বেড ৰুমৰ শান্তি ধ্বংস কৰিছে মহামাৰী কৰোনাই
নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ সুস্থ জীৱনৰ বাবে অপিৰহাৰ্য হৈছে সুস্থ স্বাস্থ্য। আনহাতে সুস্থ স্বাস্থ্যৰ ওপৰত নিৰ্ভৰশীল মানুহৰ যৌন জীৱন। কিন্তু কোভিডৰ আৱিৰ্ভাৱৰ পিছৰে পৰা মানুহৰ স্বাস্থ্যৰ লগতে প্ৰভাৱিত হৈছে যৌন জীৱনো। সংক্ৰামক ৰোগ বিশেষজ্ঞ ড. ডেনা গ্ৰেসনে কোভিডৰ ওপৰত শেহতীয়াকৈ গৱেষণা কৰি কিছু তথ্য প্ৰকাশ কৰিছে। এই তথ্য মতে কোভিডত আক্ৰান্ত বহু পুৰুষ বা মহিলা স্বাস্থ্য জনিত দুৰ্বলতাৰ চিকাৰ হোৱা দেখা যায়। শৰীৰৰ অন্য দিশৰ লগতে যৌনতাৰ দিশতো প্ৰভাৱিত হয় এই দুৰ্বলতা। বিশেষকৈ অধ্যয়ন মতে কোভিডত আক্ৰান্ত হোৱা পুৰুষসকল শীঘ্ৰ পতনৰ সমস্যাত ভোগে।
ইতিমধ্যে চিকিৎসকলে জানিবলৈ দিছে যে কোভিড আক্ৰান্ত হোৱা সকলৰ শৰীৰত স্থায়ী ক্ষতি হয়। বিশেষকৈ হাওঁফাও আৰু মগজুত ইয়াৰ মৰাত্মক প্ৰভাৱ পৰে।এনে এক প্ৰভাৱেই শীঘ্ৰ পতনৰ মূল কাৰক। কিন্তু ইয়াৰ বাবে যদিহে পূৰ্বৰ কোনো সমস্যা নাথাকে তেন্তে শাৰীৰিক সুস্থতা ঘূৰাই পোৱাৰ পিছত এই সমস্যাৰ পৰা মুক্ত হ’ব পৰা যায়। গতিকে তেনে সমস্যাত ভোগা পুৰুষে মান