নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচিত কোটি কোটি টকা খৰচ কৰিলেও বিজেপি নিজিকে

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ বিটিচি পৰিষদীয় নির্বাচনৰ প্রথম পর্যায়ৰ নির্বাচনৰ বাবে মাজত তিনিটা দিন বাকী থকা সময়ত অধিক তীব্রতৰ আৰু আকর্ষণীয় হৈ পৰিছে নির্বাচনী প্রচাৰ৷ সমান্তৰালভাৱে বৃদ্ধি পাইছে বিভিন্ন ৰাজনৈতিক নেতাৰ মাজত বোকা ছটিয়াই বিটিচি দখলৰ বাক্যুদ্ধ৷  বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে কোকৰাঝাৰ জিলাৰ দোতমা পৰিষদীয় সমষ্টিৰ মিলন বজাৰ আৰু বনৰগাঁও পৰিষদীয় সমষ্টিৰ ডালোৱাবাৰী চাহ বাগান খেলপথাৰত অনুষ্ঠিত নির্বাচনী প্রচাৰ সভাত মিত্রদল বিজেপিৰ প্রতি তীব্র আক্রমণাত্মক হৈ পৰে৷ বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে নির্বাচনী প্রচাৰ সভাৰ লগতে সাংবাদিকৰ আগত কয় যে বিজেপিৰ ফুল ফুলাৰ বতৰ নাই৷ পদুম ফুল মৰহি গ’ল৷ হিমন্ত দাদাই এতিয়া জার্ছী খুলি পলাইছে৷ ফিল্ডত নাই৷ অকল হিমন্ত দাদা কিয় নেডাৰ যিমান মুখ্যমন্ত্রী, মন্ত্রী, বিধায়ক, সাংসদ আছে সকলো আহিলেও কাম নহ’ব৷ বিটিচিৰ নির্বাচনত হাজাৰ কোটি খৰচ কৰিলেও বিজেপি দল জিকিব নোৱাৰে৷ বিটিচিৰ চল্লিছটা পৰিষদীয় সমষ্টিৰ ত্রিশটা জনজাতি সংৰক্ষিত আসনৰ ভিতৰত বিপিএফ দলে বিশটা আৰু দহটা সাধাৰণ আসনৰ ভিতৰত তিনিটা মুঠ তেইশটা সমষ্টিত বিপিএফ দলে জয়লাভ কৰি চতুর্থবাৰৰ বাবে পৰিষদীয় চৰকাৰ গঠন কৰিব বুলি মহিলাৰীয়ে দাবী কৰে৷

আনপিনে, পৰিষদীয় চৰকাৰ গঠনৰ পাছত সর্বপ্রথমে সকলো জাতি–জনগোষ্ঠীক মাটিৰ পট্টা প্রদান, জানুৱাৰী– ফেব্রুৱাৰী মাহৰ ভিতৰত বিটিচি অঞ্চলৰ ৰাস্তা–ঘাট নির্মাণৰ কাম ক্ষিপ্রতাৰে সম্পন্ন কৰিব বুলি উল্লেখ কৰি পুনৰ ২০২১ৰ বিধানসভা নির্বাচনী যুঁজৰ বাবে টঙালি বান্ধিব বুলি কয়৷ ইয়াৰ উপৰি আদিবাসী আৰু কোচ–ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ বন্ধ হৈ থকা ফাইল পুনৰ খুলি জনজাতিকৰণ কৰিবলৈ বিজেপি চৰকাৰক বাধ্য কৰিব বুলিও মত ব্যক্ত কৰে৷

আনপিনে, প্রমোদ বডোৰ ইউপিপিএল দল ক্ষমতালৈ আহিলে একচনীয়া, খাচ মাটি, ড্রাইবেল বেল্ট–ব্লকত বসবাস কৰা লোকসকলক উচ্ছেদ কৰিব বুলি মন্তব্য কৰি তেওঁ কয় যে আদিবাসী–কোচ ৰাজবংশীৰ জনজাতিকৰণত বাধা দিব৷ গতিকে ইউপিপিএল দলক ভোট প্রদান নকৰি বিপিএফ দলৰ প্রার্থীৰ সপক্ষে ভোট প্রদান কৰিবলৈ বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে ভোটাৰ ৰাইজলৈ আহ্বান জনায়৷ উল্লেখ্য যে বনৰগাঁও আৰু দোতমা পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্রার্থী ৰাজীৱ কুমাৰ ব্রহ্মআৰু প্রকাশ বসুমতাৰীয়ে নিজৰ জয় নিশ্চিত বুলি দাবী কৰিছে৷

You might also like