যোৰহাট জিলা মৃদংগীয়া গায়ন বায়ন বায়ন সমাৰোহ উদযাপন
নিয়মীয়া বাৰ্ত,২৯ নৱেম্বৰ : অসমীয়া লোক বাদ্য তথা বৰ্তমান অসমীয়া সমাজত হেৰাই যাব ধৰা এক আপুৰুগীয়া বাদ্য যন্ত্ৰ হল মৃদংগ | এই প্ৰাচীন মৃদংগীয়া গায়ন বায়ন নৱ প্ৰজন্মৰ মাজত নতুন মাত্ৰাৰে উজ্বলাই তোলাৰ প্ৰয়াসেৰে যোৰহাট জিলাৰ মেলেং সন্দিকৈ গাৱত দিন যোৰা কায্যসূচীৰে উদযাপন কৰা হয় মৃদংগীয়া গায়ন বায়ন সমাৰোহ ।
সন্দিকৈ গাঁৱৰ নিৰ্মল যুৱ সংঘৰ প্ৰাংগণত অনুষ্ঠিত হোৱা গায়ন প্ৰৰ্দশনত জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা বহু কেইটা দলে গায়ন বায়ন প্ৰদৰ্শন কৰে | দেৱবাদ্য ভাগৰ বৰ্তমান লুপ্তপ্ৰায় অৱস্থাত আছে সেইহেতু আধুনিক সমাজ জীৱনৰ ধাৰাৰ সৈতে তথা নৱপ্ৰজন্মৰ সৈতে এক কৰাল একপ্ৰয়াস বুলিও অভিব্যক্ত কৰে বুলি উদ্যোক্তামণ্ডলীয়ে ।লগতেই ঢ়োল ,তাল,উৰুলি ,মূৰুলী,ঘন্টা ,খঞ্জৰী ,নেগেৰা ,তবলা ৰ দৰে মৃদংগও এক মাঙ্গলিক বাদ্য বুলিও ব্যক্ত কৰে ।