জোনাই বেৰা চাপৰিত মিচিং স্বায়ত্ত শাসিত পৰিষদৰ ১ কোটি টকা পুঁজিৰ মথাউৰি কামৰ শুভ উদ্বোধন
নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ: দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত অৱশেষত বানক্ৰান্ত ৰাইজৰ বাবে মুকলি কৰিব বেৰাচাৰিৰ মথাউৰি৷ মথাউৰি অভাৱত বছৰ বছৰ ধৰি বানপানী য়ে ভয়াবহ ৰূপধাৰন কৰি অহা ১৫ ফুট উচ্চতা আৰু ২০ বহল মথাউৰিটো নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে লগে অঞ্চলটোৰ বান প্ৰতিৰোধ ক্ষমতা সম্ভৱ কৰি তুলিব ৰাইজৰ দীৰ্ঘদিনীয়া দাবী অনন্ত ১ কোটি টকা ব্যয় সপেক্ষে মিছিং স্বায়ত্বশাসিত পৰিষদৰ ২০২০-২১ বৰ্ষৰ আৱন্টিত পূজিৰে নিৰ্মাণ হোৱা মঠাউৰি নিৰ্মান কাৰ্য শুভ উদ্ধোধন কৰে৷
মিচিং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়া, লক্ষীমপুৰ সাংসদ প্ৰদান বৰুৱা,জোনাই বিধায়ক ভূৱন পেগু, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু মেদক, বেৰাচাপৰি অঞ্চলৰ জ্যেষ্ঠ নাগৰিক বাবুলি শইকীয়াই সমূহীয়া বাবে ১ কোটি টকিৰ মঠাউৰি শুভ উদ্বোধন কৰে৷
আজিৰ শুভ উদ্ধোধনৰ সভাত সন্মিলিত গনশক্তি অসমৰ জোনাই ব্লক সমিতিৰ সম্পাদক অচ্যুত দলেয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই কয় যে অসম চৰকাৰে বেৰাচাপৰিৰ বান আৰু গৰাখহনীয়া সমস্যা প্ৰতিৰোধ কৰিবলৈ , মাৰ্চ মাহত ৰূপায়ণ কৰিবলৈ ১২ কোটি টকাৰ আঁচনি প্ৰস্তুত কৰি থৈছে যদিও বান সমস্যাৰ কথা বুজি ঢুকি পাই ৰৈ নাথাকি এই তৎকালীন আঁচনি Blind Dam across Offshoot গ্ৰহণ কৰা হৈছে বুলি ৰাইজৰ আগত কয় ৷ এই আঁচনিৰ যোগেদি এই অঞ্চলত থকা প্ৰায় তিনিখন গাওঁ পঞ্চায়তবাসী ৰাইজৰ বাবে খুবেই উপকৃত হ’ব বুলি উল্লেখ কৰে ৷ লগতে তেওঁ উল্লেখ কৰে যে বেৰাচাপৰিৰ বান আৰু গৰাখহনীয়া সমস্যা সমাধানৰ বাবে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ আৰু দেউৰী স্বায়ত্তশাসিত পৰিষদৰপৰা ক্ৰমে ২৫ লাখ আৰু ৫ লাখ টকাৰ আঁচনি আৱণ্টন কৰিব ৷ লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱাই কয় যে জোনাই বিধান সভাৰ বিধায়ক প্ৰমুখ্যে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু অন্যান্য কাৰ্যবাহী সদস্য-সদস্যাৰ লগত মিলিজুলি লালী নদীয়ে সৃষ্টি কৰা বান আৰু গৰাখহনীয়া সমস্যা সমাধান কৰাৰ বাবে আপ্ৰাণ চেষ্টা কৰি আজিৰ এই আঁচনিৰ শুভ উদ্বোধন কৰিছোঁ বুলি বক্তব্য প্ৰকাশ কৰে ৷ লগতে জোনাই বিধান সভাৰ বিধায়ক ভূৱন পেগুৱে কয় যে ৰাইজৰ অভাৱ অভিযোগসমূহ বুজি পাওঁ বান সমস্যাৰ কথা বুজি পাওঁ আৰু ৰাইজৰ হৈ কাম কৰি আহিছোঁ কাৰণেই এই আঁচনিৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ লগতে লখিমপুৰ লোক সভাৰ সাংসদৰ লগত আলোচনা কৰি এই তৎকালীন আঁচনি ৰূপায়ণ কৰিব লৈছোঁ বুলি কয় ৷ লগতে তেওঁ কয় যে এই আঁচনিৰ উপৰিও বেৰাচাপৰিৰ বান আৰু গৰাখহনীয়াৰ সমস্যা সমাধান কৰিবৰ বাবে আৰু অন্য এটা ৪৫ লাখ টকাৰ আঁচনিও গ্ৰহণ কৰা হৈছে ৰাইজক জানিব দিয়ে ৷
ইতিমধ্যে জলসম্পদ বিভাগে ১২ কোটি টকাৰ মথাউৰিৰ নিৰ্মান প্ৰক্ৰিয়া অব্যাহত আছে৷ আজিৰ আধাৰশিলা স্থাপনৰ পিছতে বেৰাচাপৰিত চিয়াং নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগৰ দ্বাৰা ৰূপায়ণ কৰি থকা ২.১৫ কোটি টকীয়া পকী পৰ্কিউপাইন আঁচনিৰ কাম আজি পৰিদৰ্শন কৰে৷ অতি পৰিতাপৰ বিষয় যে জলসম্পদ বিভাগে চৰকাৰৰ মৌখিক কথাত বাৰিষাৰ মাজতে ২.১৫ কোটি টকা পাৰ্কপাইন আৰু বাহৰ স্কিৰ্নৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতো চৰকাৰৰ ফালৰ পৰা অনোমোদন হৱা নাই বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে জোনাইৰ বেৰাচাপৰিত হোৱা বানপানী গৰাখহনীয়াই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে৷ প্ৰতিবছৰতে জোনাইৰ বেৰাচাপৰিত অঞ্চলত বান আৰু গৰাখহনীয়া কৱলত পৰি চিয়াঙৰ বুকুত জাহ গৈছে কেবাখনো গাঁওৰঘৰ বাৰী আৰু শ শ হেক্টৰ কৃষিভূমি৷ গৰাখহনীয়াত শ শ পৰিয়ালৰ নিজ হেপাহৰ ঘৰ-বাৰী শ শ কৃষিভূমিৰ চিয়াঙৰ বুকুত জলাজঞ্জলি দি সৰ্বশ্ৰান্ত হৈ কটাবলগীয়া হৈছে গৃহহীন জীৱন৷ এই বছৰ বেৰাচাপৰি অঞ্চলত হোবা প্ৰৱল বানপানীয়ে সকলো তচনচ কৰি দিলে৷
আজিৰ শুভাৰম্ভ অনুষ্ঠানত জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা সমীৰণ ডেকা, অতিৰিক্ত কাৰ্যবাহী অভিযন্তা জৱাহৰলাল ৰয়কাৰ্যবাহী, জোনাই মহকুমা ধিপতি জিমলি শইকীয়া, চক্ৰবিষয়া (সংলগ্ন) নেকিৱ চৈয়দ বৰুৱা, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী,ৰাতিৰাম বসুমতাৰী, জিলা পৰিষদৰ সদস্য অতুল পেগু, ভৱানী দুৱৰা, দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ সদস্য হেমন্ত দেউৰী, সোনোৱাল কছাৰী স্বায়ত্ব পৰিষদীয় সদস্য বিজয় শইকীয়া, ধেমাজি জিলা আই টি চেলৰ পাৰ্থ ছেত্ৰী, পূৱ জোনাই মণ্ডল বিজেপি সভাপতি আদিত্য বৰুৱা, জোনাই মণ্ডল যুৱ মৰ্চাৰ সভাপতি প্ৰনৱ টায়ে, টি এম পি কেৰ।জোনাই জিলা সমিতিৰ সম্পাদক বিধান মিলি, উপসভাপতি সঞ্জয় কুম্বাঙৰ লগতে আঞ্চলটোৰ ৰাইজ উপস্থিত থাকে৷