ধিঙত আৰক্ষীৰ অভিযানত জব্দ আঠ কোটি টকাৰ ড্রাগ্ছ–ভাং
নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ মাৰাত্মক ড্রাগছৰ বিৰুদ্ধে ধিঙত আজি এটা সফল অভিযান চলায় নগাঁও আৰক্ষীয়ে৷ নগাঁৱৰ উপ–আৰক্ষী অধীক্ষক এল মোহন মিনাৰ নেতৃত্বত ধিঙৰ সোণাৰি গাঁৱৰ হাবিল আলীৰ ঘৰত চলোৱা অভিযানত বুজন পৰিমাণৰ ড্রাগছৰ লগতে গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী আৰক্ষীৰ দলটোৱে৷ অভিযানত দুই কিলোগ্রাম হেৰ’ইন, আফিং ৯.৭ গ্রামৰ লগতে ১ কুইণ্টল গাঞ্জা জব্দ হয়৷ জব্দ কৰা নিচাযুক্ত দ্রব্যখিনিৰ দাম প্রায় আঠ কোটি টকা হ’ব বুলি জনাইছে নগাঁও আৰক্ষীয়ে৷
উল্লেখ্য যে গোপন সূত্রৰ পম খেদি নগাঁও আৰক্ষীয়ে বিগত কেইবাদিন ধৰি চোকা নজৰ ৰাখিছিল ড্রাগছৰ সৰবৰাহ কৰা এই বৃহৎ চক্রটোৰ বিৰুদ্ধে ৷ তাৰেই ফলত ড্রাগছৰ এই বৃহৎ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী৷ এই অভিযানত মূল অভিযুক্ত হাবিল আলীৰ লগতে মফিদুল হক আৰু বাহাদুল আলম নামৰ তিনিজনক আটক কৰাৰ লগতে হাবিল আলীৰ ঘৰৰ পৰা আঠ লাখ টকা আৰু দুখন বিলাসী বাহনো জব্দ কৰিছে আৰক্ষীয়ে ৷ আনহাতে, ইয়াৰ পূর্বেও আৰক্ষীৰ জালত পৰিছিল এই ড্রাগছ সৰবৰাহকাৰী চক্রটো৷