্বার্থত অখণ্ড অসমৰ বাসিন্দা হ’ব লাগিব৷ অখণ্ড অসমত একত্রিতভাৱে আমি বসবাস কৰিলেহে শক্তিশালী ৰূপে নিজকে প্রতিষ্ঠা কৰিব পাৰিম৷

আনহাতে, সভাত উপস্থিত ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে কয় যে বড়ো জনগোষ্ঠীৰ পিতামহ উপেন্দ্র নাথ ব্রহ্মই বড়ো জাতিৰ সর্বাংগীণ বিকাশৰ বাবে প্রস্তুত কৰা কর্ম আঁচনিৰ বাবেই আজি বড়ো জাতিয়ে মূৰ দাঙি থিয় হ’ব পাৰিছে৷ এইগৰাকী বডোফা উপেন্দ্রনাথ ব্রহ্ম বড়ো জাতিৰ মহাপুৰুষ৷ বড়ো জাতিৰ বৃহত্তৰ স্বার্থত বড়ো ছাত্র সন্থাৰ নেতৃত্ব বহন কৰি তেওঁ অসমৰ বিভিন্ন স্থানত সিঁচৰতি হৈ থকা বড়ো লোকসকলক একত্রিত কৰিবলৈ সক্ষম হৈছিল৷ তেওঁ উপেন্দ্রনাথ ব্রহ্মৰ প্রতিমূর্তি স্থাপনৰ সিদ্ধান্তৰ বাবে অসম চৰকাৰক ধন্যবাদ জনায়৷

উল্লেখ্য যে দৈমালু খেলপথাৰৰ সভাৰ পাছতে সভাস্থলীৰ পৰা কলাবাৰীলৈ সুদীর্ঘ ১৪ কিলোমিটাৰ গাঁৱলীয়া পথ চাইকেল চলাই অতিক্রম কৰে মন্ত্রী ড০ শর্মাই৷ বিভিন্ন গাঁৱৰ মাজেৰে চাইকেল চলাই শোভাযাত্রা কৰাৰ সময়ত মন্ত্রী ড০ শর্মাক শ শ অনুষ্ঠান–প্রতিষ্ঠানৰ্ লগতে হাজাৰ হাজাৰ লোকে পথত থিয় হৈ গামোচা, আৰনাই, চেলেং পিন্ধাই উষ্ম আদৰণি জনায়৷ বহু স্থানত গায়ন–বায়নে খোল–তাল বজায়ো মন্ত্রীজনক শোভাযাত্রাত আদৰা পৰিলক্ষিত হয়৷ ইয়াৰ পাছতে মন্ত্রী শর্মাই বাইকেৰে বৰঙাবাৰীলৈ শোভাযাত্রা কৰি আন এখন মুকলি সভাত অংশ লয়৷ ইয়াৰ পূর্বে তেওঁ বৰঙাবাৰী এম ভি স্কুলত স্থাপন হ’বলগীয়া নার্ছিং স্কুল আৰু পেৰা মেডিকেল প্রতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে৷ এই উপলক্ষে অনুষ্ঠিত সভাত অংশ লৈ নিজ ভাষণত মন্ত্রী ড০ শর্মাই কংগ্রেছ আৰু এ আই ইউ ডি এফ দলক আক্রমণৰ লক্ষ্য কৰি লয়৷ তেওঁ কয় যে কংগ্রেছ আৰু এ আই ইউ ডি এফৰ নেতৃত্বত এতিয়া অসমৰ আত্মাৰ ওপৰত আক্রমণ চলিছে আৰু এই আক্রমণৰ নেতৃত্ব লৈছে গহপুৰৰ প্রাক্তন বিধায়ক ৰিপুণ বৰাই৷ গহপুৰৰ বর্তমান বিধায়ক উৎপল বৰাৰ জনপ্রিয়তাৰ বাবে এতিয়া ৰিপুণ বৰা নাওবৈচালৈ যাবলৈ বাধ্য হৈছে৷ ভাষণত মন্ত্রীজনে মোদী চৰকাৰে লোৱা বিকাশৰ আঁচনিসমূহৰ বিষয়ে বিতং তথ্য আগবঢ়ায়৷ তেওঁ অৰুণোদয় আঁচনিৰ জৰিয়তে গহপুৰৰ ১৬ হাজাৰ পৰিয়ালক সামৰি লোৱা হ’ব বুলিও ঘোষণা কৰে৷

উল্লেখ্য যে সভাত মন্ত্রী ৰঞ্জিত দত্ত, সাংসদ পল্লৱলোচন দাস, বিধায়ক উৎপল বৰা, প্রমোদ বৰঠাকুৰকে ধৰি গহপুৰৰ হাজাৰ হাজাৰ লোক উপস্থিত থাকে৷ মন্ত্রী ড০ শর্মাৰ চাইকেল, বাইক আৰু গাড়ীৰে কৰা শোভাযাত্রাত অংশ লয় সমষ্টিটোৰ হাজাৰ হাজাৰ জনতাই৷ মন্ত্রী ড০ শর্মাৰ গহপুৰৰ এই সমাৱেশে সমষ্টিটোৰ ৰাজনৈতিক বতাহ উত্তপ্ত কৰি তোলা পৰিলক্ষিত হৈছে৷

You might also like