নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘প্রতিটো জনগোষ্ঠীৰ উন্নয়নৰ বাবে বিটিআৰত প্রয়োজন বিজেপি চৰকাৰ’

বাগানপাৰা সমষ্টিৰ বিজেপি প্রার্থী আৰতি বৰদলৈৰ নির্বাচনী সভাত সাংসদ দিলীপ শইকীয়া

নিয়মীয়া বাৰ্তা ৫ ডিচেম্বৰঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত অসমত এক উন্নয়নৰ ধাৰা আৰম্ভ হৈছে৷ এই ধাৰা এইবাৰ বিটিচিতো আৰম্ভ হ’ব৷ বিপিএফৰ নেতৃত্বত গঠন হোৱা বিটিচি চৰকাৰে অঞ্চলটোৰ জনসাধাৰণৰ আশা পূৰণ কৰাত ব্যর্থ হৈছে৷ বিটিচিত সকলো জনগোষ্ঠীৰ অধিকাৰ সুনিশ্চিত কৰাৰ বাবে বিটিচিত বিজেপিৰ চৰকাৰৰ প্রয়োজন আছে৷ –এই মন্তব্য অসম পর্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ৷ শুকুৰবাৰে বাক্সা জিলাৰ বাগানপাৰা পৰিষদীয় সমষ্টিৰ উত্তৰ বৰশিৰালত অনুষ্ঠিত নির্বাচনী সভাত এইদৰে মন্তব্য কৰে বৰুৱাই৷ মুনীন্দ্র কলিতা আৰু বিজয় বর্মনে আঁত ধৰা সভাখনত নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰে আদৰণী ভাষণ দিয়ে৷ বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ উদ্যোগত অনুষ্ঠিত নির্বাচনী সভাখনত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই বিটিচিত বিজেপিয়েহে এখন ভাল চৰকাৰ দিব পাৰিব বুলি মন্তব্য কৰি ৰাইজক বিজেপিক ভোট দিবলৈ আহ্বান জনায়৷ কণ্ঠশিল্পী সীমান্ত শেখৰ, বিদ্যাসাগৰ, অভিনেতা যতীন বৰা, বাগানপাৰা পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্রার্থী আৰতি বৰদলৈয়ে বক্তব্য আগবঢ়োৱা সভাখনত দুই সহস্রাধিক লোক উপস্থিত থাকে৷ সভাখনত কেইবাগৰাকী পুৰুষ–মহিলাই বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে৷

You might also like