নৱকান্ত পেগু ওৰফে নৱ নেৰেশলৈ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাহায্য
নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ দীৰ্ঘ বছৰ ধৰি পক্ষাঘাত ৰোগত আক্ৰান্ত হৈ আৰ্থিক অনাটনৰ মাজত দিন অতিবাহিত কৰি অহা জনপ্ৰিয় কন্ঠশিল্পী মিচিং আধুনিক গীতৰ পথ প্ৰদৰ্শক হিচাপে পৰিচিত নৱকান্ত পেগু ওৰফে নৱ নৰেশলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোনাই আঞ্চলিক সমিতিৰ উদ্যোগত, ধেমাজি জিলা সমিতি আৰু চিমেন চাপৰি আঞ্চলিক সমিতিৰ সহযোগত আজি আৰ্থিক সাহায্যৰ লগতে দুই বাণ্ডিল টিনপাত আগবঢ়োৱাৰ উপৰি জৰাজীৰ্ণ ঘৰটো পুনৰ মেৰামতি কৰি দিয়ে।
ডেকাপাম মিছামৰাৰ নিজা ঘৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মা, সাংগঠনিক সম্পাদক ধীৰাজ মিৰি, উপদেষ্টা নীল গগৈ, জোনাই আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক খগেন ডেকা, চিমেন চাপৰি আঞ্চলিক সমিতিৰ সভাপতি দেৱেশ্বৰ বৰা, সাধাৰণ সম্পাদক বাবুল চুতীয়াৰ উপস্থিতিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জোনাই আঞ্চলিক সমিতিৰ উদ্যোগত আৰু জোনাইবাসী ৰাইজৰ সহযোগত ২৫ তাৰিখে জোনাই অঞ্চলত নগদ ১৯,২৮৫ টকা টকা বৰঙণি সংগ্ৰহ কৰি আগবঢ়োৱাৰ লগতে শিল্পীগৰাকীলৈ প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰে।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি জ্ঞান শৰ্মা কয়- কন্ঠশিল্পী নৱকান্ত পেগুক পুনৰবাৰ যাতে মঞ্চত প্ৰতিষ্ঠা কৰিব পাৰি তাৰ বাবে সকলো দল সংগঠনকে ধৰি অসমবাসীৰ ৰাইজক উদ্যোগ ল’বলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা আহ্বান জনোৱাৰ লগতে জুবিন গাৰ্গ, মানস ৰবিন, বৰ্ণালী কলিতাৰ সান্নিধ্য লাভ কৰিছিল৷
জনপ্ৰিয় অসমীয়া আধুনিক গীত “মোৰজান”, “পখিলী”, “কলিজাৰ জুই” আদি গীতৰ স্ৰষ্টা কন্ঠশিল্পীগৰাকীয়ে শতাধিক মিচিং আধুনিক গীতত সুৰ আৰোপ কৰিছে