নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁও তিৱা পৰিষদ নিৰ্বাচনৰ প্ৰচাৰ তুংগত; বিধায়িকা আঙুৰলতা ডেকাৰ ব্যতিক্ৰমী প্ৰচাৰ অভিযান

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ: বি টি আৰ নিৰ্বাচনৰ পিছত এতিয়া ৰাজনীতিৰ সলনি হৈছে মধ্য অসমলৈও। অহা ১৭ ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হ’বলগীয়া তিৱা স্বায়ত্ব শাসিত পৰিসদৰ নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে বি জে পি, কংগ্ৰেছ, অগপ, তিৱা জাতীয় ঐক্য মঞ্চ ,আপ প্ৰমুখ্যে প্ৰায় কেইটা ৰাজনৈতিক দলে। কিন্তু প্রচাৰ ৰ ক্ষেত্ৰত সকলোতকৈ আছে ভাৰতীয় জনতা পাৰ্টী। মধ্য অসমত নিৰ্বাচনী প্ৰচাৰত নেতৃত্ব লৈছে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুছ হাজৰিকা, আৰু মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে।

আজি মৰিগাঁৱৰ টেটেলিয়া , ঢেঁকিফলাত মোহময়ী অভিনেত্ৰী আইমী বৰুৱা ই বি জে পি প্ৰাৰ্থী খগেন বৰদলৈৰ হৈ প্ৰচাৰ চলাই। উল্লেখ্য উক্ত সভাত সাংসদ ভুৱনেশ্বৰ কলিতাই প্ৰচাৰ অভিযানত অংশ লয়। আনহাতে বিধায়িকা আঙুৰলতাই ভোৰবন্ধা, চল মাৰি, চহৰিত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে।

You might also like