নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহাৰ কটহগুৰিত পৰম্পৰা ৰক্ষাৰে ৰাস মহোৎসৱ উদযাপন, অসুৰ বধি পৃথিৱীৰ পৰা অসূয়া দূৰীকৰণৰ আহ্বান

নিয়মীয়া বাৰ্তা ১ ডিচেম্বৰঃ   ৰাজ্যতৰ চৌদিশে মহামাৰী ক’ৰণা ভাইৰাছৰ তীব্ৰ আতংকৰ মাজতে ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি বিভিন্ন প্ৰান্তত চলিছে শৰত কালৰ প্ৰভু শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা। শৰতৰ ৰূপোৱালী নিশাৰ নিৰ্জনতা ভেদি খোল-মৃদংগ,বাঁহী, তালৰ চেৱে চেৱে গোপ-গোপী সকলৰ নৃত্য। ৰাসক্ৰীড়াৰ বাবে মত্যতে অস্থায়ীৰূপে নিৰ্মাণ হৈছে বৃন্দাৱন,যমুনা ইত্যাদি। মুঠতে শ্ৰীশ্ৰী কৃষ্ণৰ কামজয় ক্ৰীড়া ৰাসকেলিক লৈ উৎকন্ঠাৰ যেন অন্ত নাই। অন্য ঠাইৰদৰে  নগাঁও জিলাৰ ৰহাৰ কটহগুৰিতো সোমবাৰে নিশা অনুষ্ঠিত হয় শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস যাত্ৰা। এই উৎসৱৰ লগত সংগতি ৰাখি স্থানীয় উদযাপন সমিতিয়ে আয়োজন কৰা “কালিয় দমন” নাট তথা কৃষ্ণৰ ৰাসলীলাই মোহিত কৰিলে হাজাৰ হাজাৰ দৰ্শকক। “শৰত কালৰে ৰাতি অতি বিতোপন–ৰাসক্ৰীড়া কৰিতে লাগি কৃষ্ণৰ ভৈলা মন” – শৰত নিশাৰ স্নিগ্ধ জোনাকত বৃন্দাবনত মতলীয়া গোপ-গোপী। কৃষ্ণৰ সুললিত বাঁহীৰ সুৰে মোহাছন্ন গোপীনীৰ হৃদয়। কেৱল গোপ-গোপী সকলেই নহয়, এই সুৰতে কৃষ্ণক স্বচক্ষে প্ৰতক্ষ্য কৰিবলৈ ঢাপলি মেলিলে হাজাৰ হাজাৰ দৰ্শক। কি বুঢ়া, কি আদহীয়া।কণমানিৰ পৰা বৃদ্ধালৈ ৰাসলীলাৰ দৃশ্যৰে নয়ন সাৰ্থক কৰিবলৈ শীতৰ ঠেঁটুৱৈকো নেওচি হিলদল ভাঙি ওলাই আহিল অঞ্চলৰ ৰাইজ। কৃষ্ণৰ অনন্ত শৰ্য্যা, পুতনা বধ, অঘাসুৰ বধ, কালিয় দমণ, শংঙ্খচূড় বধ আদিৰ দৃশ্যাংশৰ লগতে নান্দনিক বৃন্দাবনৰ দৃশ্য আছিল মহোৎসৱৰ চকুত লগা দিশ। চলিত বছৰত ১৯ বৰ্ষত উপনীত হোৱা কটহগুৰি  ৰাস মহোৎসৱে বিগত বৰ্ষৰ চাৰিদিনীয়া কাৰ্যসূচীৰ পৰিৱৰ্তে মহামাৰী ক’ৰণা ভাইৰাছৰ বাবে চলিত বৰ্ষত দুদিনলৈ কাৰ্যসূচী হ্ৰাস কৰি পৰম্পৰা ৰক্ষা কৰিলে গাঁওবাসীয়ে। কাৰ্যসূচী অনুসৰি প্ৰথমদিনা ভাগৱত শোভাযাত্ৰা, ভাগৱত পাঠ আৰু নামপ্ৰসংগ।দ্বিতীয় দিনা পুৱা প্ৰাতঃপ্ৰসংগ , ভাগৱত পাঠ, নাম প্ৰসংগৰ লগতে নিশালৈ মহাপুৰুষ শংকৰদেৱৰ বিৰচিত কেলিগোপাল অংকীয়া নাট মঞ্চস্থ কৰে গাঁৱৰ জীয়ৰী-বোৱাৰী সকলে। ফুকন ডেকাৰ মুখ্য পৰিচালনাত, দীপক ডেকাৰ সহ পৰিচালনাৰে আৰু বায়ন মিলিক ডেকা, অকণ ডেকাৰ মুখ্য উদ্যোগত  নাটখনিৰ  শ্ৰীকৃষ্ণৰ ভাৱত গাৰ্গী ডেকা, ৰাধা কস্তুৰী ডেকা, প্ৰথম গোপী অনুষ্কা দেৱী আৰু শংখচূড়ৰ ভাৱত ৰশ্মি বড়োয়ে অভিনয় কৰে। মন কৰিবলগীয়া যে, মহামাৰী কৰ’ণা ভাইৰাছে ৰাজ্যখনৰ লগতে সমগ্ৰ পৃথিৱীতে যি সন্ত্ৰাস চলাই আছে এই সন্ত্ৰাস ৰাসলীলাৰ অসুৰ বধৰ পাছৰ পৰাই অন্ত পৰি পৃথিৱীৰ পৰা অসূয়া, অশান্তি দূৰ কৰিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই সকলো ৰাইজে।

You might also like