নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছ নেতা আহমদ পেটেলৰ বিয়োগ, আক্ৰান্ত হৈছিল ক’ৰোনাত

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ জ্যেষ্ঠ কংগ্ৰেছ নেতা আহমদ পেটেলৰ বিয়োগ ঘটিছে। এমাহ আগতে ক’ৰনাত সংক্ৰমিত হোৱা আহমদ পেটেলৰ চিকিৎসা চলি আছিল হাস্পতালত। কিন্তু আজি পুৱা তেওঁৰ পুত্ৰ ফৈজল পেটেলে টুইটযোগে পিতৃ আহমদ পেটেলৰ পুৱা ৩:৩০ বজাত মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে।

আহমদ পেটেলৰ চিকিতসা গুৰুগ্ৰামৰ মেদান্তা হাস্পতালত চলি আছিল। উক্ত হাস্পতালতে তেওঁ ইহলীলা সম্বৰণ কৰে। যোৱা ১ অক্টোবৰত ক’ৰোনাত আক্ৰান্ত হোৱা বুলি পেটেলে নিজে টুইটযোগে সদৰী কৰিছিল। কিন্তু ক’ৰোনাৰ পৰা মুক্ত হোৱাৰ পিছত তেওঁক পুনৰ ১৫ নৱেম্বৰত মেদান্তা হাস্পতালত ভৰ্তি কৰোৱা হয়।

৭১ বছৰীয়া আহমদ পেটেল ৩বাৰলৈ লোকসভাৰ সাংসদ হোৱাৰ লগতে ৫ বাৰলৈ ৰাজ্যসভাৰ সাংসদ হৈছিল। ২০১৮ চনত তেওঁ কংগ্ৰেছ দলৰ কোষাধ্যক্ষ নিযুক্ত হয়। ১৯৭৭ চনত পেটেলে গুজৰাটৰ ভৰুচ সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে লোকসভাৰ সাংসদ হৈছিল। কংগ্ৰেছৰ এগৰাকী বিশ্বস্ত নেতা আহমদ পেটেলৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰে ছোনিয়া গান্ধীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও গভীৰ দুখ প্ৰকাশ কৰে। আহমদ পেটেলক গুজৰাটৰ ভৰুচৰ পৈতৃক গাঁও পিৰামনত জানাজা সম্পন্ন কৰা হ’ব। আহমদ পেটেলৰ ইচ্ছা অনুসৰি তেওঁৰ পিতৃ-মাতৃৰ সৈতে কবৰ দিয়া হ’ব বুলি জানিব পৰা গৈছে।

You might also like