দিহিং–পাটকাই অভয়াৰণ্যৰ মাটিকালি পৰিবর্ধিত কৰি অসমৰ বর্ষাৰণ্য অঞ্চলক ৰাষ্ট্রীয় উদ্যানৰূপে সংৰক্ষিত কৰাৰ বাবে অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক উত্তৰ–পূব ভাৰতৰ পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী নেচার্ছ বেকনে উষ্ম আদৰণি জনাইছে৷ অসমৰ ২৩১.৬৫ বর্গ কিলোমিটাৰ বর্ষাৰণ্যক ৰাষ্ট্রীয় উদ্যানৰূপে ঘোষণা কৰাটো অসম তথা সমগ্র ভাৰতৰ প্রকৃতি সংৰক্ষণৰ ইতিহাসত এটা যুগান্তকাৰী ঘটনা৷ উল্লেখ্য যে নেচার্ছ বেকনে সর্বপ্রথম এই আপুৰুগীয়া বর্ষাৰণ্যক ভাৰত আৰু বিশ্বৰ সন্মুখত তুলি ধৰে আৰু ১৯৯৪ চনৰ পৰা বর্ষাৰণ্য সংৰক্ষণৰ বাবে দাবী উত্থাপন কৰি জনমত গঠন কৰিবলৈ আৰম্ভ কৰে৷ অসমৰ পৰিৱেশ সংৰক্ষণৰ ইতিহাসত এই আন্দোলন ‘অসমৰ বর্ষাৰণ্য সংৰক্ষণ আন্দোলন’ নামে বিখ্যাত৷
উল্লেখ্য যে ২০০৪ চনত বর্ষাৰণ্যৰ সামান্য অঞ্চলক সামৰি অভয়াৰণ্য গঠন কৰা হয় যদিও বর্ষাৰণ্যৰ সর্বাধিক উৎকৃষ্ট অঞ্চল জয়পুৰ বনাঞ্চলক সংৰক্ষণ অঞ্চলৰ বাহিৰত থোৱা হয় আৰু জয়পুৰ বর্ষাৰণ্যক ধ্বংস কৰি কয়লা আৰু খাৰুৱা তেল উত্তোলনৰ চেষ্টা অব্যাহত ৰাখে৷ জয়পুৰ বর্ষাৰণ্যক ধ্বংস কৰি মুনাফা লাভ কৰাৰ চেষ্টা কৰা ৰাজনৈতিক নেতা আৰু চৰকাৰী বিষয়াৰ ধ্বংসাত্মক কাম–কাজৰ কথা নেচার্ছ বেকনে দুই–চাৰি দিনৰ ভিতৰতেই ৰাইজৰ সন্মুখত উন্মোচিত কৰিব৷ কয়লা মাফিয়া আৰু কাঠৰ চোৰাং কাৰবাৰৰ লগতে কয়লা আৰু তেলৰ বাবে অসমৰ বর্ষাৰণ্য বিনষ্ট কৰিব খোজা কু–চক্রটোক প্রতিহত কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে জাতিৰ বাবে তথা প্রকৃতি সংৰক্ষণৰ স্বার্থত যি দৃষ্টান্ত স্থাপন কৰিলে, তাৰ বাবে সমগ্র অসমবাসী তেওঁৰ প্রতি কৃতজ্ঞ হৈ থাকিব৷ মুখ্যমন্ত্রী আৰু ভাৰতীয় জনতা পার্টীৰ সহযোগিতা অবিহনে পৃথিৱীৰ ভিতৰতে অন্যতম উৎকৃষ্ট বর্ষাৰণ্য ‘জয়পুৰ’ অঞ্চলক বচোৱাটো প্রায় অসম্ভৱ আছিল৷ এই সামগ্রিক সংৰক্ষণ প্রক্রিয়াৰ লগত যুক্ত বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা, অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতা, বিজেপিৰ মুখপাত্র পৱিত্র মার্ঘেৰিটা আৰু অসমৰ পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ নাম বিশেষভাৱে উল্লেখযোগ্য৷ অসমৰ বনমন্ত্রী পৰিমল শুক্লবৈদ্যৰ প্রতিও নেচার্ছ বেকনে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে৷ অসম বন বিভাগৰ শীর্ষ বিষয়া প্রধান মুখ্য বন সংৰক্ষক অৰবিন্দ মাধৱ সিঙৰ প্রতি নেচার্ছ বেকনে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে৷ এইজন শীর্ষ বন বিষয়াই অসমৰ বর্ষাৰণ্যক বচাবলৈ যৎপৰোনাস্তি প্রচেষ্টা অব্যাহত ৰাখিছিল৷ ডিব্রুগড় বন সংমণ্ডল প্রাধিকাৰী (ডিএফ’) আৰু পূর্বৰ ডিগবৈ বন সংমণ্ডল প্রাধিকাৰী (ডিএফ’) ক্রমে প্রদীপ্ত বৰুৱা আৰু আশীকুৰ ৰহমানৰ আন্তৰিক সহযোগিতাৰ কথা নেচার্ছ বেকনে শ্রদ্ধাৰে সুঁৱৰিছে৷ বর্তমান ডিগবৈ বন সংমণ্ডল প্রাধিকাৰী টি এছ ৰঞ্জিত ৰামৰ সহযোগিতাও নেচার্ছ বেকনে শ্রদ্ধাৰে সুঁৱৰিছে৷ ডিব্রুগড় আৰু ডিগবৈ বন সংমণ্ডলৰ সমূহ বনৰক্ষী আৰু কর্মচাৰীক নেচার্ছ বেকনে ধন্যবাদ জ্ঞাপন কৰিছে৷ বর্ষাৰণ্য সংৰক্ষণ আন্দোলনৰ লগত যুক্ত প্রত্যেকজন ব্যক্তি, সংগঠন, সাংবাদিক, বুদ্ধিজীৱী, নাট্যকাৰ, অভিনেতা, লেখক, ছাত্র–ছাত্রী, চিকিৎসক, সমাজসেৱক আৰু প্রকৃতিপ্রেমীক নেচার্ছ বেকনে কৃতজ্ঞতা জ্ঞাপন কৰিছে৷
উল্লেখ্য যে বর্ষাৰণ্যৰ জয়পুৰ অঞ্চলক অভয়াৰণ্য বা ৰাষ্ট্রীয় উদ্যানৰূপে সংৰক্ষিত কৰাটোৱে আছিল সকলোতকৈ ডাঙৰ প্রত্যাহ্বান৷ এই কামটো আমাৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কৰি দেখুৱালে আমি আশা কৰোঁ– পর্যায়ক্রমে আমাৰ অসমৰ বর্ষাৰণ্য সম্পূর্ণকৈ সংৰক্ষিত হ’ব৷ বর্ষাৰণ্য সংৰক্ষণৰ বাবে মুখ্যমন্ত্রীৰ অন্যতম উপদেষ্টা হূষীকেশ গোস্বামীৰ আন্তৰিক সহযোগিতা আৰু অসমৰ অৰণ্যৰ প্রতি গভীৰ ভালপোৱাৰ যি দৃষ্টান্ত তেওঁ দাঙি ধৰিলে, তাৰ প্রতি নেচার্ছ বেকনে আন্তৰিক শ্রদ্ধা জ্ঞাপন কৰিছে৷ জয়পুৰ বর্ষাৰণ্যক সংৰক্ষণ অঞ্চলৰ তথা ৰাষ্ট্রীয় উদ্যানৰ অন্তর্ভুক্ত কৰাৰ বাবে ক’ল ইণ্ডিয়া লিমিটেডে Coal India Limited) আৰু অইল ইণ্ডিয়া লিমিটেডে Oil India Limited) যি ধনাত্মক প্রকৃতি সংৰক্ষণৰ নিষ্ঠা প্রদর্শন কৰিলে, তাৰ বাবে নেচার্ছ বেকনে ক’ল ইণ্ডিয়া লিমিটেড আৰু অইল ইণ্ডিয়া লিমিটেডৰ সমূহ বিষয়ববীয়া আৰু কর্মচাৰীসকললৈ অভিনন্দন জ্ঞাপন কৰিছে৷
উল্লেখ্য যে অকল জয়পুৰ অঞ্চলতে বর্তমান ২০৬টা বনৰীয়া হাতীয়ে বসবাস কৰি আছে৷ এই অঞ্চল হলৌ বান্দৰৰ উৎকৃষ্ট বাসস্থান৷ এই অঞ্চলত বনৰীয়া মেকুৰী প্রজাতিৰ প্রাধান্য সর্বাধিক, বনৰীয়া চৰাইৰ বাবেও এই অঞ্চল সমৃদ্ধ৷ সুখৰ কথা হ’ল, বর্তমান এই অঞ্চল দিহিং–পাটকাই ৰাষ্ট্রীয় উদ্যানৰূপে সংৰক্ষিত৷ ইয়াত পোৱা কেইটামান উল্লেখযোগ্য বন্যপ্রাণী হ’ল– হলৌ Hoolock Gibbon), লাজুকী বান্দৰ Slow Loris), হাতী Elephant), গৌৰ Gaur), ঢেঁকীয়াপতীয়া বাঘ Tiger), নাহৰফুটুকী Leopard), গোধাফুটুকী Clouded Leopard), সোণালী মেকুৰী Golden Cat), মাছুৱা মেকুৰী Fishing Cat), সৰু গোধা Marble Cat), শৰপহু Sambar), খুটীয়া পহু Hog Deer), মাটি ভালুক Sloth Bear), বিণ্টুৰং Binturong), বুটিয়া জিনাৰ Spotted Linsang), মুকুট পিন্ধা চৰাই Suttan tit), মইনা Hill Myna), পৰঘুমা Green Imperial Pigeon), পর্বতীয়া শেন ঈগল Mountain Hawk Eagle), পকৈঢোঁৰা Oriental Pied Hornbill), ৰাজধনেশ Gerat Hornbill), দেওহাঁহ White-winged Duck), সোণ গুঁই Yellow Monitor), অজগৰ Burmese Pylhon) আদি৷
জয়পুৰ বর্ষাৰণ্যক বচোৱাৰ বাবে বৃহত্তৰ জয়পুৰ অঞ্চলৰ গাঁওবাসীয়ে যি নিষ্ঠা আৰু কর্তব্য প্রদর্শন কৰি আহিছে, সেই কথা অসমৰ পৰিৱেশ আন্দোলনৰ ইতিহাসত দৃষ্টান্ত হৈ ৰ’ব৷
নেচার্ছ বেকনৰ অনুসন্ধান আৰু তথ্য মতে, দিহিং–পাটকাই ৰাষ্ট্রীয় উদ্যানত ৪৫ প্রজাতিৰ স্তন্যপায়ী বন্যপ্রাণী, ৩০০ প্রজাতিতকৈও অধিক বনৰীয়া চৰাই, ২৫ প্রজাতিৰ উভচৰ আৰু সৰীসৃপ, ২০৫ প্রজাতিৰ পোক–পতংগ, ৩৫ প্রজাতিৰ বনৰীয়া মাছ, ১৬০ প্রজাতিৰ গছ–গছনি নথিভুক্ত কৰা হৈছে৷ ভৱিষ্যতে যে এই সংখ্যা বৃদ্ধি পাব, তাত কোনো সন্দেহ নাই৷ দিহিং–পাটকাই ৰাষ্ট্রীয় উদ্যানৰ ঘোষণাই সমগ্র উজনি অসমত প্রকৃতিভিত্তিক পর্যটনৰ বিশাল সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিলে৷ এতিয়া যিমান সোনকালে সম্ভৱ, এই ৰাষ্ট্রীয় উদ্যানৰ আন্তঃগাঁথনি শক্তিশালী ৰূপে গঢ়ি তোলাৰ বাবে নেচার্ছ বেকনে চৰকাৰৰ প্রতি অনুৰোধ জনাইছে৷
অসমৰ বর্ষাৰণ্য সংৰক্ষণ আন্দোলনৰ লগত যুক্ত আৰু দিহিং–পাটকাই বন্যপ্রাণী অঞ্চলৰ মাটিকালি বৃদ্ধিৰ বাবে যিসমূহ সংগঠন আৰু ব্যক্তিয়ে প্রত্যক্ষভাৱে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক অনুৰোধ জনাইছিল, তেওঁলোকৰ প্রতি নেচার্ছ বেকনে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে৷ এইসকলৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য ব্যক্তিসকল হ’ল– বিশিষ্ট লেখক হোমেন বৰগোহাঞি, ঔপন্যাসিক অনুৰাধা শর্মা পূজাৰী, বিজ্ঞান লেখক ড০ পৰমা মহন্ত, প্রাক্তন মুখ্য বন সংৰক্ষক ইন্দ্রজিৎ দত্ত, শিক্ষাবিদ ড০ জগদিন্দ্র ৰায়চৌধুৰী, অভিনেতা তপন দাস, বর্ণালী পূজাৰী, কপিল বৰা, অৰুণ নাথ, দেৱজিৎ মজুমদাৰ, চিত্র পৰিচালক দিগন্ত মজুমদাৰ, চিত্রশিল্পী দাদুল চলিহা, ৰবীন বৰ, অল ইণ্ডিয়া ৰেডি’ৰ লোহিত ডেকা, শিক্ষাবিদ ড০ ভাৰতী দত্ত, ড০ ভাৰত কলিতা, সাহিত্যিক বিপুল দেউৰী, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশী, বিশিষ্ট চিকিৎসক ডাঃ নাৰায়ণ উপাধ্যায়, ডাঃ শান্তনু লহকৰ, বিশিষ্ট কবি–চিকিৎসক ডাঃ প্রণয় ফুকন, সাংবাদিক নৱ ঠাকুৰীয়া, সম্পাদক ৰূপম বৰুৱা, বিশিষ্ট সমাজসেৱক অজয় দত্ত, সাংবাদিক ৰণ দুৱৰা, সাংবাদিক অজিত পাটোৱাৰী, শিক্ষাবিদ ড০ বলেন দাস, সমাজসেৱক তথা অসম নির্মাণ লিমিটেডৰ প্রণৱ কুমাৰ বৰা, কবি পংকজ গোৱিন্দ মেধি, কাজিৰঙা ফাউণ্ডেচনৰ ভাস্কৰ বৰুৱা আদিৰ নাম বিশেষভাৱে উল্লেখযোগ্য৷ অসমৰ অসংখ্য জনসাধাৰণ, সাংবাদিক, চিত্রশিল্পী, ইলেকট্রনিক মিডিয়াৰ সাংবাদিক, যিসকলে অসমৰ বর্ষাৰণ্য সংৰক্ষণ আন্দোলনত প্রথমৰ পৰা সহযোগিতা কৰি আহিছে, তেওঁলোকৰ প্রত্যেকলৈ নেচার্ছ বেকনে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে৷ আজি প্রায় ২৫ বছৰ পিছত নেচার্ছ বেকনৰ অন্যতম লক্ষ্য পূৰণ হ’ল জয়পুৰ বর্ষাৰণ্য ৰাষ্ট্রীয় উদ্যানৰূপে সংৰক্ষিত হ’ল, তাৰ বাবে নেচার্ছ বেকনে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু চৰকাৰখনৰ লগতে প্রত্যেকজন বর্ষাৰণ্যপ্রেমী শুভাকাংক্ষী আৰু সমর্থকৰ প্রতি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে৷