নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলাক্ষেত্ৰত ৰাহুল গান্ধীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ, প্ৰয়াত গগৈক ৰাজনৈতিক গুৰু আখ্যা

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক শ্ৰদ্ধা জনাবলৈ গুৱাহাটীত উপস্থিত হ’ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। শ্ৰদ্ধাঞ্জলি তৰ্পণৰ বাবে শংকৰদেৱ কলাক্ষেত্ৰত ৰখা তৰুণ গগৈৰ নশ্বৰদেহত ৰাহুল গান্ধীয়ে জনায় শ্ৰদ্ধাঞ্জলি। ৰাহুল গান্ধীক সংগ দিয়ে কংগ্ৰেছ সাংসদ তথা প্ৰয়াত গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ লগতে আন বহু ৰাজনৈতিক নেতাই।

শ্ৰদ্ধাঞ্জলি অৰ্পণৰ পিছতে ৰাহুল গান্ধীয়ে প্ৰয়াত গগৈৰ চৰকাৰী বাসভৱনত উপস্থিত হৈ পত্নী ডলী গগৈৰ লগতে পৰিয়ালৰ আন সদস্যক সমবেদনা জ্ঞাপন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছত সাংবাদিকৰ আগত কয়- ‘তৰুণ গগৈ অসমৰ এগৰাকী কংগ্ৰেছ নেতাই নহয়, ৰাজ্যখনৰ এগৰাকী সমৰ্পিত মুখ্যমন্ত্ৰীও আছিল। লগতে তেওঁ আছিল এগৰাকী ৰাষ্ট্ৰীয় নেতা। গগৈয়ে অসমৰ জনগণৰ ঐক্য আৰু ৰাজ্যখনলৈ শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত অৰিহণা যোগাইছিল। গগৈৰ মৃত্যুত মই এগৰাকী ৰাজনৈতিক শিক্ষকক হেৰুৱালোঁ।’

ৰাহুল গান্ধীয়ে লগতে উল্লেখ কৰে যে প্ৰয়াত গগৈৰে কথা পাতিলে এনে লাগে যেন তেওঁ অসমখনৰ লগত কথা পাতি আছে। অসমখনক এনেদৰে নিজৰ অনুভৱৰ মাজত সোমাই ল’ব পাৰিছিল গগৈয়ে।

You might also like