নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ প্ৰথমটো ক’ৰোনা ভেকচিন ল’লে ৯০ বছৰীয়া আইতা মাৰ্গাৰেট কীননে

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ ক’ৰোনা নিধনৰ দিন যেন চমু চাপি আহিল। আজি ব্ৰিটেইনত বিশ্বৰ প্ৰথমটো সম্পূৰ্ণ বিকশিত ক’ৰোনা ভেকচিন প্ৰদান কৰা হ’ল এগৰাকী মহিলাক। ক’ৰোনা আক্ৰান্ত এই মহিলাগৰাকী হ’ল ব্ৰিটেইনৰ ৯০ বছৰীয়া বৃদ্ধা মাৰ্গাৰেট কীনন। ফাইজাৰ-বায়োএনটেকৰ দ্বাৰা প্ৰস্তুত কৰা এই ক’ৰোনা ভেকচিন লণ্ডনৰ এখন হাস্পতালত মহিলাগৰাকীক প্ৰদান কৰা হয়।

ইয়াৰ লগে লগে বিশ্বত প্ৰথমটো ক’ৰোনা ভেকচিন লোৱা মহিলা ৰূপে নামাংকিত কৰিলে কীননে। প্ৰথমটো ভেকচিন প্ৰদান কৰাৰ পিছতে ব্ৰিটেইনত আজিৰ পৰা ক’ৰোনাৰ টিকাকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হয়।

ক’ৰোনা টিকা গ্ৰহণ কৰাৰ পিছত মাৰ্গাৰেট কীননে তেওঁৰ অনুভৱ সম্পৰ্কে প্ৰকাশ কৰে এইদৰে- ‘ক’ৰোনা ভেকচিন লোৱা প্ৰথম মহিলা ৰূপে মই নিজকে পাই এগৰাকী সৌভাগ্যশালী মহিলা ৰূপে অনুভৱ কৰিছোঁ। মোৰ ৯১ বছৰীয়া জন্মদিনলৈ এসপ্তাহ বাকী থকা অৱস্থাত এয়া মোৰ বাবে এক উপহাৰ বুলি গণ্য কৰিছোঁ।’

উল্লেখ্য, চলিত মাহটোত ব্ৰিটেইনত ৪ লাখ লোকক ক’ৰোনা ভেকচিন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

You might also like