জোনাই জিলা ট্ৰাইবেল সংঘৰ তৃতীয় ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশনৰ সম্পন্ন
নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ: সদৌ অসম ট্ৰাইবেল সংঘৰ জোনাই জিলা সমিতিৰ তৃতীয় ত্ৰিবাৰ্ষিক অধিবেশনখনি আজি লেকু জেলম দক্ষতা বিকাশ কেন্দ্ৰত অনুষ্ঠিত কৰা হয়।
সদৌ অসম ট্ৰাইবেল সংঘ , জোনাই জিলা সমিতিৰ তৃতীয় ত্ৰিবাৰ্ষিক অধিৱেশনৰ প্ৰথম কাৰ্যসূচী হিচাপে পুৱা ৭.০০ বজাত প্ৰতিনিধি পঞ্জীয়নৰ পিছতে পুৱা ৪.০০ বজাত জোনাই জিলা ট্ৰাইবেল সংঘৰ সভাপতি অজিত ৰেগনৰ লগতে পোন্ধৰখন প্ৰাথমিক সমিতিৰ সভাপতি সম্পাদকে পতাকা উত্তোলন কৰে ৷ ইয়াৰ পিছতে প্ৰতিনিধি কক্ষ শুভ উদ্বোধন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি নৰেশ কুম্বাঙে ৷
সদৌ অসম ট্ৰাইবেল সংঘৰ উপসভাপতি নন্দেশ্বৰ ৰেগনে প্ৰতিনিধি সভা উদ্বোধন কৰি কয় যে ১৯৩৩ চনতে গঠন কৰা “ট্ৰাইবেল লীগ”ৰ নামেই হ’ল আজিৰ “সদৌ অসম ট্ৰাইবেল সংঘ ৷” উদ্বোধনী ভাষণ প্ৰসংগত তেখেতে কয় যে ১৯৫১ চনৰ পৰা জনজাতিসকলৰ ৰাজনৈতিক সমস্যা , অৰ্থনৈতিক সমস্যা , সমাজিক সমস্যা সমাধানৰ লগতে জনজাতিসকলৰ বেল্ট এণ্ড ব্লক হিচাপে ভূমি সংৰক্ষণৰ বাবে সদৌ অসম ট্ৰাইবেল সংঘই মাত আহিছে বুলি বক্তব্য প্ৰকাশ কৰে ৷ দুপৰীয়া ১.৪৫ বজাত অধিবেশন উপলক্ষে অভ্যৰ্থনা সমিতিয়ে প্ৰকাশ কৰা কৰবী দলেয়ে সম্পাদনা কৰা “ট্ৰাইবেল ভইছ্ অফ জোনাই ” নামৰ স্মৃতি গ্ৰন্থখনৰ উন্মোচন কৰে বড়ো সহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ভূমিধৰ বড়োৱে৷
সদৌ অসম ট্ৰাইবেল সংঘ , জোনাই জিলা সমিতিৰ সভাপতি অজিত ৰেগনে সভাপতিত্ব কৰা প্ৰতিনিধি সভাত সাধাৰণ সম্পাদক পদ্মেশ্বৰ দলেয়ে জিলা সমিতিৰ ন-পুৰণি কাৰ্যনিৰ্বাহক সদস্যৰ লগতে পোন্ধৰখন প্ৰাথমিক সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য সকলৰ চিনাকি পৰ্ব অনুষ্ঠান সমাপন কৰে ৷
সম্পদকীয় প্ৰতিবেদন পাঠ কাৰ্যসূচীত সাধাৰণ সম্পাদক পদ্মেশ্বৰ দলেয়ে প্ৰায় ২০ পৃষ্ঠা জোৰা সম্পাদকীয় প্ৰতিবেদন পাঠ কৰি সদনক শুনোৱাই ৷
বিভিন্ন দিনত বিভিন্ন চৰকাৰী বিভাগত আৱেদন নিৱেদনৰ জৰিয়তে সম্পাদনা কৰা কাৰ্যসূচীসমূহৰ সম্পাদকীয় প্ৰতিবেদনখনি শুনি প্ৰতিনিধি সভাৰ প্ৰতিনিধি বৰ্গই বৰকৈ সন্তোষ প্ৰকাশ কৰে বুলি জানিব দিয়ে ৷
উল্লেখ্য যে জোনাই জিলা ট্ৰাইবেল সংঘৰ তৃতীয় ত্ৰি-বাৰ্ষিক সাধাৰণ অধিৱেশনত উপস্থিত সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক-প্ৰধান আদিত্য খাকলাৰীক মিচিং গুমৰাগ নৃত্যৰে অতি জাকজমকতাৰে প্ৰতিনিধি কক্ষলৈ আদৰণি জনোৱা হয় ৷ জোনাই মহকুমাৰ লেকু-জেলম দক্ষতা বিকাশ কেন্দ্ৰত অতি শান্তিপূৰ্ণভাৱে অনুষ্ঠিত অজিত ৰেগনে সভাপতিত্ব কৰা জোনাই জিলা ট্ৰাইবেল সংঘৰ তৃতীয় ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশনৰ প্ৰায় তিনিশতাধিক প্ৰতিনিধি উপস্থিত থকা আলোচনা চক্ৰত সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান আদিত্য খাকলাৰীৰ ছয়জনগোষ্ঠী জনজাতিকৰণ চৰকাৰৰ ৰাজনৈতিক ষড়যন্ত্ৰ নিহত হৈ আছে ৷ চৰকাৰে ছয় জনগোষ্ঠী প্ৰদানত প্ৰকৃত জনজাতীসকলক সম্পূৰ্ণ ৰূপে ধ্বংস কৰাৰ এটা পৰিকল্পনা চৰকাৰৰ নিহিত হৈ আছে শৈক্ষিক, সামাজিক, অৰ্থনৈতিকভাবে আৰু ৰাজনৈতিক ভাবে বহু গুণে আগবাঢ়া সংখ্যাদিক্ষ জনগোষ্ঠী বিলাকক জনজাতি প্ৰদান কৰিলে বৰ্তমান বিশেষকৈ জনজাতি সকল ক্ষেত্ৰতে পুণৰ বঞ্চনাৰ সন্মূখীন হব৷ যদি ছয় জনগোষ্ঠী চৰকাৰে প্ৰদান কৰে তেন্তে জনজাতি সকলৰ স্বায়ত্ব শাসিত গঠন কৰাৰ কোনো অৰ্থই নাথাকিব৷ নিজকে উচ্চ বংশৰ বা বৰমূৰীয়া বুলি ভবা এচাম লোকে জনজাতি সকলৰ অধিকাৰ খৰ্ব কৰি ইঞ্জিনিয়াৰিং কলেজৰ ৯০ শতাংশ পদ কাঢ়ি ল’লে ৷ কটন কলেজৰ অধিকাংশ পদ জব্দ কৰিলে ৷ আৰু বহুতো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমিত হস্তক্ষেপ কৰিলে বুলি বক্তব্য দিয়ে ৷ নিজকে বৰমূৰীয়া বুলি ভবাসকলে থকালৈকে জনজাতিসকলে কেতিয়াও উত্থান হ’ব নোৱাৰে আৰু উচ্চ পদত চাকৰি পাব নোৱাৰিব বুলি তেখেতে উদাত্ত ভাষণ প্ৰসংগত উল্লেখ কৰে ৷ তেখেতৰ মতে ৫২৫ টা জনজাতি গাঁৱৰ মানুহে আজিও পঞ্চায়তৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ অধিকাৰ পোৱা নাই ৷ গতিকে জনজাতি সকলে ৰাজনৈতিকভাৱে একত্ৰিত হ’বই লাগিব বুলি কৈ বক্তব্য সামৰে ৷
আলোচনা চক্ৰত অংশ গ্ৰহণ কৰি নতুনকৈ গঠন কৰা ৰাজনৈতিক দল “অসম ভূমিপুত্ৰ মঞ্চ”ৰ সাধাৰণ সম্পাদক ৰিমল আমচিয়ে কয় যে জনজাতি সকলৰ প্ৰধান সমস্যা হৈছে ভূমি অধিকাৰৰ সমস্যা যিটো সমস্যা আজিলৈকে সমাধান নহ’ল বুলি দোহাৰে ৷ বৰঞ্চ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটিও সকলোৱে কিনিব পাৰিব বুলি পদক্ষেপ লোৱাহে দেখা গৈছে ৷ মিচিং বাঃনৗ কৗবাঙৰ সাধাৰণ সম্পাদক ৰাজু মেদকে কয় যে ট্ৰাইবেল বেল্টএণ্ড ব্লকটো নামতহে আছে কামত নাই গতিকে জনজাতি ছাত্ৰ সংগঠন বিলাকে অতি তৎপৰতাৰে ৰক্ষণাবেক্ষণ দিবলৈ আহ্বান জনাই বক্তব্য সামৰে ৷ সদৌ অসম ট্ৰাইবেল সংঘৰ কেন্দ্ৰীয় সভাপতি মিলন সোণোৱালে কয় যে বড়ো ভাষাৰ দৰে আদৰ্শৱান ভাষাক চৰকাৰে হেঁচা প্ৰয়োগ কৰি মষিমূৰ কৰিব বিচাৰে ৷ স্বাধীনতাৰ পাছত এটা দশকৰ ভিতৰতে সাংবিধানিক স্বীকৃতি লাভ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা লাভ কৰা বড়ো ভাষাক চৰকাৰে ৰক্ষণাবেক্ষণ দিব নিবিচাৰে ৷ তাৰোপৰি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আহিলেই বৰ মূৰীয়াসকলে সকলো মানুহে মাটি কিনা-বেচা কৰিব পাৰিব বুলি মত প্ৰকাশ কৰিব বিচাৰে ৷ যাই নহওক বড়ো ভাষাৰ দৰে স্বীকৃতি পাবলৈ অন্যান্য জনজাতিসকলেও চেষ্টা কৰা উচিত বুলি তেখেতে কয় ৷ তেখেতে তথাকথিত সমন্বয় নালাগে পৰম্পৰা সমন্বয়হে লাগে বুলি উল্লেখ কৰে ৷ জনজাতিসকলক পশ্চিমীয়া অপসংস্কৃতিয়ে গ্ৰাস কৰিব বিচাৰিছে বুলি আক্ষেপেৰে কয় যে সেই অপসংস্কৃতিক কোনোপধ্যেই আশ্ৰয় দিব নালাগে বুলি মন্তব্য ৰাখে ৷আলোচনা চক্ৰখনত “জোনাই মহকুমাৰ ইতিহাস আৰু ইয়াৰ ভূমি সমস্যাৰ সমাধান” বিষয়ত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে মিচিং বাঃনে কৌবাঙৰ সাধাৰণ সম্পাদক ৰাজু মেদক, টি এম পি কেৰ সভাপতি ৰাজকুমাৰ , সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান আদিত্য খাকলাৰী , সম্পাদক ধীৰেণ ইংতি , মিচিং বাঃনৗ কৗবাঙৰ সাধাৰণ সম্পাদক ৰাজু মেদক , অসম ভূমিপুত্ৰ মঞ্চ”ৰ সাধাৰণ সম্পাদক ৰিমল আমচিকে আদি কৰি অনুষ্ঠানত টিএমপিকেৰ জোনাই জিলা সমিতি,ধেমাজি জিলাএবছু,ধেমাজি জিলা হাজং ছাত্ৰ সন্থা,ধেমাজি জিলা দেউৰী ছাত্ৰ সন্থা, ধেমাজি জিলা ৰাভা ছাত্ৰ সন্থা,ধেমাজি জিলা সোনোৱাল কছাৰী ছাত্ৰ সন্থা,ধেমাজি জিলা তিৱা ছাত্ৰ সন্থা,ধেমাজি জিলা মেচ কছাৰী ছাত্ৰ সন্থা,ধেমাজি জিলা ঠেঙাল কছাৰী ছাত্ৰ সন্থা, ধেমাজি জিলা আবৌফ,জোনাই জিলা টিএমএমকে, জোনাই জিলা এমএমকেৰ সভাপতি আৰু সাধাৰণ সম্পাদক লগতে Tirap Autonomous District Council Demand Committee – ৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে মুংদাং গাম চিংফৌ আৰু নকল চিংফৌ অংশগ্ৰহণ কৰে৷ আজিৰ আলোচনা চক্ৰৰ উদ্বোধক টি এম পি কে – ৰ সভাপতি ৰাজকুমাৰ মৰাঙে উদ্বোধনী ভাষণ দি কয় যে ১৯৩৩ চনত নগাঁৱৰ ৰহাত Assam Plains Tribal League গঠন হোৱাৰে পৰা জনজাতি সকলে বাৰে বাৰে লাঞ্ছিত বঞ্চিত হৈ আহিছে ৷ বৰ্তমানৰ চৰকাৰেও জনজাতিসকলক মষিমূৰ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰি আছে , গতিকে বড়ো , মিচিং , সোণোৱাল , দেউৰী বুলি ভাগ ভাগকৈ ভাবনা ভাবি নাথাকি এক জনজাতি এক মন-প্ৰাণ বুলি সংগ্ৰাম কৰি থাকিলেহে মানুহ হিচাপে জীয়াই থাকিব পাৰিব বুলি বক্তব্য আগবঢ়ায় ৷
আজিৰ সভাই জোনাই জিলা ট্ৰাইবেল সংঘৰ নতুন কমিটিত চাৰিজন উপসভাপতি আৰু চাৰিজন সহ সম্পাদকেৰে মুঠ ৪৫ জন সদস্যৰে নতুনকৈ গঠন কৰা সমিতিৰ সভাপতি হিচাপে অজিত ৰেগনক আৰু সাধাৰণ সম্পাদক হিচাপে পদ্মেশ্বৰ দলে দুয়োকে পুনৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছে ৷ আজি শান্তিপূৰ্ণভাৱে সমাপ্ত হোৱা জোনাই জিলা ট্ৰাইবেল সংঘৰ তৃতীয় ত্ৰি-বাৰ্ষিক অধিৱেশনত নতুনকৈ গঠন কৰা সমিতিয়ে সৰ্বসন্মতিক্ৰমে সকলো জনজাতিৰ কল্যাণাৰ্থে কাৰ্যকৰী হোৱাকৈ জোনাইৰ বিভিন্ন জনজাতীয় সমস্যা সমাধান কৰাৰ বাবে প্ৰায় ২০ টা প্ৰস্তাৱ গ্ৰহণ কৰে ৷ আজিৰ অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই ট্ৰাইবেল সংঘৰ উপ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে৷ লগতে অৱসৰ প্ৰাপ্ত শিক্ষক বিৰেন্দ্ৰ কুমাৰ বহ্মই দেশ প্ৰেম মূলক এটি গীতৰে সমৰণি কৰে আজিৰ জোনাই জিলা ট্ৰাইবেল সংঘৰ অধিবেশন৷