নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰে’লৱেত ৪১৩ পদ খালী, অন্তিম তাৰিখ ১ ডিচেম্বৰ

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ ভাৰতীয় ৰে’লৱেত(Indian Railway) ছাউথ ইষ্ট চেণ্ড্রেল ডিভিজনত(South East Central Railway) খালী হৈছে ৪১৩ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰিOffice of the Sr. Divisional Personnel officer, Raipur বিভাগৰAssistant Personnel Officer–এ এক বিস্তৃত নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে–Welder (119), Turner (27), Fitter (119), Electrician (59), Steno Grapher – Hindi (3), Steno Grapher – English (3), H.S. Inspector (3), Comp. Operator (8), Machinist (14), Mechanical Diesel (15), Mechanical Refrigeration & Air Conditioning (10), Mechanical Auto Electrical & Electronics (30) আৰুM.M. Vehicle (3)৷

আবেদনকাৰী দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে সংশ্লিষ্ট খণ্ডত আই টি আইৰ প্রমাণ–পত্রধাৰী হোৱাটো বাঞ্ছনীয়৷ বয়স ১ জুন, ২০২০লৈ ১৫–২৪ বছৰ৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে বিধিগত ৰেহাই লাভ কৰিব৷ পদপ্রত্যাশীসকলে বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়স, শ্রেণী, বাছনি প্রক্রিয়া, অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈSouth East Central Railwayৰ ৱেবছাইটhttps://apprenticeshipindia.org& https://secr.indianrailways.gov.in লগ–ইন কৰিব পাৰিব৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ১ ডিচেম্বৰ, ২০২০৷

You might also like