নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এলজিবি আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত চাকৰি

আবেদন গ্ৰহণৰ অন্তিম দিন ১৩ ডিচেম্বৰ

তেজপুৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্রতিষ্ঠানত খালী হৈছে কেইবাটাও পদ৷ যোগ্য ভাৰতীয় প্রার্থীৰ পৰা আবেদন আহ্বান কৰি স্বাস্থ্য প্রতিষ্ঠানটোৰ সঞ্চালকে এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদকেইটাৰ ভিতৰত আছে– প্রজেক্ট ইঞ্জিনীয়াৰ, চিফ এডমিনিষ্ট্রেটিভ অফিচাৰ, একাউণ্টছ অফিচাৰ, এছিছটেণ্ট একাউণ্টছ অফিচাৰ, এছিছটেণ্ট এডমিনিষ্ট্রেটিভ অফিচাৰ আৰু লণ্ড্রী ছুপাৰভাইজৰ কাম বয়লাৰ এটেনডেণ্ট৷ প্রতিটো বিভাগতে একোটাকৈ পদ আছে৷ আবেদনকাৰীৰ বয়স সর্বোচ্চ ৫৬ বছৰ৷ আগ্রহীসকলে নিযুক্তি সম্পর্কীয় সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়স, পদৰ সংৰক্ষণ, নিযুক্তি প্রক্রিয়া তথা প্র–পত্র ডাউনলোড কৰিবলৈ ৱেবছাইটwww.lgbrimh.gov.in চাব পাৰে৷ প্রার্থীসকলে যাৱতীয় নথি–পত্রৰ প্রতিলিপিসহ আবেদন ১৩ ডিচেম্বৰ ২০১৯ বা তাৰ পূর্বে পোৱাকৈ’Director, LGBRIMH, Tezpur and Administrative Officer, LGBRIMH, Tezpur-784001, Assam’ ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷

You might also like