নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বয়সৰ বাবে অনুজ্জ্বল হৈছে নেকি আপুনি? চাউলৰ মাজতে আছে ইয়াৰ সমাধান

নিয়মীয়া বাৰ্তা ৮ ডিচেম্বৰঃ  বয়সৰ বাবে ছালখনৰ উজ্জ্বলতা হেৰাই যায়। ইয়াৰ বাবে মানসিক অশান্তিত ভোগে বহু লোকে। কিন্তু ঘৰতে আছে ইয়াৰ সমাধান । সেইটো হৈছে চাউল। চাউলৰ পৰা বনোৱা ফেচপেকে আপোনাৰ ছালৰ উজ্জ্বলতা ঘূৰাই আনিব পাৰে।

জানো আহক টিপচকেইটাঃ

৩ চামুচ চাউল ১ চামুচ মৌ আৰু ১ চামুচ গৰম গাখীৰ গোটাই লওক। প্ৰথমে চাউল খিনি সিজাই লওক। সিজাৰ পিছত চাউলৰ মাৰখিনি পেলাই দিয়ক। ফেচপেকটো বনাবলৈ গৰম চাউল গৰম গাখীৰ আৰু মৌৰ সৈতে ভালদৰে মিহলি কৰক।

যেতিয়া সেইখিনি সমাগ্ৰী ঠাণ্ডা হৈ যাব তেতিয়া মুখমণ্ডলত লগাব পাৰিব। অলপ সময় থোৱাৰ পিছত যেতিয়া শুকাব তেতিয়া টনাৰ অথবা মইশ্চৰাইজাৰ ব্যৱহাৰ কৰিব।

এনেদৰে কেইবাদিনো কৰিলে মুখৰ হেৰুওৱা উজ্জ্বলতা ঘূৰি আহিব।

You might also like