ৱেব প’র্টেল নিয়ন্ত্রণৰ বাবে আগবাঢ়ি আহক সাংবাদিক সংগঠন
মঙলদৈ প্রেছ ক্লাবৰ অধিৱেশনত চৈয়দ জাৰিৰ হুছেইন
নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ মঙলদৈ প্রেছ ক্লাবৰ নৱম দ্বি–বার্ষিক অধিৱেশন আজি এদিনীয়া কার্যসূচীৰে জিলা পুথিভঁৰাল প্রেক্ষাগৃহত অনুষ্ঠিত হয়৷ অধিৱেশনত ‘নিউজ লাইভ’ৰ পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইন, নিয়মীয়া বার্তাৰ বার্তা সম্পাদক তথা গুৱাহাটী প্রেছ ক্লাবৰ সভাপতি, মঙলদৈৰ সন্তান মনোজ কুমাৰ নাথ, প্রাগ নিউজৰ এছ’চিয়েট এডিটৰ দেৱজিৎ ভূঞা, দৰঙৰ উপায়ুক্ত দিলীপ কুমাৰ বৰা, উদ্যোগপতি মুকুল ডেকাসহ কেইবাজনো বিশিষ্ট লোকে ভাগ লয়৷ ‘নিউজ লাইভ’ৰ পৰিচালন সম্পাদক হুছেইনে বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰি সাংবাদিকসকলৰ লক্ষ্মণ ৰেখা দায়বদ্ধতাৰ ওপৰত বক্তব্য আগবঢ়াই ৰাজ্যত গা কৰি উঠা প’র্টেলসমূহৰ নিয়ন্ত্রণৰ বাবে ৰাজ্যৰ সাংবাদিক সংগঠনসমূহ আগবাঢ়ি আহিব লাগিব বুলি মন্তব্য কৰে৷ তেওঁ ভাষণত ৱেব প’র্টেলসমূহৰ একাংশ সাংবাদিকৰ সামাজিক দায়বদ্ধতাৰ ওপৰতো প্রশ্ণ উত্থাপন কৰে৷ প্রেছ ক্লাবৰ ২০২০–২২ বর্ষৰ বাবে নতুন কার্যনির্বাহক সমিতি আজি গঠন কৰা হয়৷ মঙলদৈ প্রেছ ক্লাবৰ নৱম দ্বিবার্ষিক অধিৱেশন উপলক্ষে দিনৰ ১১ বজাত সভাপতি আব্দুল খালেকৰ সভাপতিত্বত অনুষ্ঠিত বিষয় বাছনি সভাত মদন বৰুৱাক সভাপতি, আছাদ আলী, মুকুটৰাজ শর্মা আৰু দুলাল ডেকাক উপসভাপতি, লক্ষীনন্দন কলিতাক সাধাৰণ সম্পাদক, ধর্মকান্ত বৰুৱা, নৱজ্যোতি মহন্ত আৰু দেৱব্রত গোস্বামীক সহকাৰী সম্পাদক, উজ্জ্বলজ্যোতি ডেকাক কার্যালয় সম্পাদক, মকছেদ আলীক আলোচনী সম্পাদক আৰু প্রাঞ্জল মহন্তক তথ্য আৰু প্রচাৰ সম্পাদক হিচাপে লৈ নতুন সমিতিখন গঠন কৰা হয়৷ বিষয় বাছনি সভাৰ পূর্বে অনুষ্ঠিত প্রতিনিধি সভাত স্থানীয় বিধায়ক গুৰুজ্যোতি দাস, মঙলদৈৰ সাংসদ দিলীপ শইকীয়া, উপায়ুক্ত দিলীপ কুমাৰ বৰা, আৰক্ষী অধীক্ষক অমৃত ভূঞা, উপ–আৰক্ষী অধীক্ষক মামণি হাজৰিকা, অভিনেতা যতীন বৰা, কণ্ঠশিল্পী বিদ্যাসাগৰ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্রসাদ তাছা উপস্থিত থাকি সাংবাদিকসকলক শুভেচ্ছা জ্ঞাপন কৰে৷ পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অধিৱেশনৰ বিয়লি ২ বজাত সভাপতি আব্দুল খালেকৰ সঞ্চালনাত অনুষ্ঠিত হয় মুকলি সভা৷ শিল্পী প্রাঞ্জল শর্মাই আঁতধৰা তথা বিধায়ক গুৰুজ্যোতি দাসে উদ্বোধন কৰা মুকলি সভাত লক্ষীনন্দন কলিতাৰ সম্পাদনাত প্রকাশ পোৱা স্মৃতিগ্রন্থ উন্মোচন কৰে দৰঙৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাই৷ সভাৰ মাজতে মঙলদৈ য়ুথ ক্লাবৰ শিল্পীসকলে আন্তঃৰাষ্ট্রীয় নৃত্যশিল্পী ভানু ডেকাৰ নেতৃত্বত পৰিৱেশন কৰা মাটিয়াখাৰাই সকলোকে মুগ্ধ কৰি তোলে