নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ পাকিস্তানৰ কৰাচীৰ পৰা আহি থকা অৱস্থাত ১০০ কেজি হেৰ’ইনসহ শ্রীলংকাৰ নাও এখন জব্দ কৰাৰ লগতে নাওখনত থকা ৬জনক গ্রেপ্তাৰ কৰিছে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে৷ উপকূলৰক্ষী বাহিনীৰ জাহাজ বৈভৱে চোৰাং বেহাবিৰোধী অভিযান চলাই থকাৰ সময়তে শ্রীলংকাৰ নাওখনৰ ওপৰত সন্দেহ ওপজে৷ যোৱা ১৭ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই অভিযানৰ সময়তে উপকূলৰক্ষী বাহিনীয়ে শ্রীলংকাৰ নাওখন ৰখাই তন্ন তন্নকৈ পৰীক্ষা কৰাত ১০০ কেজি হেৰ’ইন উদ্ধাৰ কৰে৷ হেৰ’ইনৰ লগতে নাওখনৰ পৰা উপকূলৰক্ষীয়ে ৫টা পিষ্টলো জব্দ কৰে৷ নাওখনত থকা ৬জন লোককে গ্রেপ্তাৰ কৰি সোধা–পোছা কৰাৰ অন্তত এই কথা নিশ্চিত হয় যে পাকিস্তানৰ কৰাচীৰ পৰা এই হেৰ’ইনখিনি সেৰবৰাহ কৰা হৈছে৷ হেৰ’ইনৰ লগতে নাওখনত ২০টা সৰু ছিন্থেটিক ড্রাগছৰ পেকেটো জব্দ কৰে উপকূলৰক্ষী বাহিনীয়ে৷